মৰাণ উপভাষাত:-

বদনামঃ


-ঝেতুকী পালিহি না
-এঁ ভিনি পালোংহি ৷ তুহুতি কা কিতিয়াহে পালিহি ?
-তুতকতি এল'মানি আগতে দেই ঝেতুকী ৷ যিবোলো বাও হপাই গিটেখনঅ ?
-এঁ বাওৱে দেই এবল যে ৷ ভিনি হেতঅ কা? কোনে কোনেহে আহিছ'?
আছোং দেই ডিঙিটোতে মোৱাটো ওলমাই ৷ কা লগত আহোংনো ৷ তেপেনি বাইটি লগতে ক ৷
-হিঃহিঃহিঃ
ঝেতুকীৱ হাঁহিটো গিটেখনে শুনাকে বি'ঙি পয়িলে ৷ বাহিয়ত থকা মানুভোনে যে গম পালে বিয়াঘত ঝেতুকী আহি খেৰা ৷ এ ল'ৱাজনি ব কামিয়াল ৷ গাংখনত কাবা ঘ'ত বিয়া এখনি হ'বলে পাবহে ই গৈ দিনটো কামকে কয়ি থাকিবগে ৷ ভাগও নেলাগে না কিটুৱে না ৷ সেষাপা মানুভোনে বিছুতি বাও পায় তাক ৷ খেনুৱে ধেমালি কয়ি কয়ি ঝোকাইও ৷ নাই, কাওকে বেয়া নেপাই ঝেতুকীয়ে ৷

-চা ক বাই এনকা খেতি দিনত বিয়া উলাই না বালক ৷ কোনদিগি যাং বাৱ ৷ পথাকে ৰোংগে না বিয়ালে আহোং ক চা ক ৷

 ব'পাইকৱ পিতেক তেহেনৱ ঝীয়েকৱ বিয়াতে মনেচই বোলা বায়েকজনিকো লগ পাই ঝেতুকীয়ে কথা পাতিলে ৷ মনেচই তেহেনৰ ভনিয়েক ৷

-এনকাই আৱ কিটু কবি ঐ আম' কথা নহয় যে ক না নহয় না ! নকং দেই ভোম একোতো ৷ হ'ব লগিয়া লিখা আছে হৈছে ক ৷

বায়েকটি তেপেনি হলো কথাভোন কিবা খহটা খহটা ৷ কথা ক'লে কচুৱে খজুৱা নিচিনা লাগে ৷ ভিনিটোৱ লগত সেষা পাই দন হৈ থাকে ইমানকে ৷ কেবাবাও গুচি আহিছিলে ৷ এ'বল কেনকা ক নেজানোং ৷

গোধুলি হছেগে আৱ লাহেকে ৷ চিকমিক চিকমিক ৷ বিয়া ঘ' মানুভোন ঘৱাঘয়ি গ'ল যতিও দূৱ আলহি কে'টিমান আছে ৷ ঝেতুকীয়ে ঝাওটো লৈকিনি চতালখন' সাওং বুলি ল'লে ৷ সেনকা সময়তে ঝেতুকীয়ে শুনিলে  ভঁৱালটোৱ পাছদিগি কিবা এটি বাজিছে ৷ ঝেতুকীয়ে লাহেকে মোৱাটো ঘূৱাইকিনি জুমি চোৱা নিচিনা চালে ৷ ইয়, ভিনিটোৱে মুখে চিক্ চিক্ চিক্ চিককে ভঁৱালটোৱ পাছদিগি ঝেতুকীক মাতি আছে ৷ এ ভঁৱালটোৱ পাছদিগি বিছুতিকে এন্ধা ৷ ঝেতুকী হোজা ঝিয়ইলা ৷ ভিনিয়েকে মতাদিখি সি গ'ল ৷ ভিনিয়েকে ঝেতুকীক ক'লে,
-ঐ ঝেতুকী কথা এষাই ক'বলে আছিলে ৷
-এ ৰাম, কি কথা?
-বেয়া পাবি নিকি ক?
-নেপাং ক ভিনি তই যি কথা ক'লো বেয়া নেপাং ৷
-হায়ি ক, তই বিয়া নহ'ৱ না কিটু?
-ঈচই, মতা এটা বিচাই নিদিয় ক ভিনিয়েক গোটাহেতে থাকিকিনি হিঃহিঃ ৷
-ঐ ঝেতুকী, তই তৌ জানই ৷ বাইজনি কেনকা ৷ মই আও এজনি বিয়া পাতিম ইতিয়া ৷
-ঈচই ভিনি নেপায় ৷
- মই তোকে বিয়া পাতিম ৷ তই আহিবি না ?
-কি কছ' ভিনি এভোন ৷ বায়ে শুনিলে কি বুলি ক'ব বাৱ ৷
-তই মোলে যাবি নেযাৱ ক?

