মৰাণ উপভাষাতঃ (৪)

--বাইচি তুহুত' নাতিনী ভোনে আজি-কালি ফটা জিন্স পেন পিন্ধে ৷ চা ক নিপিন্ধিলেই নহয় না কিটু বাৱ সেনকাভোন ৷ জানিছ বাইচি,  যেনো ঘ ঘ লাগে নহয় নিজ' জাতীয় মানুভোন ৷ নকলো নোৱাওং ৷ কৈয়ো ক পাং নহয় চা ক ৷

--এঁ এঁ সে'নাখন পেটুৱা লৱান্নি জানিছ হোচতেলপা সেনকা আঁঠুমুৱাতে পাঁচ চিতামান ফটা পেন এটা পিন্ধি আহিছিলে ৷ বাপেকে ফলা খয়ি এচিতা লৈকিনি কা বাপেয়ক দেখাবলে আহিছ বুলিকিনি দিলে নহয় নঙলা মুখপাই দাই দাইকে খেদা ৷ ল'ৱা গৈ খুইয়েক' ঘ পালেগে ৷ তাপাহে ককালমুৱা এডখৈ পিন্ধি আহিছে ক ৷

--জাত কথাই নহৈছে দেই বাইচি ৷ আঘ দিন নাই থকাষা, তথাবিতুনো বাৱ সিমান পালোংগেনা আমি ফটা পেন্ পিন্ধিব লগিয়া হোৱাকে ৷ জানিছ বাইছি, আম' ভনিজনিও শুনিছোংহে ক ৷ ফেঁচবুক না কিটু তাত হেনো সেনকাই ফটা পেন পিন্ধি ফটৌ দিয়ে হেনো ৷ কান্দোৱাই ক'ছে ক সে' নাখন ৷ আহক বোছুং নঙলা মুখপাই খেদিম ৷

--নেখেদাবি নেখেদাবি ৷ বুঝাই চাবি পথমতে ৷ তিতিয়াও যদি নুবুজে খং দেখুৱাবি ৷ আজি কালি লৱাভোনো কমতি বোছনা ৷ ক'ত কিটু কয়ি পেলাবগে ঠিকনাই নাই ৷ বুঝাভোনে বুঝি পায় ৷ সেঁতক বুঝাবলে, নিজ' জাতীয় কাপো-কানি অলমান হ'লো পিন্ধিবলে তহঁতি ককায়েকভোনে, ছাত্ত সন্থাভোনে শিকাব লাগিব ৷ কৈ নেথাকিলে একোটো নহয় ৷ ঘত বন কয়িবলো খেনোৱক ক'ব লাগে ৷ খেনোৱে নিজে জানিকিনি নিজে কয়ে ৷ সেখাপাই কছোং চা মেথাই, তহঁতিভোনে অলমানি সেঁতভোনক নিজ' কাপো পিন্ধিবলে কৈ থাকিবি মাঝে সময়ে ৷

--আমি কঙেচোন বাইচি ৷ সেঁত' মেথাত আমি সোমোৱাই দিব নোৱাওং নহয় ৷ নিপিন্ধোং বুলিলে কিটু কয়িব পায়িবি ক চোন থোতিভোনে ৷ গৈ থৈ যেনো সে ফটা পেনটোৱে পাইগে ৷

--লাহে লাহেহে হ'ব মেথাই ৷ উঠি অহা লৱা যে ৷ অনি মানুভোনে যেনকা পিন্ধা দেখে সেতিও তাকে বিচায়ে ৷

--বিচাইলেই নহ'ব নহয় বাইচি ৷ আজি চা, বড়োভোনে, মিছিংভোনে, কাৰ্বিভোনে চৱে নিজ' নিজ' জাতীয় কাপো পিন্ধে ৷ কলেজলেকে দখনা পিন্ধি যায় ৷ আমি মৱাণ বুলিগিনি কিটু থাকিলেগে কচোন ৷ গিটেইভোনেতু বেয়াই পাই পিন্ধিবলে ৷

--সেখা হয় ক হৱাখা ৷ আম' ক লৱাগোজনিক মম লাগে যে ৷ সেখাপাই ব'কে ক'বও নোৱাওং ৷

--সেইখ্খাই গন্দগোল হ'ছে ৷ নাতিনীভোনক সেনকা মম নকইবি ৷  চল পাই ৷ তহঁতভোন' কথা শুনিব ৷ বুজাবি ৷ ডায়েক লোকভোন পিন্ধি চৱ বৰ্বাদ দিলে আৱ দেই হে হৰি ৷

--পটলংটোনো মুঠেই বেয়া নহয়েচোন হ'ৱাখা ৷ খালি ময়ো ভাবোং সে আঁঠুমোৱাত কি কাৱণে ফালি ল'ব লাগে ৷ কুকুৱে বখলিয়ালে নিচিনাহে লাগে ৷

--সেষাই বাইছি মৱাণ বুলি নিজ' নিয়ম-নীতি নবচালে, নিজ' কাপোসাজ নবচালে এদিন আমি পস্তাব লাগিব ৷ কুকুৱে বখলিওৱা পেন তৌ পন্ধিলেই, কাইলে বাইচি সেতি বাঘে বখলিওৱা চোলা পিন্ধিব ৷ তিতিয়া নাতিনী সেতক মম কয়িবি আৱ কিমান কৱ' ৷

--তিতিয়া আৱ আমি পিৰিক কে মুখতে পিত্ হে পেলাই দিম আৱ ৷ ৰঙাকে ৷

No comments

এটি লপা সেংবাদিক আও এটি চাউল চো' এজেন্ট্

( মৰাণ সকলৰ কথিত ভাষাত এক ক্ষুদ্ৰ প্ৰয়াস ) -ইঔ গেদেং খালৈ ! মবিয়লটোকো বাওকে ধয়িব নেজান'! দে দে তই এ মাইক কেটা ধ' হ' ৷ কেমেয়া ময়...

Powered by Blogger.