হাফলু টিংঃ

এদিন বাঢ়ি আহিছিল সম্পৰ্কবোৰ
এদিন গাঢ় হৈ আহিছিল কলিজাৰ ৰং

অৱচেতনিক আত্মবিলাসে নুৰিয়াই লৈছিল
উশাহৰ খৰস্ৰোত পথচোৱা
গৈ থকাৰ হেঁপাহে আকুল কৰি তুলিছিল
আৱেগে তিওৱা ৰ'দালি উলাহ

এনেদৰে চলি থাকে ভব্য-সভ্য ধপধপনি বুকুৰ
গৈ থাকো গৈ থাকো গৈ থাকো

এই যে বেলি সৰে নিজানত
উশাহৰ স'তেও চুক্তি আছে তাৰ
সেয়ে নিজম পৰে ৰঙীণ বাটৰ চেতনা

সম্পৰ্কবোৰ লাহে লাহে বিভাজিত হয়
নেদেখা হওঁ মুখবোৰ, অনাগত নহয়
অতীতৰ কথোপকথনক সোঁৱৰো

যি সময় কোনোদিন নৰয়
সেই সময়ৰ আঁজুৰত চিঞৰো
আমিবোৰ আৱেগঢলা শাণত শাণিত

সান্নিধ্যবোৰ দূৰীকৰণ কৰিছে সময়ে
নিজৰ পৰা নিজকো

প্ৰত্যহ এটা হাফলু টিং বিচাৰি ঘূৰ্মুতিয়াই ফুৰিছো
নিজকে অকণ নিলগৰ পৰা চাবলে'
নিজৰ পৰা কিমান দূৰৈত অৱস্থানৰত নিজৰ নক্ষত্ৰাত্মা ৷
.
☞০২৷১০৷২০১৬

No comments

আৰ্জেন্টিনাৰ সাগৰ শুকাই যোৱা ভাইৰেল ভিডেঅ' সত্য নে ?

  আৰ্জেন্টিনাৰ সাগৰ শুকাই যোৱা ভাইৰেল ভিডেঅ' সত্য নে ? আৰ্জেন্টিনাৰ Punta Mogotesত সাগৰ শুকাই যোৱাৰ দাবীৰ আঁৰৰ আচল ৰহস্য ফাদিল ৷ শেহতীয়...

Powered by Blogger.