লাচিতগিৰি

                  ☞ _বাস্তৱ মৰাণ_

পৰিৱেশৰ সৃষ্টি হ'লেহে কোনো এটা ঐতিহাসিক ঘটনা বা আদৰ্শ পৰৱৰ্তী সময়ত প্ৰাসংগিক হৈ পৰে ৷ সমাজ সম্পৰ্কীয় এনে এটা পৰিৱেশৰ বাবে সমানে সমানে সামাজিক চেতনাসমূহ যেনে জাতীয় চেতনা, অৰ্থনৈতিক উন্নয়ণমূলক সচেতনতা তথা অন্যান্য দায়বদ্ধতা আদি জনসাধাৰণৰ মনত আন্তৰিকতাৰে জাগ্ৰত হ'ব লাগিব ৷ সাম্প্ৰতিক অসমত এনে এটা জাতি ধ্বংসী পৰিৱেশ পৰিলক্ষিত হৈছে যি পৰিৱেশৰ বাবে বাৰে বাৰে অসমভূমি দখল কৰিব খোজা মোগলক বিৰল বীৰত্বৰে বাধা প্ৰদান কৰি অসমক ৰক্ষা কৰা বীৰ্যশালী বীৰ পুৰুষ লাচিত বৰফুকনৰ প্ৰাসংগিকতা সাংঘাটিক ধৰণে আহি পৰিছে ৷

এদিনাখনৰ কথা ৷ লাচিত বৰফুকন তেতিয়া দোলাকাষৰিয়া পদত ৷ ৰজাই লাচিতক মাতি আনি ক'লে, "বঙাল শত্ৰু কাষতে আছে ৷ কেনেকৈ ছৈয়দ ফিৰোজ আৰু ছৈয়দ চালাক ধৰিব পাৰি ৷"
তেতিয়া লাচিতে উত্তৰ দিলে, "স্বৰ্গদেউৰ ৰাজ্যত মানুহ নাই নেকি? বঙালনো কি? মানুহহে ৷ আমাৰ ৰাজ্যত নোলাব নেকি তেনে মানুহ ৷ স্বৰ্গদেউ আদেশ দিবহে লাগে !"
তাৰ পাছত বঙালক ভেটা দিবলৈ লাচিতক বৰফুকন পদত অধিষ্ঠিত কৰোৱা হৈছিল ৷ লাচিতৰ উপৰোক্ত নিৰ্ভিক আৰু বীৰত্বপূৰ্ণ মন্তব্যৰ প্ৰতিক্ৰিয়াই হৈ পৰিছিল সেই সময়ৰ অসম ৰক্ষাৰ কৱচ ৷ লাচিতৰ যেনে বাক্য তেনে কাম ৷ যদি লাচিতৰ দৰে বীৰ অসমমূলুকত জন্ম নহ'ল হয় অসমৰ ইতিহাসৰ চিত্ৰপটেই সলনি হৈ গ'ল হেঁতেন সেয়া ধুৰুপ ৷ বীৰজনাৰ সেই বাক্য কেইষাৰিত অন্তৰ্নিহিত শক্তি উদ্যম আজিৰ অসমৰ বাবেও প্ৰাসংগিক ৷ কোনে দিব আজিৰ অসম ৰক্ষাৰ বাবে যুঁজৰ সঠিক নেতৃত্ব ! সেয়া এক বৃহৎ প্ৰশ্ন ৷ অসমবিৰোধী অপশক্তিসমূহৰ শীতল আক্ৰমণ প্ৰতিহত কৰিবৰ বাবে বাস্তৱ অৰ্থত লাচিতকণ্ঠী এক বীৰকণ্ঠৰ অভাৱৰ সমুখিন হৈছে মাতৃভূমি ৷ তেনে অপশক্তিৰ তীব্ৰ হেঁচাত ভাষা-সংস্কৃতিলৈকে অৱহেলিত হৈ পৰা এইখন অসমত লাচিতৰ উত্তৰ পুৰুষ হিচাপে গণ্য কৰিবলৈ থাকিলগৈ কোন ! হনুমানৰ সাহ লৈ লংকালৈ গৈ হোৱা ৰাৱণ তথা ঘৰ বিভীষণসকলে লাচিতৰ আদৰ্শক পৰিহাৰ কৰি ব্যক্তিগত লাভালাভ আৰু জনবিৰোধী নীতিৰে পৰিস্থিতি উত্তপ্ত কৰি মাতৃভূমিৰ মৰ্যাদা কাঢ়িলে ৷ অসমত প্ৰযোজ্য নোহোৱা আৰু খাপ নোখোৱা সৰ্বভাৰতীয় আইন-আঁচনিৰ আতিশয্যত অসমে বিশৃংখল জীৱন-যাপনৰ বাদে কি পালে ! সৰ্বভাৰতীয় ধৰ্মীয় ৰাজনীতিৰ বাবে আটাইতকৈ বেছি ক্ষতি হোৱা অসমৰ সামগ্ৰীক সমাজ ব্যৱস্থাত পৰিৱৰ্তন আনিবলৈ কোনো পক্ষই যেন অসমৰ্থ ৷ সেই বাবেই আজিৰ প্ৰজন্মই অসমৰ সাৰ্বভৌমত্বৰ দাবী মুক্তভাৱে উত্থাপন কৰিবলৈও ভয় কৰা নাই ৷ উগ্ৰ জাতীয়তাবাদৰ জন্মৰ আঁৰৰ কাৰণো তেনে আতিশায্যমূলক জাতীয়তাবিৰোধী নীতিসমূহেই পোনপটীয়াভাৱে জগৰীয়া ৷

