আৰ্জেন্টিনাৰ সাগৰ শুকাই যোৱা ভাইৰেল ভিডেঅ' সত্য নে ?

 আৰ্জেন্টিনাৰ সাগৰ শুকাই যোৱা ভাইৰেল ভিডেঅ' সত্য নে ?

আৰ্জেন্টিনাৰ Punta Mogotesত সাগৰ শুকাই যোৱাৰ দাবীৰ আঁৰৰ আচল ৰহস্য ফাদিল ৷


শেহতীয়াকৈ সামাজিক মাধ্যমত এক চাঞ্চল্যকৰ ভিডিঅ' ভাইৰেল হৈ পৰিছে । দাবী কৰা হৈছে যে আৰ্জেন্টিনাৰ বিখ্যাত সাগৰীয় অঞ্চল Punta Mogotesত ৰাতিটোৰ ভিতৰতে সাগৰ শুকাই গৈছে আৰু ডাঙৰ ডাঙৰ জাহাজ সমূহ বোকাত পৰি ৰৈছে । বহুতে ইয়াক প্ৰাকৃতিক দুৰ্যোগ বা চুনামিৰ আগজাননী বুলিও প্ৰচাৰ কৰিছে । কিন্তু এই ভাইৰেল দাবীৰ আঁৰৰ আচল সত্য কি ?


Punta Mogotes আচলতে কি...


Punta Mogotes হৈছে আৰ্জেন্টিনাৰ Mar del Plata চহৰৰ আটাইতকৈ জনপ্ৰিয় আৰু বৃহৎ বীচ্ছ্ কমপ্লেক্স্ । প্ৰতিবছৰে লাখ লাখ পৰ্যটকে ইয়ালৈ আহে । এয়া কোনো পৃথক সাগৰ নহয়, আটলাণ্টিক মহাসাগৰৰ এটা অংশ ।



সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ'টো কি...


অনুসন্ধানত পোহৰলৈ আহিছে যে ভাইৰেল হোৱা জাহাজ বোকাত পৰি থকা ভিডিঅ'টো Punta Mogotesৰ নহয় । এই ফুটেজটো ভাৰতৰ গুজৰাট ৰাজ্যৰ Alang জাহাজ ভঙা yardৰ । তাত ভাঙিবৰ বাবে অনা জাহাজ সমূহ ভাটাৰ সময়ত বোকাত পৰি থকাৰ দৃশ্য সেয়া । কোনো দুষ্ট চক্ৰই পুৰণা ভিডিঅ'টোক আৰ্জেন্টিনাৰ নামত ভুৱাকৈ প্ৰচাৰ কৰিছে ।


তেন্তে Punta Mogotesত আচলতে কি হৈছিল...


সাগৰ শুকোৱা ঘটনাটো মিছা যদিও, যোৱা ১২ জানুৱাৰী ২০২৬ত Punta Mogotesৰ ওচৰৰ Santa Clara del Mar আৰু Mar del Plata উপকূলত এটা বিৰল আৰু ভয়ংকৰ প্ৰাকৃতিক ঘটনা সংঘটিত হৈছিল, যাৰ বাবেই এই গুজৱে খবৰৰ ৰূপ লৈছে ৷



সেইদিনা প্ৰচণ্ড গৰমৰ বাবে বীচ্ছত হাজাৰ হাজাৰ লোক সমবেত হৈছিল । দিনৰ প্ৰায় ৩ বজাত হঠাতে শান্ত সাগৰখন অস্বাভাৱিকভাৱে কেইবা মিটাৰ পিছুৱাই গ'ল । মানুহে ভাবিলে ডাঙৰ চুনামি আহি আছে । তাৰ ২-৩ মিনিট পাছতে এখন দেৱালৰ দৰে ওখ ঢৌ প্ৰচণ্ড বেগেৰে পাৰলৈ ঘূৰি আহিল আৰু ছাতি, চকী, মানুহ সকলোকে উটুৱাই লৈ গ'ল । এই ঘটনাত এজন ৩৫ বছৰীয়া যুৱকৰ মৃত্যু হৈছিল আৰু ৩৫ জনতকৈ অধিক লোক আহত হৈছিল ।


