তিনিটা মৰাসূঁতিঃ

১) প্ৰিয় চৰাইৰ মাতবোৰ নোহোৱা হৈ আহিছে
জীৱন উদযাপনৰ কঁহুৱা ফুলবোৰৰ দৰে ।

২) শীলৰ দাম বাঢ়িছে
যিদৰে ন' মেনছ লেণ্ডৰ বিষাদ বাঢ়িছে ।

৩) কলৈকো নাযাওঁ
ইয়াতে থাকিম
যলৈ যাম তাত জন্ম নহ'লো কিয়
সেই ভাবি ।


তিনি টুকুৰা মেঘঃ

১> নৈয়েদি উজাই ক'লৈকেবা যাওঁ
এৰিথৈ আইৰ শিল্প সৰলতাৰ নিভাঁজ বুকু

২> জীৱন এটা বিচাৰোতে বিচাৰোতে নিশেষ হয় স্বপ্ন আৰু হেঁপাহৰ অৰণ্য-বসন্ত ।

৩> .....দেওহাঁহৰ দৰে লুকাই ফুৰিব খুজিও ধৰা পৰি যাওঁ যৌৱনৰ হাতত,
ক্ৰিচেন্থিমামৰ দৰে 'ৰঙা' হৈ পৰিছো ক্ৰমশঃ..।



No comments

আৰ্জেন্টিনাৰ সাগৰ শুকাই যোৱা ভাইৰেল ভিডেঅ' সত্য নে ?

  আৰ্জেন্টিনাৰ সাগৰ শুকাই যোৱা ভাইৰেল ভিডেঅ' সত্য নে ? আৰ্জেন্টিনাৰ Punta Mogotesত সাগৰ শুকাই যোৱাৰ দাবীৰ আঁৰৰ আচল ৰহস্য ফাদিল ৷ শেহতীয়...

Powered by Blogger.