এটি লপা সেংবাদিক আও এটি চাউল চো' এজেন্ট্

(মৰাণ সকলৰ কথিত ভাষাত এক ক্ষুদ্ৰ প্ৰয়াস)

-ইঔ গেদেং খালৈ ! মবিয়লটোকো বাওকে ধয়িব নেজান'! দে দে তই এ মাইক কেটা ধ' হ' ৷ কেমেয়া ময়ে কওং ৷

-কেকাই মই একোটো সুদিবকে নোৱাইম যে?

-এ কিটু পাৱ তুহুতি হা, ময়ে সুদিম তই অকল ধয়ি থাক ৷


গাংখনৰ চাউল' এজেন্ট্ টিয়ে কিবা কম কম কে ৰখি ৰখি সেংবাদিক আও কেমেয়া মেনটিয় কথাভোন শুনিপিনি খেক খেক কে বান্দই হঁহা নিচিনা হাঁহিব লাগি গ'ল ৷


তাকে দেখিপিনি সেংবাদিকটিয় খং ৷ মনতে ভাবিলে 'হাঁহিব আহিছ' ৰ' বাপেকে পাবি নহয় মজা এটি' ৷ বাওকে কেমেয়াটি ফিটিং কয়িপিনি এজেন্টক সুদিলে-

--দে  কেকাই ক, ছেটেম্ব' মাহ' চাউলটো কেলে খালি ৰাইজ' পা?

-- ডায়েক সেনেকেই সুদিছ যে ভাই?

--- নুসুদিম কেলে ক? তো নিজ মানু এ'ভোন ৷ নিজ কেটাই ম'ম কয়িপিনিয়ে তোক এজেন্ট্ বনাই থৈছে ৷ আকো, সেঁ'তকে এনাখন কয়িছ যে কেকাই তই ৷ এলমানিও বেয়া নেলাগিলে না কিটো?

--চা ভাই...

--কেমেয়া চলি আছে ক' দেই সেখা যে কেকাই ৷

-- দে চলক, হোৱাখাই ক'চোং ৷ চা ভাই...

--- চা ভাই চা ভাই নহয় কেকাই চিধা ৰাইজ' চাউল কেলে খালি সেখা ক?

--- সেষাই তৌ ক'ব গ'ছোং, ক'বলে চাঞ্চ্ টি দিছ' জানো? চা, মই চাউল নাখোৱা ৷

--- কিহে খালে সেনেকে নিগনিয়ে খালে না কিটো?


কেমেয়া মেনটিয়ে হেহে কে হাঁহি পালে ৷


--- ঐ তই চুপ ৷ সেংবাদিকটিয় খং ৷

--- নহয় কেকাই, নিগনিয়ে ৫০ কুইন্টল চাউল খাই এতাব পায়ে না? কেমেয়ামেনৰ উত্তৰ ৷

--- কেলে নোৱাইব', এইটিয়ে সেই নিগনিটি ৷ এদিনত নাখোৱা নহয় এইটিয়ে ৷ তই চুপ এফিও নেহাঁহিবি ৷ নহ'লে একদম আনকাট্ নিউজত উঠাই দিম গম পাবি হুঁ চেলা ৷ দে এজেন্ট্ কাই তই ক' চাউল কোনে খালে?

--- এঁ ভাই, মুঠতে মই চাউল না খোৱা ৷ মই নিজ' ৰাইজক এনকা নকওং ৷ আগ' মাহতে ৰাইজক চাউল দি দিলোং ৷ সেষাপাই ইতিয়া ঘয়ে ঘয়ে গৈপিনি ফিংগাপিন্ ল'ছোংগে ৷

--সেনেকে ছেটেম্ব মাহ' চাউল সমবায় এজেন্টে নিলে বুলি ক'লে যে? ৰাইজেও না'দিয়া ক'ছে সেখা কা?

--- ক'লে ক'ব পায়ে কোৱাখানো কি ডাঙ কথা?

--- ডাঙ কথা নহয় দেখিয়ে তইও চাউল না খোৱা বুলি কৈ দিছ' না কিটো?


---ধেৎ তেইকা ভোম, আতিকে বুজি নেপাৱ পাই ৷


--- দে জানিছোং জানিছোং তুহুতি গুদামত চাউল ষ্টক্ নকইলি ৷ এইবা মজা পাই গলি ৷ লুটেৰা চালা, চ'কাই নতুন নিয়ম বনোৱাদিখি তুহুতি ফচিলি না? বাকী ৰাইজে কি কবি? এখিনি মানুহে চাউল নাপোৱা বুলি হাইমায়ি আছে তুহুতি পালি না? দে বাইচাও তই ক?

--- আমি পালোং ৷ আঘতে এবা একে লগতে দিলে ৷ মিছামিছি এখিনি মানুচে আম' এজেন্টটো ফচাবলে বিচাইছে ৷

--- পাছত আকো না পোৱা বুলি ক'লে নহ'ব ক বাইচাও? দে এ'বা তই ক বোৱাই, চাউল পালি না?