বৈজ্ঞানিক সকলে ইয়াক Meteotsunami বা বতৰজনিত চুনামি বুলি অভিহিত কৰিছে । আৰ্জেন্টিনাৰ ভূতত্ত্ববিদ Federico Islaৰ মতে, এয়া ভূমিকম্পৰ বাবে হোৱা চুনামি নহয়, এয়া "Virazón"। অৰ্থাৎ বতাহৰ দিশ হঠাতে উত্তৰ-পশ্চিমৰ পৰা দক্ষিণ-পূবলৈ সলনি হোৱাৰ বাবে বতাহ আৰু সাগৰৰ পৃষ্ঠৰ মাজত চাপৰ সৃষ্টি হৈ পানী প্ৰথমে পিছুৱাই গৈছিল আৰু পাছত বিস্ফোৰণৰ দৰে ঘূৰি আহিছিল ।



গতিকে, Punta Mogotesত সাগৰ চিৰদিনৰ বাবে শুকাই যোৱা নাই । যি হৈছিল সেয়া আছিল কেইমিনিটমানৰ বাবে সাগৰ পিছুৱাই যোৱা আৰু পুনৰ ভয়ংকৰ ৰূপত ঘূৰি অহা এক বিৰল বতৰৰ ঘটনা । সেই সত্য ঘটনাৰ লগত ভাৰতৰ Alangৰ ভুৱা ভিডিঅ' সংলগ্ন কৰি সামাজিক মাধ্যমত ভুল তথ্য বিয়পাই দিয়া হৈছে ।


ইফালে সমান্তৰালকৈ আৰল সাগৰ(হ্ৰদ)ৰ অন্য এটা ভিডেঅ' ভাইৰেল হৈছে আৰ্জেন্টিনাৰ নামত ৷


আৰল সাগৰ কি...? 


কাজাখাস্তান আৰু উজবেকিস্তানৰ মাজত অৱস্থিত ই আছিল বিশ্বৰ চতুৰ্থ বৃহত্তম হ্ৰদ/সাগৰ।


কিয় শুকাই গ'ল... ?


১৯৬০ চনৰ পৰা ছোভিয়েট ইউনিয়নে কপাহ খেতিৰ বাবে দুখন নদী - আমুদৰিয়া আৰু চিৰদৰিয়াৰ পৰা অতিৰিক্ত পানী কৃত্ৰিমভাৱে বোৱাই নিয়ে । ফলত সাগৰলৈ জলপ্ৰবাহ বন্ধ হৈ পৰে ।



বৰ্তমানৰ অৱস্থা:

- ১৯৬০ চনত এই এলেকা আছিল ৬৮,০০০ বৰ্গ কিঃমিঃ

- এতিয়া ৯০% শুকাই মৰুভূমিত পৰিণত হৈছে, যাক 

আৰালকুম মৰুভূমি বুলি কোৱা হয় ।

- জাহাজবোৰ এতিয়া বালিত পৰি আছে যি বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ৷


ইয়াক বিশ্বৰ সৰ্ববৃহৎ মানৱসৃষ্ট পাৰিৱেশিক দুৰ্যোগ বুলি কোৱা হয় ।


@BastovMaran

No comments

আৰ্জেন্টিনাৰ সাগৰ শুকাই যোৱা ভাইৰেল ভিডেঅ' সত্য নে ?

  আৰ্জেন্টিনাৰ সাগৰ শুকাই যোৱা ভাইৰেল ভিডেঅ' সত্য নে ? আৰ্জেন্টিনাৰ Punta Mogotesত সাগৰ শুকাই যোৱাৰ দাবীৰ আঁৰৰ আচল ৰহস্য ফাদিল ৷ শেহতীয়...

Powered by Blogger.