ছ'চিয়েল মেডিয়া আৰু নৱপ্ৰজন্মৰ মানসিকতা (থোৰতে)

ছ'চিয়েল মেডিয়া বুলিলে আমি সামাজিক জনসংযোগৰ মাধ্যমসমূহক যেনে ফেচবুক, ৱাটশ্বাপ, টুইটাৰ, টিকটক, লাইন, হেল্ল' এপ্প্, টেলিগ্ৰাম ইত্যাদিসমূহক বুজো । বৰ্তমান এই মাধ্যসমূহ নৱপ্ৰজন্মৰ পৰা জ্যেষ্ঠজনলৈ জনপ্ৰিয়তা লাভ কৰিছে । আজিৰ প্ৰেক্ষাপটত অফিচিয়েল কাম-কাজত উক্ত মেডিয়াসমূহ অনিবাৰ্য হৈ পৰিছে । আমি এই বিষয়ে কথা নাপাতো । পাতিব খোজিছো নৱপ্ৰজন্মৰ মাজত এই মেডিয়াক লৈ ধাৰণা কি এইসমূহৰ দ্বাৰা তেওঁলোকৰ মানসিকতা কোন দিশে ধাৱমান হ'ব ধৰিছে ।

প্ৰাত্যহিক কালত বিষয়টো আমাৰ সকলোৰে চকুৰ আগত এক স্পৰ্শকাতৰ পৰ্যায়লৈ ধাৱিত হোৱাৰ পৰিলক্ষিত হৈছে । বিশেষকৈ গ্ৰাম্যাঞ্চলত ই এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । আপাত দৃষ্টিত সমগ্ৰ ব্যৱস্থাটোৱেই সহজ । এণ্ড্ৰইড্ ম'বাইল এটা ক্ৰয় কৰা হ'ল আৰু ৰিচাৰ্জ্ কৰি ফেচবুক-ৱাটশ্বাপ ডাউনল'ড কৰি ইচ্ছা মতে প্ৰফাইলসমূহ creat কৰা হ'ল । বিশেষকৈ গাভৰু সকলৰ ফেচবুক একাউন্ট এটা খোলা হোৱাৰ ৫ মিনিটৰ ভিতৰত প্ৰায় ৫০০০ হাজাৰেই ফ্ৰেণ্ড্ ৰিকুৱেষ্ট্ আহে । ইয়াৰে অধিকাংশই হয় অচিনাকী ।

এই বিশাল পৃথিৱীখনত নানান তৰহৰ লোক আছে । এটা কথা মন কৰক । আমাৰ চিনাকী মানুহবোৰকেই আমি চিনিব নোৱৰাৰ বাবে মনোমালিন্য ঘটে । তেনে ক্ষেত্ৰত ফেচবুকত চিনাকী হোৱা মানুহৰ মন কেনেকৈ চিনি পাম ? ইয়াতে আমাৰ সংযমী আৰু জ্ঞানী মনটোৰ কথা আহে । আপুনি যদি অলপ হ'লেও চিন্তাশীল বা মূল্যবোধ শিক্ষাৰে শিক্ষিত বা মানসিক স্থিতি অসীম তেন্তে অচিনাকী ব্যক্তিয়ে ইনবক্স ভৰাই দিয়া মেছেজ সমূহৰ কেতিয়াও Reply নিদিয়ে । কিন্তু লেহুকা, মানসিক স্থিতি নথকা আৰু বিচাৰ্যশূণ্য বিবেকৰ অধিকাৰী তেন্তে চলনাৰ পাল্লাত পৰাটো ১০০% নিশ্চিত ।

