ঘিটিক মৰাণ হাঁয় হাঁঁয় কান্দোৱা বোৱাই গৌ বেক্
ঘিটিক মৰাণ হাঁয় হাঁঁয়
কান্দোৱা বোৱাই গৌ বেক্
: কেকাই, আচলতে বিল বোলাখন কি তা'মানে?
: তোক মই কেনেকে বুজাং দাই ইতিয়া, ৰ' ক'ছোং ৷
লেবেয়া আও চেপেনাই কথা পাতি থাকোংতেই চেপেনাঅ মানুজনি খ-ধকে আহি ক'লে,
: ঐ জাত কথাই নহৈছে যিখনহে হ'ল জানিছ' কান্দোৱাঅ বোৱাইজনি ঘিটিকে লৈ গ'ল হিনো চা ক ৷ ক'তে ময়োং মই....
: য়, সচাকে না কিটো? নেপায় নেপায় দেই ঈচৰ ৷ হৰি হৰি, হৰি হৰি ৷ -----চেপেনাই মানুজনিঅ কথাখা শুনিকিনি আচইত খালে ৷
চেপেনাঅ ঘ'পা এলমানি নিলগত কান্দোৱাঅ ঘ'টি পায় ৷ মানুজনি অনা এবছয়ে না'হৱা ৷ গোধুলি গোধুলি গেলা মদ সোপা খাই আহি এনক্কাকে মায়ে হিনো সন্দায় ৷ মানুজনিয়ে বেচেয়া কি কয়ে? কেনেকে সৈইজ' কয়ি থাকে ৷ কান্দোৱাঅ ঘ' সিপাঅটিয়ে ঘিটিক' ঘ' ৷ সি ক সন্দাই কান্দোৱাই মাইকিজনিক মায়ি থকা দিখি থাকে ৷ চিঞই থকা শুনি থাকে ৷ নোকমুখত শুনামতে ঘিটিকে এদিনাখনি কেলে মায়ে দাই বুলি শুদিবলে হেত' ঘ'লে যাংতে কান্দোৱাই ঘ'ত নাই হ'ছিলে আও মাইকিজনি লগত চতালত কথা পাতি শুদি আছিলে ৷ সেনকাতে কান্দোৱাই প'কহিচোন মাইকিজনিক নঙলা এটা ললেআও খেদায় আহিলে হিনো লাইন না কিটু মায়িছে বুলি ৷ দুইটাই তৱা-নৱা চিঙি এনক্কা ল' মায়িলে বায়িদিগি ৷ গোধুলি হ'ৱা আগতে মাইকিজনি ঘ'ট সোমাংতে ঠিকচে মায়িলে হিনো সে'নাখনি ৷
লেবেয়াই ক'লে,
:নিনিবনো কেলে ৷ সন্দায় বেচেয়া বৌজনিক মায়িয়ে থাকে ৷ ঘটিকে উধাহে কয়িলে ক সেনেকেনো ৷
সিমানতে লেবেয়াঅ বোৱাইজনি উলালেহি ৷
: য়, তোক বিচাই ফুইচোং এ'ত' ঘ'তহে আছহি তা'মানে ৷
: এঁ, এহ্ ঘটিক আও কান্দোৱাঅ মাইকিজনিঅ কথা পাতি আছোং ক ৷
: মই সে'খায়ে কং বুছুং ৷ দুইটাকে ৰাইজে ধয়ি থ'ছে হিনো ৷ ঘটিকঅ ঘ'তে বিচাৰ তয়িছে ৷ তুহুঁতক মাতিছে খ'কে ৷
:য়ে হয়না ৷ বৈ বৈ চেপেনা কাই বৈচোন যাং কি হয় ৷
গিটে চাইটাই ঘিটিকঅ ঘ'লে ল' মায়িলে ৷ মানু ভালেকিটি আছে চতালতে ৷ গাংবুআই মাঝতে বহিকিনি কথা কৈ আছে ৷
: ঘিটিকে কেলে এনকা কাম কয়িলি?
