দুয়োখন ভৰি হেৰুৱাই এভাৰেষ্ট জয় কৰা হৰি বুধা মগৰ আমাৰ বাবে কিয় প্ৰেৰণাৰ উৎস হ'ব পাৰে

 

দুয়োখন ভৰি হেৰুৱাই এভাৰেষ্ট জয় কৰা হৰি বুধা মগৰ আমাৰ বাবে কিয় প্ৰেৰণাৰ উৎস হ'ব পাৰে ...


নেপালৰ অতি দুৰ্গম ৰ'লপা জিলাৰ থাৱাং গাঁও পালিকাৰ মিৰুল গাঁৱত ১৯৭৯ চনত জন্ম হৈছিল হৰি বুধা মগৰৰ । সৰুৰে পৰা সপোন আছিল সৈনিক হোৱাৰ । দৰিদ্ৰ পৰিয়ালৰ ল'ৰা হৰিয়ে ১৯ বছৰ বয়সতে সেই সপোন পূৰণ কৰিলে, বিশ্বৰ আটাইতকৈ সাহসী বুলি খ্যাত ব্ৰিটিছ আৰ্মিৰ ৰয়েল গোৰ্খা ৰাইফলছত যোগ দিলে । তেওঁ প্ৰায় ১৫ বছৰ সগৌৰৱেৰে সেৱা আগবঢ়ালে ।

কৰ্তব্যৰত অৱস্থাত থকা হৰিয়ে ২০১০ চনত আফগানিস্তানৰ হেলমান্দ প্ৰদেশত এদিন টহল দি আছিল । তেনে সময়তে হঠাৎ ভৰিৰ তলত এটা IED বিস্ফোৰণ ঘটে । হৰিৰ বাবে গোটেই পৃথিৱীখন অন্ধকাৰ হৈ গ'ল । যেতিয়া জ্ঞান ঘূৰি আহিল, তেওঁ দেখিলে দুয়োখন ভৰি আঁঠুৰ ওপৰৰ পৰা নাই । শৰীৰত অজস্ৰ আঘাত...।


হৰিৰ বাবে মৃত্যুতকৈও যন্ত্ৰণাময় হৈ পৰিল জীৱনটো । এবছৰ ধৰি হাস্পতালত থাকিল । তাৰ পিছত ঘৰলৈ আহিল যদিও নিজকে বোজা যেন লাগিল । মানসিক অৱসাদ, হতাশা ইত্যাদিয়ে আৱৰি ধৰিলে । মদ্যাপানত ব্যস্ত হৈ পৰিল হৰি । এবাৰ আনকি জীৱন শেষ কৰি দিয়াৰ কথাও ভাবিছিল। তেওঁ নিজেই এটা সাক্ষাৎকাৰত কৈছিল - "মই ভাবিছিলো মোৰ জীৱন শেষ হৈ গ'ল । কিন্তু মোৰ সন্তানৰ মুখখন মনলৈ অহাত ভাবিলো সিহঁতৰ বাবে মই জীয়াই থাকিব লাগিব ।"

পৰিয়ালৰ সাহসত তেওঁ লাহে লাহে ক্ৰীড়াৰ জগতত সোমাই পৰিল । পেৰালিম্পিকৰ প্ৰায়বোৰ ইভেণ্টতে অংশ ল'লে - বাস্কেটবল, ভলীবল, টেবুল টেনিছ ইত্যাদি । তাৰ পিছত এডভেঞ্চাৰ স্প'ৰ্টছ - স্কিইং, গ'ল্ফ, চাইক্লিং, কায়াকিং আদি কৰিবলৈ আৰম্ভ কৰে । তেওঁ হৈ পৰিল নেপালৰ প্ৰথমজন বিশেষভাৱে সক্ষম স্কীয়াৰ । খেলে তেওঁক নতুন জীৱন দিলে ৷

ইংলেণ্ডৰ Canterbury ত পৰিয়ালৰ সৈতে থাকি তেওঁ পৰ্বতাৰোহণৰ প্ৰশিক্ষণ ল'লে আৰু পিছলৈ নিজেই এজন পৰ্বতাৰোহণ প্ৰশিক্ষক হ'ল ।


সৰুতে তেওঁ টেনজিং নৰ্গে আৰু এডমাণ্ড হিলাৰীৰ কাহিনী পঢ়িছিল । পৰ্বতাৰোহনৰ তীব্ৰ হেঁপাহ ৷ সপোনটো পুনৰ জী উঠিল । ২০১৩ চনত যেতিয়া ব্ৰিটিছ গোৰ্খাৰ এটা দল এভাৰেষ্টলৈ যাবলৈ সাজু হোৱা বুলি গম পালে, হৰিয়ে তেওঁলোকৰ দলপতি কৃষ্ণ থাপা মগৰক লগ ধৰিলে ।