যোৱাটো দশকৰ পৰা  মধ্যবিত্ত অসমীয়াই সৰ্বভাৰতীয় সমাজ ব্যৱস্থাত লীন গৈ বেছিকৈ ভাৱিব লৈছিল যে অসমৰ জাতীয়তাবাদ অমূলক আৰু স্বাধীন অসম এক অলীক স্বপ্ন মাথোন ৷ সেয়া আছিল ৰাষ্ট্ৰযন্ত্ৰৰ সফলতা ৷ কিন্তু সত্য কোনোদিন আঁৰত নাথাকে ৷ জাতীয়তাবাদী ৰাজনৈতিক পক্ষইও বিশ্বাসঘাটকতা কৰাৰ পাছত জাতীয়তাবাদৰ ভিত্তিয়েই হেৰাই গৈছিল যদিও ভেঁটি-মাটিৰ থৰকবৰক অৱস্থা স্ব-চক্ষে প্ৰত্যক্ষ কৰি, জাতীয় অস্তিত্বৰ প্ৰতি আহি পৰা ভাবুকিৰ পৰিপ্ৰেক্ষিটত স্বাভাৱিকভাৱেই আজিৰ জনগণ আঞ্চলিকতাদত বিশ্বাসী আৰু সচেতন হ'ব ধৰিছে ৷ অসমৰ সমন্বয়মূলক জনগাঁঠনি, সংগ্ৰামী ঐতিহ্য, ধৰ্মীয় ঐক্যতা, কৃষ্টি-সংস্কৃতি, জনজীৱন স্বাভাৱিকতে সুকীয়া তথা নিজস্ব আৰু উত্তৰ ভাৰত বা অন্যান্য প্ৰদেশৰ স'তে নিমিলা ৷ গতিকে ভাৰতীয় সমাজত অসম সংযুক্ত হোৱাটো অসমৰ বাবে দুৰ্ভাগ্যজনক আৰু ৰাজনৈতিকভাৱে অসমক সংযুক্ত কৰি ৰাখি সাময়িকভাৱে ৰাষ্ট্ৰীয়তাবাদৰ সংগীত পৰিৱেশন কৰিলেও পৃথকভূমিৰ প্ৰাসংগিকতা সদায় থাকিব আৰু তাৰ বাবে আন্দোলন চিৰদিন চলি থাকিব ৷ লাচিতৰ ইতিহাসে এইবোৰ কথা বৰ্তমানত অধিক প্ৰাসংগিক কৰি তোলে ৷

