আহিন-আৱেগ-উশাহ ইত্যাদিঃ


নৈপৰীয়া শিলচটাত দুখবোৰ ঠুকুচি থাকোতেই
টুপকৈ নিয়ৰ এটুপাল আহি ঠেকেচা খাই পৰিল
সমস্ত হীণতা আহি ভিৰ কৰা নীলাভ কপালত
এয়া আহিনৰে উমাল চেনেহ
শাৰদী সৰলতাৰ কোমল পৰশ
কালি সন্ধিয়া আহিছিল সি
বগা এজাক ঘোঁৰাত উঠি চেঁকুৰি চেঁকুৰি
কঁহুৱাবোৰে আদৰিছিল
কুঁৱলিয়ে সাজ সলাই দিছিল
তেতিয়া ইমানকৈ যে ঈৰ্ষা লাগিছিল, জ্বলিছিলো আমি–
কিয় নহ’লো আমিও আহিনৰ সহোদৰা হাঁহি!
ভাৱিছিলো, আহিল আৰু গুচি যাব এনেকৈয়ে সি
এপলকো নোচোৱাকৈ আমাৰ বকৰাণিত গজা
নৈশ-বিষাদ নুগুচা জুপুৰীবোৰলৈ
ঠিক তেনে নাছিল কথাটো
অন্ততঃ এই এটুপাল নিয়ৰ
আহিনৰ দান
আহিনৰ মৰম
আমি কেঁচাপতীয়া হৈ হৈ নাচিলো
আমি বিষাদবোৰ মেকুৰি-জোলোঙাত ভৰাই থৈ
শাৰদী উশাহ এটা টানিলো….
আমাৰো এসাগৰ ভালপোৱা
আহিন ! উজাৰি দিলো ৷




No comments

এটি লপা সেংবাদিক আও এটি চাউল চো' এজেন্ট্

( মৰাণ সকলৰ কথিত ভাষাত এক ক্ষুদ্ৰ প্ৰয়াস ) -ইঔ গেদেং খালৈ ! মবিয়লটোকো বাওকে ধয়িব নেজান'! দে দে তই এ মাইক কেটা ধ' হ' ৷ কেমেয়া ময়...

Powered by Blogger.