টেট শিক্ষক আৰু কিছু আঁৰৰ কথাঃ

সাম্প্ৰতিক চৰ্চাত থকা এটা বৃত্তি তথা সেৱা হ'ল টেট শিক্ষক ৷ এই শিক্ষক নিযুক্তি যিমানেই সেৱা বুলি স্বীকৃত হ'লেও সমাজত বৃত্তি হিচাপে গ্ৰহণ কৰা ধাৰণা এটা প্ৰকট হৈ উঠিছে ৷ বিষয়টি আমাৰ আলোচনাৰ ভিতৰত নহ'লেও স্পষ্ট কৰা অনুচিত নহ'ব যে সামাজিক দায়বদ্ধতা পালনেৰে এজন দায়িত্বশীল নাগৰিকে যি কৰিব লাগে সেয়া প্ৰথম দায়িত্ব হিচাপে পালন কৰিলেহে মানৱ সম্পদৰ সঠিক বিকাশ ঘটিব আৰু উন্নয়ণশীল দেশ এখনৰ বাবে ই ইতিবাচক কৰ্মপন্থা হিচাপে পৰিগণিত হ'ব ৷

অতি সাম্প্ৰতিক নিযুক্তি প্ৰাপ্ত শিক্ষক সকলৰ; বিশেষকৈ কিছুসংখ্যক মহিলা শিক্ষক(শিক্ষয়িত্ৰী) সংশ্লিষ্ট ঠাইখনৰ কিছুমান অপদাৰ্থৰ দ্বাৰা যি অপব্যৱহাৰৰ সন্মুখিন হ'ব লগা হৈছে সেয়া কেইবা গৰাকী মহিলাৰ দ্বাৰা প্ৰমাণিত হৈছে ৷ প্ৰথম কথা হ'ল অসম আৰু অসমীয়া হোৱাত ঘটনাৰাজিৰ দ্বাৰা প্ৰতিজন বিবেকবান আৰু সচেতন ব্যক্তিয়েই দুখিত আৰু লজ্জিত ৷ শিক্ষয়িত্ৰীৰ উপস্থিতি স্বত্ত্বেও দৰ্মহা কৰ্তন, অশালীনভাৱে প্ৰেম-বিবাহ প্ৰস্তাৱ, শাৰীৰিক-মানসিক অত্যাচাৰ; এই বিলাকে অসমমুলুকৰ ঘৃণনীয়, চাৰিত্ৰীকভাৱে অধঃপতিত এচামৰ প্ৰমাণ দিলে ৷ প্ৰধান শিক্ষক পদত উপবিস্থ এচামো যে মানসিকভাৱে বিকাৰগ্ৰস্ত বহু সময়ত ৰাইজে প্ৰমাণ পাই আহিছে ৷

টেট শিক্ষক সকলৰ প্ৰতি অন্যান্য শিক্ষক সকলৰ ধাৰণা একেবাৰে তৰল নেকি? এই কথা বাকী শিক্ষক তথা ৰাইজেও জনা উচিত যে টেট নিযুক্ত শিক্ষক এজনে বিনা যুঁজত নিযুক্তি পোৱা নাই বা দৰমহা খাবলৈ সৃষ্টি হোৱা এটা যন্ত্ৰ নহয় ৷ এই ধাৰণাই প্ৰকৃততে অশিক্ষিত সমাজৰ ঠেক মনোবৃত্তিকহে সূচায় ৷ নৱ নিযুক্ত শিক্ষকজনক ইতিবাচকভাবে গ্ৰহণ কৰি বিদ্যালয়ৰ সামগ্ৰীক উন্নয়ণৰ কথা চিন্তা কৰাহে সচেতন কৰ্তৃপক্ষৰ কাম ৷ সমাজৰ সকলোতকৈ সন্মানীয় এই বৃত্তিৰ ব্যক্তিসকলেই যদি নিয়মৰ বাহিৰত কৰ্ম সম্পাদন কৰিবলৈ যায় অন্যান্য দিশবোৰত অনিয়ম অস্বাভাৱিক নহ'ব ৷ এজনে আনজনৰ প্ৰতি ৰখা বেয়া মনোভাৱৰ প্ৰভাৱ ছাত্ৰ-ছাত্ৰীৰ মাজত পৰি বহু সময়ত পৰিৱেশ বিনষ্ট হয় ৷ বিভাগীয় শিক্ষকৰ পাঠদানৰ অনীহা, পাঠদানৰ নামত কোনো নিয়মসূচী নথকাত হোৱা ওখনা-ওখনিৰ পৰিণাম কিন্তু টেট শিক্ষকজনেই ভুগা বহু নজিৰ আছে ৷ এই যে নিযুক্তিপ্ৰাপ্ত বিদ্যালয়ৰ ঠাইখনৰ বহু মানুহে 'নিমখ খাবলৈ আহিছে' বুলি লোৱা ধাৰণাৰ বাবেই এই পৰ্যায়ৰ শিক্ষকসকল বিপাঙত পৰে ৷ সেই ঠাইখনৰ বিষয়ে একো নজনা শিক্ষক এজনক তেওঁলোকে সাদৰ-সম্ভাষণ জনোৱাৰ বিপৰিতে টাৰ্গেট কৰি ল'ব খোজাটো অনৈতিক কাম ৷ এনেধৰণৰ টাৰ্গেট গৰিহনাযোগ্য ৷ সকলো আমাৰ জ্ঞাতি ৷ এই শিক্ষক সকলৰ মাজত এনে কিছুমান শিক্ষক আছে; যাৰ মা-দেউতা নাই, যি আনৰ ঘৰত থাকি ডাঙৰ হৈছে, যাৰ মা-দেউতা দীৰ্ঘদিনীয়া অসুস্থতাত ভুক্ত, যি ঘৰখনৰ একমাত্ৰ জীৱিকা, যাক পিতৃহীণ মাকে আনৰ ঘৰত কাম কৰি পঢ়োৱাইছিল ইত্যাদি ৷ গতিকে তেনে এটা পৰিস্থিতি-পৰিৱেশৰ এজন শিক্ষকে নিযুক্তিপ্ৰাপ্ত বিদ্যালয়খনত নিৰাপত্তাহীণতাত ভুগিব লগা হ'লে জীৱনৰ প্ৰতিয়ে মোহভংগ হোৱাৰ আশংকা থাকে ৷