আমি বাৰু কিমানে জানো? নতুনকৈ ম'বাইল এটা লৈ প্ৰথমে খুলিব খুজি E-mail set কৰিহে পাছৰ কাম কৰিবলৈ আগবাঢ়িব পাৰো । তেন্তে এই ই মেইল কি? আমাৰ সমাজত অধিকাংশ ল'ৰা-ছোৱালীয়ে ই-মেইলৰ গুৰুত্ব বুজি নাপায় । চমুকৈ ইন্টাৰনেটৰ অফিচিয়েল আৰু ষ্টেণ্ডাৰ্ড মেছেজিং এপ্পটোৱেই হৈছে ই-মেইল । যিকোনো অফিচিয়েল কৰ্মত ই-মেইলেই ব্যৱহৃত হয় । ইয়াৰ ব্যৱহাৰ শিকিছেনে আমাৰ ল'ৰা-ছোৱালীয়ে? যদি শিকা নাই তেন্তে জানিব তেওঁ চ'ছিয়েল মেডিয়াত সক্ৰীয় হোৱাৰ কোনো যুক্তি আৰু অধিকাৰ নাই ।

সকলোৰে এটা ফৰ্মেলিটি আছে । ঠিক তেনেকৈ ছ'চিয়েল মেডিয়াও ইয়াৰ ব্যতিক্ৰম নহয় । আজি-কালি জন্ম হৈয়েই ম'বাইল । ব্যৱহাৰৰ গুৰুত্ব নাজানিলে পৰৱৰ্তী পৰ্যায়ত ল'ৰা বা ছোৱালি এগৰাকীৰ কাৰণে কিমান ভয়ংকৰ হৈ পৰিব পাৰে কল্পনাতীত । সমাজত প্ৰত্যক্ষ কৰা যায় কান্দোনমুৱা কেঁচুৱাক 'চতুৱা'বৰ কাৰণে ম'বাইলহে দিয়া হয় । অত্যধিক ম'বাইল ব্যৱহাৰৰ নেতিবাচক দিশটো বিদ্বৎ মহলে আলোচনা কৰিলে ৰেডিয়েশ্বনৰ কথাটোক জগৰীয়া কৰে । আৰু সেয়াই সত্য । ৰেডিয়েশ্বনৰ ক্ৰিয়াই সন্তান নালাগে একোজন প্ৰাপ্ত বয়স্ক ব্যক্তিকো শ্ল' পইজনৰ দৰে ক্ৰিয়া কৰে ।

গতিকে আমি দেখো ম'বাইলৰ অধিক আৰু অপ্ৰয়োজনীয় ব্যৱহাৰে সকলো ক্ষতি কৰে । মানুহৰ দৃষ্টিভঙ্গী যদি সঠিক নহয় সকলো ব্যক্তিৰ জীৱনলৈ কাল অমানিশা নামি অহাটো স্বাভাৱিক । আশা কৰো নতুন প্ৰজন্মই ম'বাইল আৰু চ'ছিয়েল মেডিয়াকে পৃথিৱী বুলি ভুল নকৰে । এইখন এখন ৯৯% যমপুৰ আৰু ফেক্ । নতুন প্ৰজন্মই নিজক চিনিবলৈ শিকক, আত্মসন্মান বচাই ৰাখক, সমাজৰ প্ৰতিটো খবৰ ৰাখি সামাজিক কামত অংশগ্ৰহণ কৰিবলৈ শিকক, বস্তুগত অধ্যয়ণত মনোনিৱেশ কৰক । আমি সকলোৱে মনত ৰখা উচিত; পৃথিৱীখন ম'বাইলতে পাব পৰাকৈ বা শিকিব পৰাকৈ একোৱেই ইমান নহয় না জীৱন না জীৱনৰ প্ৰতি দৃষ্টিভংগী ।

সকলোৱে মানসিক স্বাস্থ্য গঢ়ি তোলি কৰণীয় কৰ্ম কৰক । অপ্ৰয়োজনীয়তাত লাগি থাকি জীৱনটো নষ্ট কৰাৰ প্ৰয়াস নকৰাই মংগল । সমাজক লাগে মানৱ সম্পদ; আৱৰ্জনা বা মলিনতা নহয় ।।

---বাস্তৱ মৰাণ

1 comment:

এটি লপা সেংবাদিক আও এটি চাউল চো' এজেন্ট্

( মৰাণ সকলৰ কথিত ভাষাত এক ক্ষুদ্ৰ প্ৰয়াস ) -ইঔ গেদেং খালৈ ! মবিয়লটোকো বাওকে ধয়িব নেজান'! দে দে তই এ মাইক কেটা ধ' হ' ৷ কেমেয়া ময়...

Powered by Blogger.