উপৰিপুৰুষঃ

এতিয়ালৈ হাতবোৰ জৰাজীৰ্ণ হৈ পৰিছে
উপৰিপুৰুষে দি যোৱা আশাাবাদত ঘা লাাগিছে

তেজত এন্টাৰ্কটিকাৰ শীত
লদা লদা লদা
খোজত নাভূত-নাশ্ৰুত আতংক
পীড়া পীড়া পীড়া

কেনেকৈ জী থাকিবা
কচু-ঢেকীয়াৰ তলত মৰা মানুহ
কোনে মাৰিলে
মানুহে মাৰিলে
মানুহ অমানুহ হোৱা বিৱৰ্তনযুদ্ধ এখনৰ সাক্ষী
এই সময় এই প্ৰগতিবাদৰ সভ্যতা


কেনেকৈ জী থাকিবা
খুপি খুপি পিচল আৰু আন্ধাৰৰ বাট
সেই বাটে হাজাৰটা মৃতকৰ গোন্ধ্
যি বাটে যোৱা বুলি ক'ম
যি বাটে নাযাবা বুলি ক'ম
তাকে লৈ তোমালোকেও এদিন সময়ক সাক্ষী সজাই
বিলাপ কৰিবা বিলাপ কৰিবা
সেই বাটেও নিত্য-নৈমিত্তিক মৰা বেলিৰ আহ-জাহ ৷

কেনেকৈ তোমালোকৰ
উপৰিপুৰুষ হওঁ !

No comments

এটি লপা সেংবাদিক আও এটি চাউল চো' এজেন্ট্

( মৰাণ সকলৰ কথিত ভাষাত এক ক্ষুদ্ৰ প্ৰয়াস ) -ইঔ গেদেং খালৈ ! মবিয়লটোকো বাওকে ধয়িব নেজান'! দে দে তই এ মাইক কেটা ধ' হ' ৷ কেমেয়া ময়...

Powered by Blogger.