মেটেকাৰঙী সন্ধ্যাঃ


মেটেকাৰঙী সন্ধিয়া
হাস্নাহানা কুঁৱলিবোৰ সৰি সৰি
নিয়ৰ হয় জিকাফুলৰ হেন্দালিত
শীতল ওৰণিৰে মুখ ঢকা টুপালবোৰ
অলংকাৰিত সাজ এৰি পানী হয় আৰু
ঢৌ তুলে স্ৰজনৰ গাণিতিক সমুদ্ৰত ৷৷


নিষিদ্ধ ঈশ্বৰঃ
(বৰপেটা নামঘৰত নাৰী প্ৰৱেশ নিষিদ্ধ বিষয়ত)

বাদ দিয়া বুজিছানে
তোমালোকে নতুন শিকা
কেৱল তালৈকে নহয়
সকলো মন্দিৰৰ দোৱাৰ
তোমালোকৰ বাবে বন্ধ কৰা হওক
ইয়াতকৈ আৰু সুখবৰ একো নাথাকে ৷

ভগবানক বিচাৰি নুফুৰিবা
বিচাৰি বিচাৰি হুলস্থূল নকৰিবা
আচল কথা তোমালোকে জানা
ক'ত আছে নিৰাকাৰ
তেওঁৰ সঠিক ঠিকনা ৷

নাৰীৰে এখন দেশ সাজা
লিট্ল্ বয় অথবা ফেট্ মেন দলিয়াই
নষ্ট কৰা ভগৱানৰেই ৰাজ্য
আৰু প্ৰসাৰিত দুহাতে বেলিটো চিঙি আনা ৷🌻





No comments

আৰ্জেন্টিনাৰ সাগৰ শুকাই যোৱা ভাইৰেল ভিডেঅ' সত্য নে ?

  আৰ্জেন্টিনাৰ সাগৰ শুকাই যোৱা ভাইৰেল ভিডেঅ' সত্য নে ? আৰ্জেন্টিনাৰ Punta Mogotesত সাগৰ শুকাই যোৱাৰ দাবীৰ আঁৰৰ আচল ৰহস্য ফাদিল ৷ শেহতীয়...

Powered by Blogger.