এনেকৈয়ে শিশুজাকঃ

সিহঁতবোৰে মৰম বিচৰা নাছিল
সিহঁতবোৰে আঘাত বিচৰা নাছিল

অথচ মৰম আকলুৱা আছিল
ভাৰসাম্যতা সিহঁতৰ চকু আছিল

চকুবোৰ উজ্জ্বল
সপোনৰ সাজ পিন্ধা

পথাৰৰ সৰু সৰু আলিবোৰ সিহঁতৰ
নৰাবোৰ আৰু ডাঙৰ গছজোপা

গছজোপা মেৰিয়াই সিহঁতে খেলে
এদিম চেদিম বা

কি আছিল
কি নাছিল
হাঁহিত মাতত
চিঞৰ বাখৰত

হঠাৎ এটা নব্য আতংকত সিহঁত চক্ খাই উঠে
আৰু উশাহ টুটা ভয়ত
নৰাচিঙা
ভৰিবতা দৌৰ

ক'লৈ ল'ৰিছে সিহঁতে নাজানে
জী থাকিবলৈ?
নাজানে

পানী পানী পানী
পানী নাই পৃথিৱীত সাগৰ নাই

জিৰাবলে ছাঁ নাই
পৃথিৱীত গছ নাই

লুকাবলে ঠাই নাই বাটৰ শেষ নাই
আইৰ কোলা ক'ত

উশাহবোৰ টুটি আহে
মৰ্ক'পল' মাৰ্ক'পল'
সিহঁতে চিনি নাপায় মৰুভূমি পদাতিকক

সিহঁতবোৰ অবোধ অংকুৰণ
দৌৰি থাকে নভবাকৈ ভয়ত

আৰু সন্ধ্যা হ'ল
সিহঁতবোৰ হেৰাল এন্ধাৰত

পুৱাল নে নুপুৱাল ৰাতি
কোনেও নাজানিলে
বাচিল নে নেবাচিল সিহঁতবোৰ
ক'তো খবৰ নোলালে ৷

No comments

এটি লপা সেংবাদিক আও এটি চাউল চো' এজেন্ট্

( মৰাণ সকলৰ কথিত ভাষাত এক ক্ষুদ্ৰ প্ৰয়াস ) -ইঔ গেদেং খালৈ ! মবিয়লটোকো বাওকে ধয়িব নেজান'! দে দে তই এ মাইক কেটা ধ' হ' ৷ কেমেয়া ময়...

Powered by Blogger.