অৰ্থনৈতিক শীতঃ

বৰ্ষা উজ্জ্বল শীতৰ
পাহ

মোৰ জ্যেকেটৰ জেপত
খুচুৰা পইচাবোৰ
চিঞৰিছে

ফুলবোৰে ডিঙিচেপা দিছে
পইচাবোৰক

উৰি যাওঁ উৰি যাওঁ
হামখুৰি খোৱা উশাহ

আৰু বেলি লহিওৱা দিশত একেখনে নাট
এজাক এন্দুৰৰ নৱজাতক
ঠেৰেঙা লাগিছে মেৰুদেশীয় শীতত ৷৷


কেনে আছোঁঃ

সন্ধ্যাফুলা সময়ত
তোমাৰ কাতৰতাত বিচ্ছিন্ন হয় মোৰ
প্ৰাত্যহিক উশাহ

সন্ধ্যা মানেনো কি
তোমাৰ বাবে এতিয়াও এজাক জোনাকীৰ
তলবল উলাহ ৷ সেয়া ভাল কথা ৷

মোৰো দিন ভাল
বিষণ্ণতাক নিচুকাব খোজে
জোনৰ সাধু শুনা তৰাৰ হুলস্থূলীয়া হাঁহিবোৰে ৷
ধৰি ল'বা সেয়াই অতি প্ৰাত্যহিকতা মোৰ ৷


জিজিবোৰঃ

পানীৰ পৃথিৱীত
ঢৌৱাই উটি ফুৰা হাইতাল জিজিবোৰক
মৰাৰ ভাবুকি দিয়া হ'ল

মগজুৰ ইফাল-সিফাল ঘটাই
বিহ বনোৱা হ'ল

জিজিবোৰৰ মৃত্যু
জিজিবোৰ খাদ্য

দুখি হ'ব নোৱাৰিলো
মোৰ সোণালি-ৰূপালি
তঁহতৰ সমাধি সাজিব নোৱাৰিলো কোনোদিনে !!



No comments

এটি লপা সেংবাদিক আও এটি চাউল চো' এজেন্ট্

( মৰাণ সকলৰ কথিত ভাষাত এক ক্ষুদ্ৰ প্ৰয়াস ) -ইঔ গেদেং খালৈ ! মবিয়লটোকো বাওকে ধয়িব নেজান'! দে দে তই এ মাইক কেটা ধ' হ' ৷ কেমেয়া ময়...

Powered by Blogger.