ঝেতুকীয়ে আগবায়ি আহি থকা ভিনিয়েকৱ হাতখন বায়ে বায়ে ঠেলি আছে ৷ সি ভিনিয়েকে তাক ধয়ি থকা হাতখন'পা পলাব বিচাইছে কিন্তু মতা মানু্অ হাত ৷ কেনেকে এয়ি যাব ৷


ভঁৱাল তলপা ভাত সিজাবলে কোনোবা খয়ি নিবলে আহিছে ৷ ঝেতুকী আও ভিনিয়েকটোৱে ভঁৱাল' খুটা এটাত লুকাই থাকিলে ৷ এনকাতে ঝেতুকীৱে ভয়ত আৰু ভিনিয়েকৱ হাতৱ দিগদাত খেচখেচাই পালে ৷ খয়ি নিবলে অহা মানুজনিয়ে তাকে শুনিকিনি কিটুদাই বুলি চাকিটো দাঙি চাংতেই হেত' দুটাক দিখি পায় আও মানুজনিয়ে চিঞই দিলে ৷ সেনকা চিঞ শুনি গিটেই মানুভোন গোট খালে ৷


বিয়া ঘ চোতালত মানু ঠিকছে আছে ৷ ওচ'-পাজ' গিটেইভোন আহিছে ৷ মানুভোন' মাঝতে বহুৱাই ঝেতুকী আও ভিনিয়েকক কোনোবা এটাই জেওৱা খুটি এটা ঝোকাই ঝোকাই কিবা শুদি আছে ৷
ঝেতুকীৱে অভং লাগি তললে চাই আছে ৷ কিবা এটি কং বুলিও সি ক'ব নাই পৱা ৷ কিহপা কি হ'লগে তা'মানে ৷ ঝেতুকীয়ে একো ততকে ধয়িব নোৱাইলে ৷ ইতিয়া কি হ'ব ? কি হ'ব ইতিয়া ঝেতুকীৱ? বদনাম ৷ ভিনিয়েক' লগত ৷ ছিঃ ৷ মানুভোনে ভুলকে ভাবিছে ৷ আও নেভাবিবনো কেলে ৷ ভিনিয়েকডালে কিহে পাইছিলে মাতিবলে ৷ মাতোংতে সি কেলে গ'ল মৱাটোৱ ওচলে ৷ ইতিয়া ? গিটেই জীৱন ঝেতুকীয়ে "ভিনিয়েক' লগত" বুলি বদনাম এটি লৈকিনি বুই ঝিয়ইয়ে হৈ থাকিব লাগিব নেকি ! ঝেতুকীয়ে চিঞই চিঞই কান্দিব লাগি গ'ল পায়েমান্নে ৷

☞ বাস্তৱ

5 comments:

এটি লপা সেংবাদিক আও এটি চাউল চো' এজেন্ট্

( মৰাণ সকলৰ কথিত ভাষাত এক ক্ষুদ্ৰ প্ৰয়াস ) -ইঔ গেদেং খালৈ ! মবিয়লটোকো বাওকে ধয়িব নেজান'! দে দে তই এ মাইক কেটা ধ' হ' ৷ কেমেয়া ময়...

Powered by Blogger.