মানুহ নমৰকঃ

মানুহ নমৰক
মৰাৰ আগতে
মৰক নৰখাদক

এই বুলি খেৰৰ জুপুৰীৰ পৰা
গধুলি-বন্দনাৰ দৰে বেৰ ভাঙি অহা কথাফাঁকি
আটায়ে হয় হয় বোলে

কোৱাকুই কৰে, আশীতোপৰ আইতাই সঁচাবোৰকে কয়
বেলিৰ দৰে ভাষা
ভবাই গুণাই দিনবোৰৰ কথকতা

আই ঐ দেহি
মানুহবোৰ নিজে নিজেই মৰিব এদিন
মাৰিব নালাগে

বাট মুকলাওতে নিজকে মাৰা
নিজৰে শ
সৰলখিনিয়ে উচুপা-উচুপি কৰে

নামাৰিবা বোপাইহঁত
মাৰিব নাপায় মানুহ
সিহঁতে তুমিয়ে একেই গীতকে গোৱা
কাণ পাতি শুনিব পাৰি বুকুত ৷

মৰমৰ দুহাত থাকোতে
ক'তনো লৰি ফুৰিছা পহু খেদি সপোন দেখি
পখিলাবোৰ দেখিছা
জিঞাবোৰ চৰাইবোৰ
ধুনীয়াকৈ জী থাকে

আহা আমি ওমলো
আহা আমি খেলো
দুহাত ধুই আহা
সাধু পঢ়ো, বুঢ়ী আইৰ সাধু

এটা শতিকা গঢ়ো
কলিজাৰ ইতিহাস পাঠ কৰো ৷৷



No comments

এটি লপা সেংবাদিক আও এটি চাউল চো' এজেন্ট্

( মৰাণ সকলৰ কথিত ভাষাত এক ক্ষুদ্ৰ প্ৰয়াস ) -ইঔ গেদেং খালৈ ! মবিয়লটোকো বাওকে ধয়িব নেজান'! দে দে তই এ মাইক কেটা ধ' হ' ৷ কেমেয়া ময়...

Powered by Blogger.