: চা ক গাং বু্আ দেঠু, এ কান্দোৱা কাইটোৱে সন্দায় এয়াক মায়ি থাকে ৷ মো ক মানুজনিলে দুখ লাগিলে ৷ সন্দায় দেখিয়ে থাকোং ৷ আকো আম' দুটাক মিছামিছি ছঁয়াও দেখি থাকে ৷ এদিন ময়ে কলোং ৷ বৌ তইনো কেলে ইমান কষ্টখন খাই থাকিব লাগে ৷ মো লগতে থাকিবি বৈ দুখিয়া হ'লো ম'মত থ'ম তোক ৷ তা পা লৈ আনিলোং ক ৷
: ঘিটিক, মো মানোজনিকো মই মায়িলে লৈ আনিবি না তই? কে'জনি মাইকি গোটাবি এনেকে তই ৷ গাংখন শান্তিত থাকক বুলিলে আমি চৱকে পথমতে বুজাব লাগিব ৷ তই কান্দোৱাক বুজাই চাব লাগিছিলে ক যেনেও এবামান ৷
গাংবুআই কথা কৈ থাকোংতেই বাটদিগি চিঞই চিঞই ধেই মানু আহিলে ৷ গিটেখনে সে'দিগিয়ে থ' লাগিলে ৷
"বাংলাদেশী গৌ বেক
গৌ বেক গৌ বেক
এই বিল বাতিল কৰক
বাতিল কৰক বাতিল কৰক"
সিমানতে সে মানুখিনি পা মানু এটা ঘিটিকঅ ঘ'ট কি হ'ছে দায় বুলি সোমাই আহিলে ৷ মানুটোৱে কি হৈছে সুদিলত কোনোবা এটিয়ে কথাষা ক'লে ৷ তিতিয়া মানুটোৱে গাং বুআক ক'লে,
: গাং বুআ কাই, দেশত কি হ'ছে খব' নাই না কিটো? এ'খন নোক' মাইকি পলোৱাই অনাখনত লাগি আছ' কেলে?
চেপেনাই লেবেয়াক হাতত ধয়িলেআও তা পা আহি পেলালে দুইটাই ৷ লেবেয়াই একোটো গমে নেপালে ৷ কেলে চেপেনাই তাক লৈকিনি আহি পেলালে ৷
দুইটাই চেপেনা ঘ'লে আহিকিনি ৰঙা ৰঙা চা'পানী দুবাতি বাকি ল'লে ৷ তা পিছত চেপেনাই ক'লে,
: ইতিয়া বুজি পালি না লেবেয়া বিলখন কি? গাংবুআই ক'ৱাষাইয়ে ক ৷
: বুজি পাইছোং হপাই এলমানি ৷
: তো বোৱাইক তই শান্তি নিদিয় দেখি মই লৈ আনিলে গোটেই গাংখনই দিগদা নহ'ব না ৷
: এহ্ বৈ বৈ কেকাই সেই বাটদিগি যোৱা মানুভোন' লগলে আমি যাং সেনেকে ৷ আমি এনেকে বহি থাকিলে কেনেকে হ'ব ক ৷ না নহয় না?
: হয় হয় ৷ বৈ বৈ যাং ৷ ঘিটিক হাঁয় হাঁয় ৷ কান্দোৱা বোৱাই গৌ বেক ৷ গৌ বেক্ গৌ বেক্ ৷
☞ বাস্তৱ মৰাণ
(বিঃদ্ৰঃ- লেখকৰ বিনা অনুমতিত লেখনিটো যদি কোনো সদাশয় ব্যক্তিয়ে প্ৰকাশ কৰিবলৈ চেষ্টা কৰিলে অপৰাধ হ'ব ৷ বৰ্তমান ছ'চিয়েল মেডিয়াত লেখনিটো লেখকৰ নামবিহীনভাৱে প্ৰকাশ কৰি আছে একাংশ ৷ সেয়া শীঘ্ৰেই বন্ধ কৰক নতু লেখকৰ নাম অন্তৰ্ভূক্ত কৰক ৷ ধন্যবাদ ৷)
এনকাকে দিলে বাও লাগে.. ক. .
ReplyDeleteThank you
Deleteবিচুতি জেনৌ
Delete