কাকপথাাৰৰ পৰা কৈছোঁ


অতি শেহতীয়াভাৱে হোৱা দদাইদেউ অন্তেশ্বৰ মহন্ত আৰু ভাই কৰুণ মহন্তৰ হত্যাকাণ্ডই মৰ্মাহত কৰিলে ৷ স্বীকাৰোক্তিত আলফাই ক'লে যে চোৰাংচোৱাগিৰী কৰাৰ বাবেই তেওঁলোকক তিনিবাৰ জাননি দিয়াৰ পাছত হত্যা কৰা হ'ল ৷ কিন্তু স্থানীয় জনমানসত অন্তেশ্বৰ মহন্তদেৱ এজন জোতিষী আৰু সমাজকৰ্মী হিচাপেহে জনপ্ৰিয় হৈ উঠিছিল ৷ আলফা তেওঁৰ বাবে বিভিন্ন কাৰণত মুঠেও সহ্যকৰ নাছিল ৷ তেওঁৰ ঘৰৰ কাষৰ দেবেন শইকীয়াদেৱক এটা সময়ত আলফাই বিনা দুষত হত্যা কৰাটো সকলোৰে বাবে অসহ্যকৰ কথাই আছিল ৷ সমগ্ৰ অসমৰ প্ৰেক্ষাপটলৈ চালে যোৱা বহু বছৰ ধৰি সৰ্বসাধাৰণৰ আস্থা হেৰুওৱা বহু ভুল কৰি আহিছে আলফাই ৷ জনসাধাৰণৰ পৰা দূৰলৈ গৈ থকা সংগঠনটোৱে ক'ত কি কৰিব ধৰিছে যেন নিজেই গম নোপোৱা হৈছে ৷ অন্তেশ্বৰ মহন্ত অঞ্চলটোৰ যিদৰে এগৰাকী প্ৰভাৱশালী ব্যক্তি বুলি নাম অাছিল কাৰ্যতঃ সোঁৱে-বাওঁৱে ৰাইজৰ লগত সহায়-সহযোগীতাৰে জীৱন নিৰ্বাহ কৰা লোক আছিল ৷ অমায়িক কৰুণ মহন্ত এজন অতিশয় সহজ-সৰল ল'ৰা; যাক নেকি আলফাই ভুলক্ৰমে হত্যা কৰি চোৰাংচোৱাগিৰীৰ অপবাদ জাপি দিছে ৷

উগ্ৰপন্থীজৰ্জৰ উজনি অসমৰ তিনিচুকীয়া জিলাৰ বিভিন্ন স্পৰ্শকাতৰ ঠাইৰ ভিতৰত সীমান্তৱৰ্তী কাকপথাৰ অন্যতম ৷ এই অঞ্চলটোত সেনা-আলফাৰ সংঘৰ্ষ দীৰ্ঘদিনীয়া ৷ কিন্তু এই সংঘৰ্ষ যিমানেই পুৰণা নহওক কিয় আমি প্ৰত্যক্ষ কৰি আহিছো যে সৰ্বশেষত সৰ্বসাধাৰণেই যমৰ পাল্লাত পৰিব লগা এটা মৰ্মান্তিক পৰিৱেশ ৷ ১৯৯৭-৯৯ চনত আমি ভুক্তভোগী, দেখিলো কিদৰে আলফাৰ নামত নীৰিহ জনগণৰ ওপৰত পাশৱিক অত্যাচাৰ চলাই অসমৰ বিভিন্ন ঠাইৰ লগতে কাকপথাৰখনো ধ্বংস কৰি গ'ল ৷ সেই পাশৱিকতাৰ পাছত নতুনকৈ ঠন ধৰি উঠিবলৈ কাকপথাৰবাসীৰ বহু বছৰ লাগিছিল ৷ সেই সময়ত কাকপথাৰবাসীৰ দুখৰ সমভাগী হ'বলৈ কোনো নোলাল ৷ তাৰ পাছৰ পৰ্যায়তো বহুবাৰ কাকপথাৰবাসী উগ্ৰপন্থীৰ নামত জঘন্য অত্যাচাৰৰ বলি হৈ আহিছে ৷ কাকপথাৰৰ ইতিহাসত লিখা ৰ'ব মুলেশ্বৰ মৰাণ, ৰবিন মৰাণৰ দৰে নিৰ্দোষীজন কিদৰে ৰাষ্ট্ৰ সন্ত্ৰাসৰ বলি হ'ব লগা হ'ল ৷ অজিৎ মহন্তৰ হত্যাৰ ন্যায় বিচাৰি হোৱা প্ৰতিবাদক মষিমুৰ কৰিবলৈ কৰা গণহত্যাৰ কথা কোনে পাহৰিব ৷ আলফা বিচৰাৰ নামত সেনাই আজিলৈকে কাকপথাৰবাসীক শান্তিৰে জী থাকিবলৈ নিদিলে ৷

