বাস্তৱতা


সৰুতে ভাবিছিলো অকল চাকিয়েহে কলা ধোঁৱা সিঁচে ভিতৰে বাহিৰে
ধক্ ধক্ কৈ জ্বলি আয়ে মচি ৰখা মাটিৰ বেৰ ধূসৰ কৰে

এনে কথা স্বপ্নতে স্বপ্ন আছিল এদিন ডাঙৰ হ'ব লাগিব
ডাঙৰ মানুহ ভাল মানুহ হ'ব লাগিব আইৰ কথা মতে
অথচ ভবা হোৱা নাছিল যুদ্ধৰ সিপাৰেহে পিয়াহৰ নৈ !
স্বপ্নবোৰত কোনো দায়িত্ববোধ নাছিল
কচু-ঢেকীয়া খোৱা উশাহে নাজানিছিল বহু কথাৰ মানে
গাঁৱখনত এজন গাঁও বুঢ়া আছে তাৰ ওপৰত আমোলা-বিষয়া, চৰকাৰ আৰু কিছুমান দলৰ যোগেদি নিৰ্বাচিত মুখ্যমন্ত্ৰী-প্ৰধানমন্ত্ৰী
আমি মন্ত্ৰীক সন্মান কৰিছিলোঁ নেদেখাকৈয়ে
কিতাপত পঢ়িছিলোঁ, পাঠশালাত মহাশয়ে সুধিছিল
শিল্পী দিৱস-জ্যোতি দিৱসৰ কুইজত সুধিছিল
অসমৰ অমুক কোন, ভাৰতৰ তমুক কোন
সীমাবদ্ধতা আছিল আমাৰ

ইয়াৰ বাহিৰে জানোৱেবা কি
জানিছিলো লাচিতে মোমাই কাটিছিল
আজিৰ মেডিয়াই যদি সুধিলে হয় তেতিয়াৰ আমাক
আমি ক'লো হয় লাচিতে মোমায়েকক খুব বেয়া পাইছিল
এনেদৰেই আমাৰ ল'ৰালিৰ মনোবৃত্তি নিষ্পাপ নিস্বাৰ্থ দায়বদ্ধতাহীনতাৰ দোলনাত দুলি থাকিছিল

একেদৰে নাথাকিল দিনবোৰ
ক্ৰমশঃ ওপৰৰ আকাশখন সেউজীয়া হোৱাৰ
স্বপ্ন কিছুমানে কুটুৰিব লাগিল
বালিঅঁহীয়া মাটি, কলা মাটি জনাৰ দুৰ্বাৰ হাবিয়াস
জানিব খোজিলোঁ সময়ৰ ইতিহাস জাতীয়তা হাজাৰ শ্বহীদ শোষণ বঞ্চনা ৰাজনীতিৰ অন্ধকাৰ বাস্তৱতা !
দায়বদ্ধতা আৰু তীব্ৰ ঘৃণাত নিজকে স্পৰ্শকাতৰতাত বিলীন হোৱা দেখিলো

প্ৰত্যহ গোটেইবোৰতে কলা ধোঁৱাৰ একোটা বৃহৎ চাকি
পৰা হ'লে সৰুতেই চাকিবোৰ ছিমনীৰে মেৰিয়াই পেলালো হয়
কেনেকৈ চাওঁ আইৰ কলীয়া মুখ
কেনেকৈ দিওঁ কেঁচুৱাক গাখীৰৰ সলনি এচাকি
এন্ধাৰ এলান্ধু !

☞ বাস্তৱ

No comments

এটি লপা সেংবাদিক আও এটি চাউল চো' এজেন্ট্

( মৰাণ সকলৰ কথিত ভাষাত এক ক্ষুদ্ৰ প্ৰয়াস ) -ইঔ গেদেং খালৈ ! মবিয়লটোকো বাওকে ধয়িব নেজান'! দে দে তই এ মাইক কেটা ধ' হ' ৷ কেমেয়া ময়...

Powered by Blogger.