ম'হ যুঁজ বনাম মানৱতাঃ
মাজতে চিঞৰ শুনা গৈছিল যে তামিলনাডুৰ পংগলৰ সময়ত আয়োজন কৰা পৰম্পৰাগত জালিকুট্টা উচ্চতম ন্যায়ালয়ে নিষিদ্ধ কৰাৰ সময়ত সমগ্ৰ ৰাজ্যখনতে প্ৰতিবাদৰ সৃষ্টি হৈছিল; কিন্তু অসমৰ মাঘ বিহুৰ সময়ত আয়োজন কৰা পৰম্পৰাগত ম'হযুঁজ ন্যায়ালয়ে নিষিদ্ধ ঘোষণা কৰাত অসমীয়া সকলে প্ৰতিবাদ নকৰিলে কিয় বা কৰা নাই কিয়!
কথাটো আমি আচলতে কোনটো আৰু কি দৃষ্টিৰে চাম ! তামিলসকলে এটা পৰম্পৰা ৰক্ষাৰ নিমিত্তে যুঁজিলে ৷ সফলো হ'ল ৷ অসমীয়া সকল সেই মানসিকতাৰ অধিকাৰী নেকি যে এটা পৰম্পৰা শেষ হৈ গ'লেও উদাস হৈ ৰ'ব ! নে ইয়াৰ উপৰিও প্ৰতিবাদ নকৰাৰ অন্য যুক্তি আছে যিটো সম্প্ৰতি অসমীয়াই উচিত বুলি বুজি উঠিছে ৷
সম্প্ৰতি মানৱতাৰ অৱক্ষয়ে পৃথিৱীৰ সচেতন মহলক ভাবুক কৰি তুলিছে ৷ ইতিহাসৰ পৰা মানৱতাই লাঞ্ছিত হৈ আহিছে ৷ মানৱ সমাজ প্ৰাযুক্তিকভাৱে বহুদূৰ আগুৱাই গ'ল ৷ অথচ্ ইতিহাসতকৈও গভীৰভাৱে মানৱতাক উলংঘা কৰা হ'ল ৷ চমুৱাই ক'ব লাগিব যে সেয়ে সচেতন মহলে মানৱতা ৰক্ষাৰ বাবে বিভিন্ন দিশ বা আইন তৈয়াৰ কৰিব লগা হ'ল; সেয়া মানুহৰ বাবেই হওক অথবা অন্য-বন্য প্ৰাণীৰ ক্ষেত্ৰতেই হওক ৷
অসমীয়াৰ পৰম্পৰাগত ম'হযুঁজ দুটা প্ৰাণীৰ জীৱন-মৰণৰ যুঁজ ৷ অথচ মানুহে তাত আনন্দ উপভোগ কৰে ৷ ন্যায়ালয়ে হয়তু দিশটো চালি-জাৰি চাইছে আৰু উচিত বুলি সিদ্ধান্ত এটা বলবৎ কৰিছে ৷ ন্যায়ালয়ৰ এইটো উদ্দেশ্য হ'ব নালাগে যে এটা জাতিৰ পৰম্পৰা কিছুমান নষ্ট কৰা হওক ৷ এই দৃষ্টিত অসমীযা সকলে প্ৰতিবাদ নকৰাটো ইতিবাচক ৷ কাৰণ পৰম্পৰা এটাত যদি মানৱতাক ব্যাঘাত জন্মোৱা অনিয়ম জড়িত থাকে সেই পৰম্পৰাক ৰক্ষা কৰিবলৈ যোৱাটো মানৱীয় কাম নহ'ব আৰু ম'হযুঁজৰ দৰে পৰম্পৰাত প্ৰাণীবিধৰ প্ৰতি অবিচাৰ কৰা হ'ব ৷ আমি এতিয়া ক'ব খোজিম নেকি যে ইমানদিনে প্ৰাণীবিধৰ ওপৰত চৰম অন্যায় কৰি অহা হৈছিল; যিটো আৰম্ভ হৈছিল ৰজাদিনীয়া বিলাস-বিনোদন কাৰ্যসূচীৰ পৰা !
স্পৰ্শকাতৰ এই নিষিদ্ধ বিষয়টোক আমি সন্মান জনাব পাৰো ৷ পৰম্পৰা বহু থাকে ৷ থাকে বিলাস-বিনোদনৰ বহুতো দিশ-দিন ৷ আমি উদযাপন কৰিব পাৰো ৷ আমি কিমানটা হেৰুৱা পৰম্পৰা উদ্ধাৰ আৰু সংৰক্ষণৰ দিহা কৰি আহিছো ! পৰম্পৰা বিবেচনাৰে অপ্ৰাসংগিক আৰু ক্ষতিকাৰক বিষয় কিছুমানত মাত মতা ভাল নে! পৰিৱৰ্তনৰ আৰু পৰিশোধনৰ বাবে বাট মুকলি কৰি ৰখা উচিত ৷ আপুনি ভাবেনে এনেদৰে? ভাবিব পাৰো নিশ্চয়কৈ ৷
আকৌ পৰম্পৰা একোটা হেৰুওৱা মানে জাতীয় সংস্কৃতিৰ প্ৰতি ভাবুকিস্বৰূপ হ'ব পাৰে নেকি! ক্ষতি হ'ব নেকি সাতামপুৰুষে মানি অহা; যিয়ে নেকি জাতীয়ত্বৰ পৰিচয় বহন কৰে; তেনে এটা নিয়ম হেৰুৱালে ? এইখনি কথা বিবেচনা হ'ব মানৱতা দীক্ষাৰে দীক্ষিত আপুনি কিমান জাতীয়তাবাদী তথা জাতীয়তা দীক্ষাৰে দীক্ষিত আপুনি কিমান মানৱতাবাদী ! ইয়াৰ ওপৰতে নিৰ্ভৰ কৰিব সমাজ এখনৰ জাতীয় আৰু মানৱীয় স্বচ্ছতা ৷

No comments