অনসূয়া পালঃ

অনসূয়া পাল ৷ অনসূয়াই ক'লে; ৰৈ ৰৈ আহিন আহিল, নিয়ৰ সৰা নাই ৷ আহিন বেসুৰা হ'ল ৷ ৰস পমি গ'ল ৷ অনসূয়া তুমি আহিনৰ বাবে ইমান বাট চোৱা ! অনসূয়া তুমি নিয়ৰ ইমান ভালপোৱা ! অনসূয়াই ক'লে আহিনৰ নিয়ৰ মোৰ আৱেগৰ সহচৰ ৷ নিযুত অংকুৰণৰ প্ৰতিশ্ৰুতি ৷ ঘূৰি-ফুৰি-ছাকি একো নাপালে আবতৰীয়া সময়তো নিয়ৰৰে বেণী গাঁঠো হৃদয়ত নিৰলে ৷ তুমি পাগলী ৷ পাক্কা বলিয়ামী কৰা তুমি ৷ চুলিমেলি বহি থাকা আহিনৰ ৰ'দত ৷ নিয়ৰ লাগে বুলিয়ে চেঁচা অনশন ৷ অনসূয়া তুমি সঁচাসচিকৈ পাগলী ৷ নিয়ৰ আৰু নাহে উভতি ৷ গোলকীয় উষ্ণতা অনসূয়া তোমাৰ পৃথিৱীত ৷



অস্থিৰতাঃ

সৰিয়হৰঙী জোনাকক পঘাৰে বান্ধি লৈ কোনে আহি মেলি থৈ গ'ল মোৰ সপোন কুঁৱাত এজাক বিষণ্ণ খলিহনা ! কান্ধত ক্ৰুচ পিন্ধাই লৈ কোনে বাৰু চেঁকুৰাই থাকে যিশুখ্ৰীষ্টৰ দৰে মোৰ হেঁপাহবোৰক ! কেনেকৈ যে ফাটি যোৱা সপোন-দেহৰ সৰি সৰি যোৱা বাটৰ তেজবোৰ ফটাকানিৰে টুকি টুকি গৈ থাকো ! গৈ থাকো ৷ কিয় গৈ থাকো ইমানতো ! কি দিব খোজে উশাহে পিন্ধাব খোজে কি ওৰেটো জীৱন ! একেটা উশাহৰ নামতেই ৰিক্তস্নেহৰ সমাধি সাজি সাজি নিজেই এটা অপূৰ্ব সমাধি হওঁ ৷৷ সৰ্পিল সময়ৰ পদচিহ্ন গৰকি গৈ থকা উশাহে আকৌ নাজানে মৃত্যু মানে কি ! হয়; সেয়ে বাৰে বাৰে সমাধি ভাঙি উলাই আহি সূৰ্য্যমুখী হ'ব খোজো !



বিৰহ বিষণ্ণতাঃ

অতীতক পাহৰাৰ কচৰৎ কৰি অহা হ'লে পাহৰি পেলালো হয় কলিজাত জেওৰা অবিহনে ফুলি ৰোৱা নাৰ্জিজোপা ! সকলো কথা মানি লোৱাৰ কথা ইতিমধ্যেই দি ৰখা হৈছিল ৷ সকলো কথা মানি লোৱা কথাটো ভালপোৱাৰ নিমজ সৰলতা ৷ সম্পৰ্কচ্ছেদৰ কথাই কোৱা যদি সেই সৰলতাৰ অৰ্থ কি ৰ'ল ! সেই সৰলতা হৃদয়ৰ স্বাভাৱিকতা ৷ স্বভাৱিকতা যেতিয়া পংগু হয় নষ্ট হয় ইকাল-সিকাল স্বকাল ৷ এনে বহু পৰিঘটনা ঘটে; বালিবোৰ শিল হয়, নতুন কাপোৰবোৰ পুৰণা হয় ৷ এটা সম্পৰ্কত কেনে ঘটনা ঘটে প্ৰেমিকে জানে ৷ ক্লিওপেট্ৰাক মই চিনি পাওঁ ৷ তাজমহলে কিয় হাঁহে অনন্তকালে আনকি সেয়াও ৷ আৰু কোৱা, পৃথিৱীত এনে কি তাগিদা আছে যাৰ শীতল চুৰিকাঘাটেৰে তুমি বলি দিব খোজা এটা সেন্দূৰীয়া আলিংগন ৷


আত্মগাথাঃ

আপুনি যদি এগৰাকী প্ৰেমিক(?)
কথাটো নিশ্চয় বুজিব
মোৰ ভালপোৱাই মোক পাহৰি যোৱাৰ কথা কৈছে
মোৰ ভালপোৱাই মোৰ পৰা স্বাধীনতা বিচাৰিছে ৷
ভালপোৱাৰ এক সৰল আৱদাৰ অথচ
সহ্যাতীত পাগলামী ৷
সাপৰ দৰে ছাল সলায় ভালপোৱাইও
মই যে কেনেকৈ পাহৰো শাওণৰ পথাৰত
বোকা-পানী সনা ঘামে ধুৱা 'পুৰণি' সাজ !

No comments

এটি লপা সেংবাদিক আও এটি চাউল চো' এজেন্ট্

( মৰাণ সকলৰ কথিত ভাষাত এক ক্ষুদ্ৰ প্ৰয়াস ) -ইঔ গেদেং খালৈ ! মবিয়লটোকো বাওকে ধয়িব নেজান'! দে দে তই এ মাইক কেটা ধ' হ' ৷ কেমেয়া ময়...

Powered by Blogger.