মৃত্যু

শ্মশানৰ উৰুলিটো কাণত আহি পৰিলে
আন্ধাৰে নিজান কৰা এটা সাগৰীয় দ্বীপলৈ গুচি যাওঁ
আত্মাৰ খোৱা-কামোৰা সমুখত
নিজকে নিশেষ কৰিব নোৱৰা অসহনীয় যাতনা
জী থকাটো মাথোন এটা প্ৰাচীন অভিশাপ ৷

মৰণ সহজ নহয়
ঘূৰণীয়া সূত্ৰত ঘূৰে উশাহ
সেই মৃত্যুত একাকাৰ হ'ব খোজো
য'ত সপোনৰ বিলাস নিৰ্জীৱ ধূলি হয় ৷



এজনি মানুহ হেৰাই গ'লে

      এজনি মানুহ হেৰাই গ'লে
      ভেঁটিৰ ৰং সলনি হয়
      থৰক বৰক কৰে খুটাবোৰ
      গৰ্ভোষ্ণ অনুভূত উশাহ
      কাতৰতাত মৌন হয় ৷

     এজনি মানুহ হেৰাই গ'লে
     অংকুৰণৰ পথাৰত নিজান নামে
     ফুল বুটলিব নোৱৰা হয় সঞ্জীৱনীৰ চোতালত
     কুমলতাৰ পৰা পৰিপক্ক হোৱা প্ৰেমিক হাতবোৰ ৷



দূৰত্ব

তোমাৰ উচ্চতাখিনি ভাল নালাগে

হে মৃত্যু

চুঙাই চুঙাই শূণ্যতা পিও
তোমাৰ সমান হ'ব নোৱাৰিছো ৷

No comments

এটি লপা সেংবাদিক আও এটি চাউল চো' এজেন্ট্

( মৰাণ সকলৰ কথিত ভাষাত এক ক্ষুদ্ৰ প্ৰয়াস ) -ইঔ গেদেং খালৈ ! মবিয়লটোকো বাওকে ধয়িব নেজান'! দে দে তই এ মাইক কেটা ধ' হ' ৷ কেমেয়া ময়...

Powered by Blogger.