অসমীয়া-অৰুণাচলীৰ যুদ্ধ: ভাতৃ সম্পৰ্কৰ এক অপূৰণীয় ক্ষতি

 অসম-অৰুণাচলৰ সীমাবিবাদ সম্পৰ্কত ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৈছিল অসম-অৰুণাচলৰ সীমাত আগতে ১২ টা অঞ্চল অমীমাংসিত আছিল ৷ ইয়াৰে ৭ টা অঞ্চলত সমাধান হ'ল ৷ ১২৩ খন গাঁৱত সংঘাত আছিল ৷ ৭১খন সমাধান হৈ গ'ল এতিয়া ৫ টা অঞ্চলৰ ৫২ খন গাঁও সমাধান হ'বলৈ বাকী আছে ৷ শেহতীয়া বিবাদ হোৱা ঠাইখিনি হ'ল অমীমাংসীত অঞ্চল (বদতি-মিংমা) ৷ মীমাংসিত অঞ্চলত ইতিমধ্যে খুঁটা পুতিছে ৷ ইফালে প্ৰতিটো অঞ্চলৰ বাবে একোজন কেবিনেট মন্ত্ৰীয়ে নেতৃত্ব দিয়ে আৰু অৰুণাচলৰ এজন কেবিনেট মন্ত্ৰীয়ে একোটা অঞ্চলৰ নেতৃত্ব দিয়ে ৷ দুয়োখন ৰাজ্যৰ নিৰ্বাচনৰ বাবে যোৱা এক ডেৰ বছৰ সক্ৰিয়ভাৱে কাম কৰিব পৰা নাছিল ৷ এতিয়া ভালকৈ কাম কৰা হ'ব আৰু খুব সোনকালে সীমা সমস্যা নিষ্পত্তি কৰা হ'ব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে আশ্বাস প্ৰদান কৰিছে ৷ কিন্তু বৰ্তমান যিদৰে সীমা বিবাদক কেন্দ্ৰ কৰি উত্তেজনা বৃদ্ধি পাইছে এয়া সাময়িক বুলি এৰাই চলিব পৰা বিধৰ নহয় ৷ প্ৰতিবাদকাৰী সকলৰ মতে শান্তিপূৰ্ণ প্ৰতিবাদৰ মাজতে আজি একাংশ অৰুণাচলৰ লোকে শিলাবৰ্ষণ কৰে আৰু প্ৰতিবাদকাৰীৰ বহুকেইগৰাকী আঘাতপ্ৰাপ্ত হয় ৷ অৰুণাচলৰ সূত্ৰ মতে TMPK-ৰ সমৰ্থক সকলে অৰুণাচল ফালে পাৰ হৈ লিকাবালিত পথ অৱৰোধ কৰাৰ চেষ্টা চলাওঁতে পৰিস্থিতি উত্তপ্ত হৈ পৰাৰ অভিযোগ কৰিছে ৷ এনে পৰিস্থিতিৰ মাজতে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই "অসম অৰুণাচল প্ৰদেশৰ মাজৰ সম্পৰ্ক কেৱল কেৱল সীমাৰ মাজত আৱদ্ধ নহয়" বুলি কৈ শান্তি-সম্প্ৰীতি বজাই ৰখাৰ আহ্বান জনোৱাৰ সমান্তৰালকৈ অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু ডাঙৰীয়াও ড৹ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানক সমৰ্থন জনায় ৷ এটা দীৰ্ঘদিনীয়া সমস্যা ৷ পুৰাবৃত্তি ঘটা মানেই ভাতৃত্ববোধৰ এনাজৰিডালত ঘূণে ধৰা ৷ যি হয়তু নিজৰ মানুহখিনিৰ মাজত দূৰত্ব সৃষ্টি কৰিছে ৷ অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু ডাঙৰীয়াই কৈছে বিজেপি চৰকাৰ অহাৰ পূৰ্বে কোনো এখন চৰকাৰে