--- পালোং ক পোৱাখানো ৷ মনত নাই থকাখা ৷ খালিমতে দিলোং বোছে যিতিয়া দিলে আও সেখানো কিটো ৷


--- দে হ'ক, নিউজটো ইমানে হ'বই ৷ দে এজেন্ট কাই এদিগি আ বাও ৷ আ মুতিব যোৱা চলে কথা এটি পাতি আহোং ক ৷ দুইটাই ফিল খনৰ ওচতে থকা হাবিডখলে গ'ল ৷ এজেন্ট্ কাই, স্কুল ঘ'টোত ইমানখন মানু গোটালি মানিছোং দেই তোক ৷ হায়ি কেকাই ১০০০ টকা দে নিউজটো বজাব লাগে যদি ৷

--- ভাই সিমাখন নাই নহয় ৷ হ'লো কিবা এটি দিং ক ৷

--- কেকাই বজাত কাপো দাম কমোৱা নিচিনা কমাই নেথাকিবিচোন ৷ দচ না কোৱা নহয় ৷

--- নহয় চা ভাই, সে চেটেম্ব মাহ' চাউলখিনিয় এলমানি দুটামানক দিহে থছোং ক ৷ পইচা আজিলেকো পোৱাই নাই ৷ নহ'লেনো এহেজা কিটো ক, দুহেজা দিলোংহেতেন ৷

--- এহ্ হে, তই মানুহ খেটেয়া আছ' চোক' কেকাই? ইমাখন মানু ইয়াত গোটাইপিনি চৱকে মুলুং বনাই পেলালি তামানে?

--- লাহে লাহে ক, লাহে লাহে ক সেঁ'তি শুনিলে মোক এয়াতে ঘেতালি পেলাব ৷ তোক ভাই বুলিহে কচোং ক ৷ হঁ ইতিয়া ৫০০ টকা থ' ৷ আমি চিনাকী হ'লোং যিতিয়া আজিপা বাও হৈ থাকিব লাগিব ৷ নিউজটো আজিয়ে বজাবি দেই ফেচবুকত ৷ আও ৫০০ দিম লাহেকে ৰ' ৷

--- নিউজ বজা পিছত তই নিদিয় আও কেকাই ৷ তোক উলটাকেহে নিউজ মায়িম কেকাই ৰ ৷

--- য়ে সেখন যে নকইবি দেই ভাই ৷ ল' ল' এই ৫০০ ল' ৷ এহেজা হ'লতৌ?

--- তই বিলেগ খেটেয়া পেয়ানী আছ' কেকাই ৷ নিজে লাখ টকা খাবি আও আমক তেল' খ'চটিও দিবলে টান পাৱ?

--- এ ভাই বৈ বৈ ৰাইজে কেনেকে আম'দিগিয়ে চাই আছে চাচোন বাটে? দুইটিয়ে হাবি দিগিপা আহিব ল'লে ৷

--- তো পা চাউল পাম পাম বুলি ৰাইজে সেনেকেই মাহেকে মাহেকে তোলে চাই থাকে জাননা নেজান তই?

--- বাদ দে বাদ দে ভাই দুখ' কবিতা গাবলে, পইচা পালি তৌ মুখ বন্ধ ক' ৷

--- দি থাকিবি কিতেবা কিতেবা ৷

***************************


পাছ দিনাখনিয় কথা ৷ নিউজ নেবাজেহে নেবাজে ৷ এজেন্ট্ কায়ে ফেচবুক চায়ে এটোৱা নাই ৷ ইদিগি এখিনি ৰাইজ' হেলা ৷


--- ঐ, এজেন্ট্ কাই... ৷ গাঙই ভটঙে আহি চিঞইলেহি ৷

--- কি কি

---- কালি যে আহিছিলে সেংবাদিক বুলি...

--- এঁ এঁ, বাকীদখ' ক?

--- সে'টি সেংবাদিক নহৈছিলে হেনো নহয় চা ক? 

--- চালা টপেন, তয়ে সেংবাদিক বুলি তাক মতা নহৈছিলি নিকি?

--- হ'ছিলে ক, এদিন তাক ফাংচনত ভিডেঅ' কয়ি থকা দেখিপিনি নম্বটি লৈ আনিছিলোং ক ৷ ইতিয়াহে গম পা'ছোং ক ধেই মানুচক বেলেক মেলিং কয়িপিনি না কিটো... আজি তাক পুলিচে ধয়ি নিলে হেনো ৷

---চালা গ'ল মো এহেজা টকা ৷

--- এহেজা? এজেন্ট কাই তইও তা লগতে সোমাই থাক গে যা ৷ সৌভোন, তু ঘ'লো মিল্টই-পুলিচ আহিলেই ৷

--- ক্কি? আয়ৈ ভগবান কি কওং ইতিয়া মই... ঈচ' ঐ কেলে ছেটেম্ব' মাহটো চিষ্টি কয়িলি ঐ তই পিথিবীত... মো ইতিয়া কি হ'ব হে' ঈচ'.. হুক্ হুক্

--- লাভ নাই কেকাই ইতিয়া কান্দি ৷ ইতিয়া ভগবানেহে চাউল চু কয়িলে না কিটো? জেলত তো জন্ম মাহ ছেটেম্ব মাহটো কেলেণ্ডা পা ডিলিট কয়ি দিবলে ভগবানক পাথনা কইবি যা ৷ ছেটেম্ব মাহো নেথাকক, তো নিচিনাভোন জন্মও নহক, ৰাইজ' চাউলো নেহেয়াওক ৷৷


★************★★**************★

(লিখিত কাহিনীটি সম্পূৰ্ণ কাল্পনিক ৷ কোনো ব্যক্তিবিশেষ, পৰিৱেশ-পৰিস্থিতিৰ লগত সাদৃশ্য ঘটিলে লেখক জগৰীয়া নহয়)


♢ বাস্তৱ মৰাণ

No comments

এটি লপা সেংবাদিক আও এটি চাউল চো' এজেন্ট্

( মৰাণ সকলৰ কথিত ভাষাত এক ক্ষুদ্ৰ প্ৰয়াস ) -ইঔ গেদেং খালৈ ! মবিয়লটোকো বাওকে ধয়িব নেজান'! দে দে তই এ মাইক কেটা ধ' হ' ৷ কেমেয়া ময়...

Powered by Blogger.