কিন্তু তেনেতে ডাঙৰ বাধা আহিল নেপাল চৰকাৰৰ পৰা । নেপালৰ আইন অনুসৰি দুয়োখন ভৰি নোহোৱা আৰু চকুৱে নেদেখা লোকে পৰ্বতাৰোহণ কৰিব নোৱাৰে । হৰিয়ে হাৰ নামানিলে । তেওঁ আৰু কেইবাজনো পৰ্বতাৰোহীয়ে মিলি উচ্চতম ন্যায়ালয়ত আবেদন কৰিলে । ২০১৮ চনত আদালতে সেই বৈষম্যমূলক আইন বাতিল কৰিলে । হৰিৰ বাবে এভাৰেষ্টৰ দুৱাৰ মুকলি হয় ৷

তেওঁ খৰখেদা নকৰিলে । প্ৰথমে শৰীৰটো পৰীক্ষা কৰিলে । ২০১৬ চনত কাঠমাণ্ডুৰ গোসাইকুণ্ড আৰু অন্নপূৰ্ণা চাৰ্কিটত ট্ৰেকিং কৰিলে । ২০১৭ চনত ৬৪৭৬ মিটাৰৰ মেৰা পিক বগাই ইতিহাস ৰচিলে ৷ গুৰুত্বপূৰ্ণ যে দুয়োখন ভৰি আঁঠুৰ তলৰ পৰা নোহোৱাকৈ ৬০০০ মিটাৰৰ ওপৰৰ শৃংগ বগোৱা হৰি হ'ল প্ৰথম ব্যক্তি ।


তাৰ পিছত তেওঁ থমকি নৰ'ল:
- ২০১৯ - ইউৰোপৰ মণ্ট ব্লাঙ্ক (৪৮১০ মিটাৰ)
- ২০২০ - আফ্ৰিকাৰ কিলিমাঞ্জাৰো (৫৮৯৫ মিটাৰ)
- ২০২৩, ১৯ মে' - এছিয়াৰ এভাৰেষ্ট (৮৮৪৯ মিটাৰ) - দিনৰ ৩ বজাত সাগৰমাথাৰ চূড়াত
- ২০২৪ - উত্তৰ আমেৰিকাৰ ডেনালি (৬১৯৪ মিটাৰ)
- ২০২৫ - দক্ষিণ আমেৰিকাৰ একনকাগুৱা (৬৯৬১ মিটাৰ) আৰু ওচেনিয়াৰ কাৰ্ষ্টেনজ পিৰামিড (৪৮৮৪ মিটাৰ)
- ২০২৫ - এণ্টাৰ্কটিকাৰ মাউণ্ট ভিন্সন - ইয়াৰে সৈতে ৭ মহাদেশৰ ৭ টা সৰ্বোচ্চ শৃংগ জয় কৰে ৷


আজি তেওঁ কেৱল পৰ্বতাৰোহী নহয়, লাখ লাখ বিশেষভাৱে সক্ষম লোকৰ বাবে প্ৰেৰণা । ব্ৰিটিছ চৰকাৰে তেওঁক MBE সন্মানেৰে সন্মানিত কৰিছে ৷


তেওঁৰ এই অপ্ৰতিৰোধ্য মানসিকতাই সমগ্ৰ মানৱ জাতিক শিকাইছে যে শাৰীৰিক ভাৱে প্ৰতিবন্ধকতা থাকিলেও, ভাগ্য সঠিক স্থানত নাথাকিলেও, কিন্তু মনটো যদি শক্তিশালী হয়, তেন্তে মানুহে এভাৰেষ্টকো চৰণত ৰাখিব পাৰে ।

#HariBudhaMagar #Everest #Inspiration #Gurkha #NewslineNE #nepal

No comments

আৰ্জেন্টিনাৰ সাগৰ শুকাই যোৱা ভাইৰেল ভিডেঅ' সত্য নে ?

  আৰ্জেন্টিনাৰ সাগৰ শুকাই যোৱা ভাইৰেল ভিডেঅ' সত্য নে ? আৰ্জেন্টিনাৰ Punta Mogotesত সাগৰ শুকাই যোৱাৰ দাবীৰ আঁৰৰ আচল ৰহস্য ফাদিল ৷ শেহতীয়...

Powered by Blogger.