মৰাণ সকলৰ কথিত ভাষাত আমাৰ ক্ষুদ্ৰ এক প্ৰয়াস মাথোঃ (গল্পৰ দৰে)


মৰাণ বুঢ়ী 


হয়না নহয় দাই বুলি নঙলাটো খুলি সোমাই গলোং ৷ ইমান কে মাতি থাকে, আহিলোং মানুৱে নাই ৷ ইদিগি-সিদিগি চালোং ক'তো পিপৱা এটি নেদেখিলোং ৷ চিঞই কে চাং চোন বাটে ৷
--কেতেকি, ঐ কেতেকি ৷
মাতিলোং পাঁচ বা মান ৷ দোৱাখনি কেতেক কৱা শুনিলোং ৷
--ঈচই তই..আ ভিতলে আ ক ৷ কেনেকে চিনি পালি ঘ'টো ?
কেতেকিয়ে সুধিয়ে এতোৱা নাই কথাভোন ৷ ভিতত গৈকিনি বহিলোংগে ৷ দে চেঁচা পানী এবাতি দে যিবোলো ৷ কেতেকিয়ে কাঁহ বাতি এটাত পানী এবাতি আনি দিলে ৷ সেত' ঘ'টো বিচাই বিচাই কিমানখন যে হেবাথুই খাব লগিয়া হ'ল ঐ ৷ গিটেখন কলোং ৷

--তুহুঁত বাইচি এজনি আছে বোলা নহয়ন্নো, কলেহে গ'ল?
--উলাই গৈছে কবালে, কলে গৈছে ক' ৷ কেতেকিয়ে মোক তামোল এখনি দিলে ৷
--বাও যিবোলো ন' ?
--আছোঙাও তেআসৱ আখিবাদত ৷ আজি থাকি যাবি দেই ৷ ৰ মই চা পানী বনাং ৷
--এহ্ কেতেকি চাপানী তাপানীখন নেলাগে ৷
কেতেকিয়ে পানীচুঙাত সোমালেগেই ৷ মইও বাহিলে পিট পেলাং বুলি উলাই আহিলোং ৷ জেওৱাখন সিপাৱত পিৰিক কে পিট খিনি পেলাংতেই বুই মানুচ এজনিয়ে কিবা এটা ক'লে,
--য'তে ত'তে পিটভোন নেপেলাবি দেই ল'ৱা ৷
মই ভাবিলোং এইজনিয়ে কেতেকিয় জীজায়েকজনি হপাই ৷ দেখাত নোদোকাটিয়ে ৷ বুই হলো পয়ি থকা বিধ' যে নহ'ব ৷ ঘ'বায়ীত কাম-বন কয়িয়ে হপাই দেহাটি ঝিয়ইয়ে কয়ি থৈছে ৷ মই বুইজনিলে বাওকে চালোং ৷ ভাবিলোং মাত এষাই দিয়াখা যেনো বাও হ'ব ৷ কথা ক'লেও সাৱধানে ক'ব লাগিব নিচিনা লাগিছে ৷
--ক'লেহে গ'ছিলি আইতা?
বুইজনিৱ হাতত থকা লাখুটিডাল এডাল জেওৱাখুটি ৷ চিধ্ধা বুইজনি মোলে চাই মাওং বুলি খেদি আহিলে ৷ মই একোটো ততে নেপালোং ৷ এনেই মিছাকে মাৰ খাব নাই দেই বুলি মই ঘ'টোৱ পাছ দিগি ল' মায়িলোং ৷ বুই জনি ক' বুই আৱ ৷ মো পিছে পিছে খেদি আহিয়ে থাকিলে কিবা এষাই ভোনভোনাই ভোনভোনাই ৷ এনক্কা ভয় লাগিছে নহয় ৷ অচিনাকি জেগাত কথা নাই বটা নাই বুই এজনিৱ খেদা খোৱা খা কমতি ডাঙ' কথা না ৷ খেদি আহিয়ে আছে মই ঘ' মেইয়াই মেইয়াই ল' মায়িয়ে ফুইছোং চাক' ৷ কেবা পাকো হ'লগে ৷ কেতেকিয়ে পানীচুঙা পাই ধপধপ ধাপধাপ কৱা শুনিগিনি চিঞইলে--
--ঘূৰ ঘূৰ এ গওখন আকৌ সোমালেহিয়ে হপাই ৷
ইদিগি মো অৱস্তা বেয়া হৈ গৈছে ৷ মই কেতেকিক চিঞই চিঞই ক'লোং,
--গও নহয় ঐ কেতেকি, তুহুঁত বুইজনিয়ে মোক খেদি ফুয়িছে ঐ কেতেকি বচা ঐ মোক জল্দি ৷
কেতেকিয়ে ভিত' পা ল' মায়ি উলাই আহিলে আও বাইচাকক চিঞই চিঞই কলে--
--এ বাইচি সে'তো আলহি কেলে খেদিছ বাইচি নেখেদাবি সি মো লগ' হয় ৷
বুইজনি ব্ৰেক মাৰি ৰখি গ'ল ৷ হে জীয়ধন ৰক্ষা ৷ মই আঠুমোৱাত হাত দুখন দি দঙিগিনি ফেফাবলে লাগি গলোং চতালতে ৷ বুইজনিয়ে ইমান ল' মায়িও এফিও ফেফোৱা নাই ৷ ভাবিলোং তামানে এনেকে মানু খেদোৱা হিছকা আছে এ বুৰিয় ৷