সাম্প্ৰতিক অসমৰ পৰিস্থিতিয়ে সঁচা অৰ্থত অসমীয়াক একত্ৰিতভাৱে আকৌ শৰাইঘাটৰ যুদ্ধলৈ মাৰবান্ধি থিয় হোৱাৰ দাবী কৰিছে ৷ বিগত দিনত অসমক নস্যাৎ কৰিবলৈ শীতল আক্ৰমণ কৰি অহা হৈছিল; কিন্তু বৰ্তমান সময়ত মুক্ত ধ্বংসযজ্ঞৰ আৰম্ভ ঘটিল ৷ ইয়াৰ মূলতে ধৰ্মীয় ৰাজনীতিৰে হিন্দুকৰণৰ লক্ষ্য আৰু আৰু হিন্দুত্ববাদীৰ এই লক্ষ্যৰ বলি হ'ব লগা হৈছে শংকৰদেৱৰ বৈষ্ণৱাদৰ্শত গঢ়ি উঠা অসমৰ সমাজ ব্যৱস্থা ৷ সৌ সিদিনা ৰামদেৱৰ শিষ্য এগৰাকীয়ে মহাপুৰুষজনাক কৰা অপমানে বহু কথা সূচালে ৷ হিন্দুত্ববাদীসকলৰ অসম হিন্দুকৰণৰ প্ৰধান অন্তৰায় হ'ল এনে বৈষ্ণৱী সমাজ ব্যৱস্থা আৰু তেওঁলোকে উপলব্ধি কৰে যে যেতিয়ালৈকে অসমীয়াৰ মনৰ পৰা নামঘৰকেন্দ্ৰীক মানসিকতাক উলিয়াই পেলাব নোৱাৰে তেতিয়ালৈকে অসমত হিন্দুত্ববাদৰ প্ৰভাৱ বিস্তাৰ কৰা সহজ নহ'ব ৷ এই কথাও জলজল পটপট যে হিন্দুকৰণ কৰিলেহে ৰাজনৈতিক পক্ষইও যুগে যুগে লাভান্বিত হৈ থাকিব ৷ সেয়ে অসমৰ ভাষা-সংস্কৃতি আজি মুক্তভাৱে বিকৃত কৰিবলৈও কুণ্ঠাবোধ কৰা নাই ৰাজনৈতিক পক্ষটোৱে ৷ চৰকাৰী বিভাগবোৰে অসমীয়া ভাষাৰ সলনি বঙালী ভাষা ব্যৱহাৰ কৰা বহু কেইটা উদাহৰণ অসমীয়াৰ জ্ঞাত ৷ প্ৰশ্ন কাকত, ভোটাৰ কাৰ্ডৰ বাকচ, নামনিৰ বৃদ্ধ পেঞ্চনৰ ফ'ৰ্ম্, হ'ৰ্ডিং, গুণোৎসৱৰ নিৰ্দেশাৱলী ইত্যাদিত বাংলা ভাষা ব্যৱহাৰ অসমীয়া ভাষাক কৰা দুৰ্ঘোৰ অপমান ৷ এনে কাৰ্য ৰাজনৈতিক পক্ষৰ চক্ৰান্ত জড়িত ৷ বাংলা আৰু অসমীয়াৰ মাজত দ্বন্দ্বময় পৰিৱেশ এটাৰ সৃষ্টিৰে ৰাজনৈতিক মুনাফাৰ লাভৰ পক্ষটোৰ এয়া কুটিল অভিসন্ধি ৷ ইফালে নাগৰিকত্ব সংশোধনী আইন-২০১৬-ৰ যোগেদি ঘৰ বিভীষণসকলে কেন্দ্ৰৰ হেঁচাত অসমৰ জনগাঁঠনিত আঁউল লগাবলৈ প্ৰয়াস অব্যাহত ৰাখিছে ৷ আইনখনৰ বাতিলৰ দাবীত অসমৰ চুকে-কোণে প্ৰতিবাদ চলি থাকিলেও বাতিলৰ বাবে চৰকাৰে সদিচ্ছা প্ৰকাশ কৰা নাই ৷ এনে এক সন্ধিক্ষণত অসমীয়াৰ হাতত ঐক্যবদ্ধ সংগ্ৰামৰ বাদে বিকল্প অস্ত্ৰ নাই ৷ সংশ্লিষ্ট চৰকাৰখনে জাতি-মাটি-ভেটি ৰক্ষাৰ সংকল্পেৰে সকল্পবদ্ধ হৈছিল যদিও জাতীয়তাবিৰোধী, জনবিৰোধী কাৰ্যকলাপেৰে ৰাইজৰ আস্থা হেৰুৱাই অসমৰ অস্তিত্বৰ প্ৰতিহে ভাবুকি মাতি আনিলে ৷

গতিকে, আজি লাচিত সোঁশৰীৰে নহ'লেও লাচিতৰ প্ৰাসংগিকতা প্ৰতিনিয়ত অনুভূত হৈছে মাতৃভূমিত ৷ অসমীয়াই কোনোদিন লাচিতৰ আদৰ্শক নাপাহৰে আৰু শেষ পৰ্যন্ত অস্তিত্বৰ যুঁজখন চলাই নিব ৷ কৰ্তব্যৰ প্ৰতি এনে সাহ অসমীয়াৰ তেজত আছে ৷ অসমৰ জনসমাজক বিক্ষিপ্ত ৰূপ দিব খোজা সৰ্বভাৰতীয় ধৰ্মীয় আৰু ৰাজনৈতিক পক্ষই মোগল আৰু বীৰ লাচিতৰ নেতৃত্বত অসমীয়াৰ সৈতে হোৱা যুদ্ধক এবাৰলে মনত পেলোৱাতো মংগলজনক হ'ব ৷ কিয়নো লাচিত অসমীয়াৰ মাজত আছে আৰু অনাদি কাললৈ থাকিব ৷

No comments

এটি লপা সেংবাদিক আও এটি চাউল চো' এজেন্ট্

( মৰাণ সকলৰ কথিত ভাষাত এক ক্ষুদ্ৰ প্ৰয়াস ) -ইঔ গেদেং খালৈ ! মবিয়লটোকো বাওকে ধয়িব নেজান'! দে দে তই এ মাইক কেটা ধ' হ' ৷ কেমেয়া ময়...

Powered by Blogger.