নেৰুদা অহা বাটেঃ

নেৰুদা অহা বাটে
বাট বুলিব খোজা উশাহবোৰ উপেক্ষিত হয়
মোৰ প্ৰদেশত
অথচ জোনাকি পথ, সমন্বয় পথৰ দৰে
ফলক অঁৰা হয় তেওঁৰ নামত ৷

নেৰুদা কিয় এটা কবিতা আছিল
কবিতাই কিয় লম্ভিছিল নেৰুদাক

ভোকৰ কঠিন যুগৰ মাটিত
তেওঁ ভৰি ৰাখিব পৰা নাছিল
ভোকে সজা কংকালবোৰ তেওঁ
সহিব পৰা নাছিল
ভোকক বস্ত্ৰৰ দৰে সাজ পিন্ধোৱা
আসুৰিক হাতবোৰ তেওঁ মৃত্যু কামনা কৰিছিল
হয়
সেই বাবেই নেৰুদা
নেৰুদা হৈ পৰিছিল ৷
কবিতা হৈ চিঞৰিছিল

নতুন ল'ৰাও এই কথা জানে যে
মোৰ প্ৰদেশত নেৰুদাৰ বাট শীতলভাৱে
কিয় নিষিদ্ধ কৰা আছে ৷
ৰঙা ৰঙা চিলাবোৰ ৷
ৰঙা ৰঙা হাতবোৰ ৷
ৰঙা ৰঙা চেল্যুটবোৰ ৷
অথচ নেৰুদাৰ হাতত হাত থৈ গীত গোৱা সত্বাবোৰ
ইয়াত মাৰি পেলোৱা হয় ৷
পোখাবোৰ উভলি পেলাব খোজা হয়

ইয়াত নেৰুদা এটা কৰুণ সাধুকথা
ৰূদ্ধ নেৰুদা অহা লাল শ্ল'গানৰ বাট ৷

No comments

এটি লপা সেংবাদিক আও এটি চাউল চো' এজেন্ট্

( মৰাণ সকলৰ কথিত ভাষাত এক ক্ষুদ্ৰ প্ৰয়াস ) -ইঔ গেদেং খালৈ ! মবিয়লটোকো বাওকে ধয়িব নেজান'! দে দে তই এ মাইক কেটা ধ' হ' ৷ কেমেয়া ময়...

Powered by Blogger.