বাওক্কে চাব লগিয়া হ'ল বুইজনিক ৷ আওবা কি কয়ে ৷ ভিতপা থৈলা এখন আনি ক'টালিত পায়িলে ৷ মোকো মাতিলে ৷ উচলে যাবলেকে ভয় লগা হ'ল ৷ নগলো আকৌ খেদাব বুলি ভয় ৷ এলমানি সাহস কয়ি গলোঙাৱ ৷ থৈলাখনঅ এদিগি বুই এদিগি মই ৷ মাজতে বুইয়ে চালিগেমেছাখন মেলি ল'লে ৷

সোধোং নোসোধোং কে বুইয়ক সুধিলোং,
--বাইচি একোটো আঁতে নেপালোং দেই ৷ কেলে ল' মৱালি তামানে ?
মোক তামোল এখনি দি বুইয়ে ক'লে,
--তহঁতি আজি যুগ' ল'ৱাভোনে খাই দিলি আৱ ৷ ভাবিলোং, কি খালোং তামানে ৷
--কি খালোং বাইচি?
--উচুনি কি বুছিলি ইতিয়া কি বুলছ' বাৱ? মই ভাবিলোং কিটো তামানে?
--মোক আইতা বুছিলি তই ৷
--এঁ কছিলোং কছিলোং ৷
--কি একাল হছে হেঁ কি একাল হছে জীজাই, বাইছি, জেই ইমানখন সমত থাকোংতে নোক' ভেষা এটিয়ে মাতিবলে ৷ নিজ বায়ীত শাক থাকোংতে কেলেনো নোক' বায়ীয় খাব লাগে কচোন তই?
কিচ্ ন' ৷ এ বুৰি বিয়াট জাতিয়তাবাদী চোক' ৷ ঠিকে কছে কৱাখা ৷----চা লৱা, তেহানি দিন' পা নোক'ভোন লংতে লংতে আম' মৱাণভোন' একো নেথাকিলেগেৱাৱ ৷ ভেষাটিতৌ গ'লেই ৷ মৱাণ' মাটি সম্পতি এদায় হ'লগে ৷ লাহে লাহে পিন্ধি থকা মেখেলাখনলেকে গছেগে ৷ বাকীভোন কথা নকঙে ৷ পহিছ পহ বোপাই নিজকে জানিবলে শিকিবি ৷ নিজ জাতিক বচাবলে নেজানিলে, নিজ' বস্তু, নিজ' ভেষা বিবহা কয়ি বেয়া পালে কি বুলি চিনাকি দিবি তুহুতি? উপইপুওষে দুষিব তুহুতক ৷ বুয়িয়ে ঢেই কথা কৈ গ'ল ৷

আয়াৱ ৷ কিবা ভাবিবলেকে টান লাগিছে এ বুই মুখত এভোন কথা ৷ যিভোন আমিও ভাবি নেপাং ৷ সঁচাকে দেই ঈচৰ ৷ ভাবিলোং বুইজনিয়ে মোক খেদাই একো বেয়া নকৈলে ৷ সে দিনাখনপা ভাবিলোং সঁচাকে আমি নিজ' জাতি-সংস্কৃতিক বচাবলে শিকিব লাগে ৷ নিজ ভাষাটি কবলে লাজ কয়িব নেলাগে ৷ নহলে আমক পাছ' চামে দুখিব বেয়াকে ৷ বুয়িঅ আপতি সেখিনিতে ৷ বিছুতিকে ধন্যবাদ বাইছি ৷ তই মো চকু মেল খোৱাই দিলিহে বুলিলোঙাৱ ৷ কেতেকিয়ে চা পানী দিলেহি বাহিয়তে ৷ বাইচিয়ে ক'লে
--এ জনি মো নাতিনী ৷ মাক বাপেক নাই ৷ কষ্ট কয়ি পহাই আছোং ৷ কোনোবা লৈ গ'লে যে মোকো লগত লৈ যাব লাগিব ক ৷ সেনেকে কৈ বাইছিয়ে ডাঙকে হাঁহি এচাটি মায়িলে ৷ বুয়িয়ে তা মানে মোকে কাট মায়িলে ৷ কেতেকিয়ে মোলে লাজতে ভিতলে ল' মায়িলে ৷ বাইচিক ধেমালিকে কলোং--
-- দুজনি পালে বাওৱে কথা ক' ৷ খালি পথম দিনাখনি়য়ে ইমানকে খেদালি পাছত বা আও কিমান ল মৱাৱ ৷ বাইচিয়ে নিজ' পকা জিকা গুটি নিচিনা দাঁত কেটা উলিয়াই বাওক্কতে হাঁহিলে ৷৷

☞বাস্তৱ মৰাণ

No comments

এটি লপা সেংবাদিক আও এটি চাউল চো' এজেন্ট্

( মৰাণ সকলৰ কথিত ভাষাত এক ক্ষুদ্ৰ প্ৰয়াস ) -ইঔ গেদেং খালৈ ! মবিয়লটোকো বাওকে ধয়িব নেজান'! দে দে তই এ মাইক কেটা ধ' হ' ৷ কেমেয়া ময়...

Powered by Blogger.