সীমা সমস্যা সমাধানত গুৰুত্ব নিদিলে ৷ অৱশ্যেই পূৰ্বৰ পৰা সীমা সমস্যা সমাধানৰ কাৰ্যকৰী, ক্ষীপ্ৰ পদক্ষেপ গ্ৰহণ কৰিলে হয় আজিৰ পৰিস্থিতি উদ্ভৱ নহ'ল হয় ৷ সেয়া যা হওক অতি সাম্প্ৰতিক স্পৰ্শকাতৰ পৰিস্থিতিলৈ চাই ক'ব লাগিব উল্লেখিত সেই অমীমাংসিত অঞ্চল সমূহত চৰকাৰী পদক্ষেপক লৈ দুয়োপক্ষৰ প্ৰচাৰ, সজাগতা সৃষ্টিৰ প্ৰয়োজনীয়তা আছিল ৷ ধৈৰ্যৰ বাবে আহ্বান জনোৱাৰ প্ৰয়োজনীয়তা আছিল ৷ আজিৰ পৰিস্থিতি কাইলৈ যদি সমাধান হৈ যায় দুদিন পিছত অনুৰূপ ঘটনাই সংঘটিত নহ'ব মানে নাই ৷ গতিকে চৰকাৰী পক্ষই যি পাৰি দূৰদৰ্শী, ফলদায়ক, ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে ৷ ভাতৃত্ববোধ এটা আহ্বানত ৰক্ষা নপৰিবও পাৰে, যদিহে তাৰ বাবে পৰিৱেশ অনুকুল নহয়, যদিহে সেই পৰিৱেশ নিৰ্মাণ কৰা নহয় ৷ অৱশ্যে এই সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে মানৱীয়তা, ঐতিহাসিক সম্পৰ্কৰ কথা সোঁৱৰাবই লাগিব ৷ অসমৰ মানুহে বিচাৰিছে দোষীক কৰায়ত্ত কৰিব লাগে তেতিয়া প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ কৰিব ৷ দোষী সদায় দোষী ৷ প্ৰশাসনৰ লোকেই হওক বা নাগৰিকেই হওক ৷ গতিকে দাবী সমূহক কাৰ্যকৰী কৰিলেই সাময়িকভাৱে উত্তেজনা শাম কটাৰ সম্ভাৱনা আছে ৷ বিপৰীতে প্ৰতিটো মুহূৰ্তত সাতামপুৰুষীয়া ভাতৃত্বৰ সম্পৰ্কত ফাট মেলাৰ সম্ভাৱনা আছে ৷ সামাজিক মাধ্যম যোগে অসম, অৰুণাচলৰ দুয়োপক্ষৰ লোকে আত্মপক্ষ সমৰ্থনত ভাষ্য প্ৰকাশ কৰি সন্দেহজনক ধাৰণা কিছুমান সাধাৰণ দৰ্শকৰ মনত সোমোৱাই দিয়া দেখা গৈছে ৷ গতিকে এই পৰিস্থিতি খন্তেকীয়া বুলি এৰাই চলা অনুচিত ৷ ঐতিহাসিক ভাই-ভাই সম্পৰ্কক বিনষ্ট কৰাৰ এখন ক্ষতিপূৰ্ণ যুদ্ধ, যি ক্ষতি কোনোকালে পূৰ হোৱাৰ সম্ভাৱনা নাই ৷ উত্তৰ পূবৰ লোক ঐতিহাসকভাৱে পৰস্পৰ নিৰ্ভৰশীল ৷ এই ক্ষতিয়ে শীতল দ্বন্দ্বৰ স্থায়ীত্বক আদৰণি জনাব ৷ @Bastov Maran

No comments

আৰ্জেন্টিনাৰ সাগৰ শুকাই যোৱা ভাইৰেল ভিডেঅ' সত্য নে ?

  আৰ্জেন্টিনাৰ সাগৰ শুকাই যোৱা ভাইৰেল ভিডেঅ' সত্য নে ? আৰ্জেন্টিনাৰ Punta Mogotesত সাগৰ শুকাই যোৱাৰ দাবীৰ আঁৰৰ আচল ৰহস্য ফাদিল ৷ শেহতীয়...

Powered by Blogger.