আনহাতে আলফাই পূৰ্বৰ পৰা এই অঞ্চলটোত নিৰাপত্তা অনুভৱ কৰি বাহৰ পাতি থকা কথাটো স্বীকাৰ কৰিবই লাগিব ৷ বহু সময়ত বহুবাৰ এই অঞ্চলটোত সংঘৰ্ষত আলফা সদস্য নিহত হৈ আহিছে আৰু কৰায়ত্তও কৰিছে ৷ আলফাৰে সম্পৰ্ক থকাৰ সন্দেহত কিমানজনক জীৱনলৈ ঘূনীয়া কৰিলে তাৰ কোনো হিচাপ নাই ৷ কাৰোবাৰ ঘৰ এখনত থাকিব ধৰিলে সহজ-সৰল গঞাই মানা কৰিব নোৱাৰে ৷ আলফাই দাবী-ধমক দি এই অঞ্চলত আলহী হৈ থকাৰো উদাহৰণ আছে ৷ সেনাই চোৱাংচোৱাৰ তথ্যনুসৰি অপাৰেশ্বন চলালেই আলফা থকা ঘৰখনো ধ্বংস হয় ৷ এনেদৰে ধ্বংস হোৱা, সংঘৰ্ষত ঘৰখনৰ কিশোৰলৈকে মৃত্যু হোৱা ঘটনাৰ কাকপথাৰত বহু উদাহৰণ আছে ৷ ৰাষ্ট্ৰীয়তাবাদৰ কথা কোৱাজন আলফাৰ নজৰ পৰে ৷ নক'লেও ৰাষ্ট্ৰপৰাধ ৷ ধনদাবী কৰা, চোৱাংচোৱাগিৰী কৰাৰ সন্দেহত এতিয়াও বলি হ'ব লগা হৈয়ে আছে একাংশ ৷ মুঠৰ ওপৰত এনেদৰেই কাকপথাৰৰ হাজাৰজন নিৰপৰাধী লোক দুয়োপক্ষৰ অত্যাচাৰৰ বলি হৈ আহিছে ৷

গতিকে, আমি কাকপথাৰবাসীয়ে আলফা আৰু ভাৰতীয় সেনাক অনোৰুধ কৰো যে এতিয়ালৈ আমাক অলপ শান্তি দিয়ক ৷ আমি আপোনালোকৰ বাবেই বহু বছৰ পিছ পৰি ৰ'লো ৷ পৃথিৱীখনে আমাক এৰি বহুদূৰ আগুৱাই গ'ল ৷ অন্য ঠাইৰ মানুহে আমাক পুতৌ কৰে, ভয় কৰে অসমৰে মানুহ আহিবলৈ সন্ত্ৰাসৰ আতংকময় কাকপথাৰ বুলি ৷ আমাৰ ল'ৰা-ছোৱালিবোৰক গুলিৰ মাত আৰু নুশুনাব ৷ আমিও জী থাকিব খোজো ৷ বহুত দেখিলো অসমৰ জাতীয়তাবাদ, গুলিবৰ্ষণ, বিস্ফোৰণ আৰু তেজৰ ফাঁকু ৷ যি কৰিব লগা আছে শান্তিৰে আৰু অহিংসাৰে কৰক ৷ আমাৰ দদাই-ভাইৰ অকাল মৃত্যু আমি সহ্য কৰিব নোৱাৰো ৷

৷৷জয় আই অসম ৷৷
৷৷জয় মানৱতাবাদ ৷৷

☞ বাস্তৱ মৰাণ

No comments

এটি লপা সেংবাদিক আও এটি চাউল চো' এজেন্ট্

( মৰাণ সকলৰ কথিত ভাষাত এক ক্ষুদ্ৰ প্ৰয়াস ) -ইঔ গেদেং খালৈ ! মবিয়লটোকো বাওকে ধয়িব নেজান'! দে দে তই এ মাইক কেটা ধ' হ' ৷ কেমেয়া ময়...

Powered by Blogger.