বহু সময়ত এই টেট শিক্ষক যুৱক সকলৰ বহু কাহিনী শুনিবলৈ পোৱা যায় ৷ যিখন ঠাইত শিক্ষকতাৰ বাবে যায় সেই ঠাইৰ কোনো গাভৰুৰ দ্বাৰা যুৱক শিক্ষকৰ পয়মাল হৈ চাকৰীৰ প্ৰতি ভাবুকি সৃষ্টি হোৱাৰ উদাহৰণো আছে ৷ বহু ডেকা ল'ৰা যিদৰে সুন্দৰী ৰমনীৰ সন্ধানত থাকে, ঠিক তেনেকৈ বহু গাভৰুও চাকৰীয়াল ল'ৰাৰ পাণি গ্ৰহণৰ সুযোগ বিচাৰি ফুৰে ৷ যুৱ শিক্ষক সকল ইয়াৰ সহজে স্বীকাৰ হোৱাৰ সাংঘাটিক প্ৰমাণ আছে ৷

গতিকে আমি ক'ম যে, এই সকল শিক্ষক শিক্ষকতাৰ বিশেষ পৰীক্ষাত উত্তীৰ্ণ হৈ সমাজৰ সেৱাৰ নিমিত্তে উলাই আহিছে ৷ এওঁলোক নৱপ্ৰজন্মৰ অংশ ৷ পৃথিৱীৰ প্ৰতিটো ছেকেণ্ডৰ খবৰ ৰাখে ৷ এওঁলোকক লৈ বিদ্যালয়ৰ বহু উন্নয়ণ আশা কৰিব পাৰি ৷ অযথা খাম-খেয়ালিৰে পেটো নভৰে মুখো নভৰে ৷ সামাজিকভাৱে দায়বদ্ধ হ'বলৈ শিকোৱাত এজন শিক্ষকৰ বাদে কোনে পাৰে? এচামক মানুহ গঢ়াৰ গুৰু দায়িত্ব ন্যস্ত শিক্ষকৰ ওচৰত ৷ শিক্ষকক বুজক, শিক্ষকে বুজাওক ৷ সমাজত ভাল মানুহৰ দৰকাৰ, ডাঙৰ মানুহ স্বাৰ্থপৰ হয় ৷ টেট শিক্ষক সকলেও নিজৰ দায়িত্ব বুজক আৰু কৰ্তব্য পালনেৰে সচেতনতাৰ পৰিচয় দিয়ক; ৰাইজেও তেওঁলোকক সেৱাৰ সুবিধা দিয়ক ৷৷

☞ বাস্তৱ মৰাণ

No comments

এটি লপা সেংবাদিক আও এটি চাউল চো' এজেন্ট্

( মৰাণ সকলৰ কথিত ভাষাত এক ক্ষুদ্ৰ প্ৰয়াস ) -ইঔ গেদেং খালৈ ! মবিয়লটোকো বাওকে ধয়িব নেজান'! দে দে তই এ মাইক কেটা ধ' হ' ৷ কেমেয়া ময়...

Powered by Blogger.