লকডাউন ডায়েৰীঃ

১) সপোন নেদেখাৰ বতৰ
ঘড়ীটোৰ বেটেৰী খুলি ৰাখিছো
সপোনো হেং মাৰি ৰৈ আছে

২) কপৌ তগৰে এইবাৰ
হাঁহিছে নে কান্দিছে
তাকে নুবুজিও দুখ লগা নাই

৩) অজস্ৰ সময়
আমি পিছুৱাই গৈ আছো
নহয় । আমি শিকিবলৈ ৰৈ গৈছো

৪) গোটেই পৃথিৱীখন
দুচকুত এবাৰ ভিজুৱেলাইজ কৰা
জীৱন দেখিবা উশাহ পাবা

৫) কিবা এটা আহিছে
মিনিটে প্ৰতি আন্দোলন হোৱা প্ৰদেশলৈ

৬) খাই মৰিবলেও অহা নাই
নেখাই মৰিবলেও অহা নাই
জীয়াই থকা নথকাটোৱেই এটা‌ সাংঘাটিক প্ৰশ্ন

৭) তেওঁলোক পথৰ অভিনেতা অথবা
অভিনেত্ৰী নহয় । জীৱন একোটা‌ ।
সেয়ে‌ এমুঠি অন্ন দিয়া পৰৱৰ্তী ৰূপায়ণলৈ ।

৮) স্তব্ধ সময়ৰ পাখি দুখন
কাটি পেলাম এদিন কৰুণাক হতুৱাই
গৰ্ভত থকা বিজ্ঞানীবোৰ অহাৰ আগতেই

৯) বহুতে বহু আৱিষ্কাৰ কৰিলে
তাৰে নিৰান্নৱৈ শতাংশ আজি স্তব্ধ
এই কথা এদিন কোনেও আৱিষ্কাৰ কৰা নাছিল ।

১০) ল'ৰা-ছোৱালীয়ে ঘৰতে শিকিছে
সকলোকে সপোনে খুন্দিয়াই থাকে

১১) তাই গ'লে ঘড়ীৰ বেটেৰীটো
আকৌ লগাম । সপোনক ৰিফ্ৰেছ কৰি ।

--- বাস্তৱ মৰাণ 

No comments

এটি লপা সেংবাদিক আও এটি চাউল চো' এজেন্ট্

( মৰাণ সকলৰ কথিত ভাষাত এক ক্ষুদ্ৰ প্ৰয়াস ) -ইঔ গেদেং খালৈ ! মবিয়লটোকো বাওকে ধয়িব নেজান'! দে দে তই এ মাইক কেটা ধ' হ' ৷ কেমেয়া ময়...

Powered by Blogger.