মন্দাকিনী নামি আহাঃ


মন্দাকিনী নামি আহা
আমোলন সময়ৰ আতুৰ হোৱা বাবেই তোমাক মাতিলো---- মন্দাকিনী

ইয়াততু  নুফুলে প্ৰত্যহ ইচ্ছাৰ বৰ্ণময় ফুল
মৰুৱা বনত নাবাজে ৰুণুক-জুনুক সুগন্ধীৰ জুনুকা
মেলেধুৱা শেলুৱৈৰ পৰুৱাবোৰ জোনাক নুমুৱা শ্ল'গানেৰে
নিশাৰ গীত গাই ঘূৰি ফুৰে, উকি মাৰে, খিলখিলাই হাঁহে
দোমোজাৰ ঘৰ সাজে হিমশীতল ৰঙীণ কলিজাবোৰত

এৰাবাৰীত হাইতাল জোনাকী পৰুৱাবোৰে
কি বিচাৰি ঘূৰি ফুৰে নিতাল এন্ধাৰত; আমি দেখি থাকো
দেখি থাকো শইচ্-হেঁপাহৰ ধূসৰ পৃষ্ঠাত মূৰ থৈ
কিদৰে টোপনি যাব পৰা নাই স্বপ্নাতুৰ কৃষক
সাঁতুৰিব পৰা নাই জলচৰ
খোজ কাঢ়িব পৰা নাই পৰ্যটক
ক্ৰমশঃ ত্ৰিছ অক্টোৱৰীয়া সময়ত ধূসৰ হৈ আহে অনুভৱ-অনুভূতি

এদিন সংগোপনে বাজি উঠিছিল ইয়াত বুকুৱে বুকুৱে
গংগাজলৰ পবিত্ৰ প্ৰাৰ্থনা-ৰাগিনী; এতিয়া বাজে অশ্ৰাব্যতা
জ্বলি উঠিছিল মমতাৰ চাকি এগছ; এতিয়া জ্বলে তেজৰ চিতা ৷
ফুলি ফুলিও মৰহি গ'ল সহমৰ্মীতা ৷ জাহ গ'ল নীৰৱতাত প্ৰেম আকুলতা ৷
সাঁথৰ হ'ল নৈয়েদি উজাই অহা এজাক হালধীয়া খলিহনা

মন্দাকিনী, উশাহবোৰেও সলালে নিজৰ সৰল ৰূপ
কান্ধত লৈ ফুৰে এজোলোঙা বিষাদ অাৰু অলপ এলান্ধু
বাঢ়ি আহে সাধুকথাৰ নতুন পৃষ্ঠাবোৰো
বনৰীয়া চৰাই শুকুলা আৱেগ নৈৰ গান
ভালপোৱা আৰু আমিবোৰ-----
বুকুত হাত থলেই এটা অকথিত সাধু যেন লাগে নিজক
লাহে লাহে আত্মিভোৰতাত জাহ যাওঁ আৰু সলনি হওঁ
একোটা বিষণ্ণ সামুদ্ৰীক চৰাইলৈ
ক'লৈ লৈ যাওঁ নিজক নতুবা সোণাৰু ইচ্ছাবোৰ
কেনেকৈ গঢ় দিওঁ গুলপীয়া বাট এটা ৷ আমিবোৰ আমি হৈ থকাৰ
বাসনাৰে কিদৰে সাজো এটা ভালপোৱাৰ সৌধ
নে ওৰেটো জীৱন চকুলুৰ মালিতা গাওঁ উত্তৰহীণতাত !

ইমানৰ পাছতো আমি বাট চাওঁ জোনাকৰ বাবে
যে সৰিয়হনীৰ পৰা উঠি আহক এটা সূৰ্য অথবা জোন
যে সখিয়তি দুহাতেৰে ফুল বাচক আমাৰ হৃদয়ে হৃদয়ে
যে আকৌ এবাৰ উদযাপন কৰো জীৱন, মন্দাকিনী !

সীমাহীণ এই প্ৰতীক্ষাৰ নামত নষ্ট কৰিছো বহু দিন-ৰাতি
অলেখ পল-অনুপল আৰু আত্মবিলাস
মন্দাকিনী--- নামি আহা
ধুৱাই নিয়া অশ্লীলতাৰ বৰ্বৰ সত্তা
আৰু এই স্বপ্নহীণ শিয়ালী ৰাতিবোৰ ৷


No comments

এটি লপা সেংবাদিক আও এটি চাউল চো' এজেন্ট্

( মৰাণ সকলৰ কথিত ভাষাত এক ক্ষুদ্ৰ প্ৰয়াস ) -ইঔ গেদেং খালৈ ! মবিয়লটোকো বাওকে ধয়িব নেজান'! দে দে তই এ মাইক কেটা ধ' হ' ৷ কেমেয়া ময়...

Powered by Blogger.