ভয়েশ্ব' আও ভেদেঙিৱ এজাত কাহিনী
উজনিৰ মৰাণ সকলৰ কথিত ভাষাত লিখিতঃ
ভয়েশ্ব আও ভেদেঙিৱ কাহিনীঃ
য়' ভচুথিজনি, সেষাকো নেজানিলি না কিটু আজিলেকে ৷ কিমানবা ক'ছোং আজিলেকে কামভোন শিক ৷ মতা কথা শুন' জানো? অকল আ ঘয়ে তা ঘয়ে এসোপামান লগখাই লোক কথা পাতি থাকোংতেই যায় থোত' ৷ তাতকতি কাম' কথা পাতিবিচোন ৷
মতাঅ গালি শুনি ভেদেঙিয়ে ঠাং কে বটাটো ঠেকেছিলে আও কবালে উঠিগিনি গ'লগে ৷ মতা ভয়েশ্বৰ আগত মাইকিজনিয়ে সদায় এনকাই কএ হেনো ৷ গোটেই ওচ'খনতে জানে সেঁতি মতা-মাইকি দুটা কোনে কেন'কা ৷ ভয়েশ্বই দিনটো বজালে গৈ ঘ'খন চলাইছে ৷ কিতেবা এঘুটি খাই আহি ভেদেঙিক কথাভোন বুজাইহি ৷ ভেদেঙিয়ে নুশুনে ৷
চা ঐ, আম' লআ-ছালি নাই ৷ এটিকে তুলি লং বুছিলোং তাকো নিদিলি ৷ সতিনী এজনি অনা কথাষাতৌ ভাবিবই নোৱাওং ৷ সেকানে কথাভোন ভাবিবলেকে এইছোং অাজিকালি ৷ আমি মানু দুটাহে ৷ তইও কিতেবাহে মো লগত কথা পাত' ৷ দিনটো ইমানখন বাট চাইকেল ঠেলি ঠেলি বজালে যাং, ভাগ' দুখই আহোং ৷ তই চা'পানী এবাতি নিদিলো মাত এষাকেতৌ দিব পাৱ' ৷ তো বোন্দা মুখন দেখি দেখি মো থাকিবলে মন নোখোৱা হ'ছেগেআৱ ৷
ভেদেঙিয়ে নিজ' মতাটোক নিষ্পতিকে দেখিব নোৱাই ৷ আচইত ৷ বিয়া হংতেই গন্দগুল হেনো ৷----
ভয়েশ্বই আঘ'কেবছৰ নিচিনাকে সেবছও বিহুত গছতল বিহু মাইবলে উলালে লগ'ভোন লগত ৷ এখন গাঙত নচুৱাই থাকোংতে ভেদেঙিক দেখিলে ৷ লগ' ঘগেশ্বক কথাষা ক'লে ৷ ঘগেশ্বই ক'লে চিন্তা নকইবি পতাই দিম খালিকে তই আজিয়ে মাল উঠাব লাগিব ৷ ভয়েশ্বই চিন্তা কয়ি ল'লে ৷ ডেকা ল'আ ৷ তেজ পিপিয়াই আছে ৷ সি ক'লে হ'ব ক' সেনেকে যাং বুলিলে আজিয়ে লএ যাং ক' ৷ যেনকা কথা সেনকা কাম ৷ বিহু ভগা পিছত গোটেকেটা ভেদেঙিহেত' ঘলে গ'ল ৷ ভেদেঙি লগত ঘগে কথা পাতিলে ৷ ঘগেশ্ব ভয়েশ্বত থাকি এলমানি ধুনীয়া ৷ ৰাতি হৈ আহিলে আও ছোৱালিজনিকো পলোৱাই লৈ আনিলে ৷ ভেদেঙিয়ে ঘগেশ্ব চাইকেল' কেইয়াতে বহি আহিলে ৷ ৰাতি ফু'লি মায়ি মায়ি আহি ঘগেশ্ব হেঁত ঘ' পালেহি ৷ ভেদেঙিয়ে নেজানে এটু ভয়েশ্ব না ঘগেশ্ব না কা ঘ' ৷ ইতিয়া ঘ সোমোৱা আগতে কলপাতত হেঁতক ভয়ি ধুৱাব লাগে ৷ দুইটাকে কলপাতখন ঠিয় হবলে কলে ৷ ভেদেঙিও ভয়ি থলে ৷ তাপিছত ভয়েশ্ব ৷ ভেদেঙি অবাক ৷ ই তু' ঘগেশ্বলেহে বিয়া হ'ছিলে ৷ ভয়েশ্বই কেলেহে ভয়ি ধুইছে ৷ ভেদেঙিয়ে কথাষা বুজি পাইগিনি তাতে চিঞই চিঞই কান্দিবলে লাগি গ'ল ৷ ভয়েশ্ব ভনিয়েকে তাক ভিতলে লৈ গ'ল ৷ নতুন বোৱাই ৷ সাঁ কায়িব লাগে ৰাইজক তামোল দিব লাগে সেই ৰাতিয়ে ৷ চবকে তামোল কাটি দি আহিছে বহি থকা ৰাইজক ৷ এইবাৰ ঘগেশ্বক দিব লাগে ৷ ঘগে ক'লে, এটানি দায় দুখ নধইবি দেই ৷ ভয়েশ্বক লাগে বোলা দেখিহে আনিছোং ক' তোক ৷ ভেদেঙি দাং খাই উঠিলে ৷ চুপ থাক তই মোক নেমাতিবি ৷ জল্দি থৈ আগে মোক ঘত ৷ চালা কুকুৰ তোলে বুলিহে নিজ' বাওপোৱাটোকো এয়ি থৈ আহিছিলোং ৷ কোনোমতে ৰাইজে বুজাই মেলি ভেদেঙিক চেঁচা কয়িলে ৷ অহা পিছত গুচি যাবলে' নেপায় বুলিও ক'লে ৷
তিতিয়া পাই ভেদেঙিৱ জীৱন হেনো ধঁপাত ৷ মনে নিমিলা মানু ৷ ভনিয়েকক বিয়াদিয়া পিছত ভয়েশ্ব আও ভেদেঙিৱ মাজলে কোনো নতুন মানু নাহিলে ৷ তিনিবছ' পিছতো ল'ৱা ছোৱালি নহ'ল ৷ ভেদেঙিয়ে যোৱা তিনি বছত ভয়েশ্বক বাওপাবলেকে নিশিকিলে ৷ আজিও সে যঁতটোৱ ৰছিডাল চিগুংতে জইন দিব নজনা দেখিপেনি ভয়েশ্বই গালি পাওংতেই ওচত থকা বটাটোকে ঠেকেছি ক'বালে উঠিগিনি গ'লগে ৷৷

No comments