গাংখনক ভূতে পালে । জিজাই এ'বা ভোটটি কাকহে দিবি?

 


- জিজাই এ'বা ভোটটি কাকহে দিবি?

- বিবেক বোলাটোক দিব ক'ছে ক টিভিত । এদিনো দিখিয়ে নাপোৱা মানুটো কেনাটো ।


- ঈচই জিজাই সেটো মানু না কিবা? যিটোক বাও হ'ব নিচিনা লাগে সেটো মানুচক ভোট দিব কছে ক তামানে, গম পালি?

- য়.....হয়ন্নো? আমি বুজিয়ে নেপাং নহয় উই ! যিবোলো নাতি....সেনেকে কাক দিলে বাও হ'ব বাও?

- দেদায়' মা খোৱাং বুছ' না জিজাই । সি এটা পাৱটীত মই এটা পাৱটীত । ম' নো মোটোত দিব কম ক ।


সেনকাতে দেদায়েক গভেনে পালেহি

- ঐ ঐ নগা, তই বুইন্নিক ফুচুলাব আহিলিয়ে না? হেঁ....তো পাৱটীত ভোট দিব লাগে হেঁ....উঠ চিধা উঠ যা ফুত আম' ঘ পা.... উঠ উঠ উঠ


নগাই একেলয়ে নঙলা মুখ পালেগে । গভেন দদায়েকহে যিটো মানু, তা পাৱটীটোৱ কথা বেয়া ক'লেই ঘত গৈপেনি গালি পায়ি থৈ আহেগে । ইতিয়া ভোট দিয়া দিন পা'ছেহি যে এলমানিও নেখাতেই । চা' ক । মানুহ' ঘলে গ'লেই কেবাক ফুচুলুৱা হয় না । এনক্কা নেয়' মাইণ্ডেড্ না কি বোলাটি এইটি.... ক'বাত কিতেবা কোবন যে খাব ক কেবা । হেয়ামিটি এ'টি ।

নগাই অকলে অকলে ভোনভোনাই ভোনভোনাই আহি পেলালে ।


নগাহেঁত' পাৱটীটো এ'বা নুতুনকে খুলছে । থাকোংতে সিও গভেন দেদায়কঅ সে' পাৱটীটোতে আছিলে । খালিমতে মাঝতে এবা গাঙ' আলিটো নবনোৱা, লেফেনা, মিগেশ্ব', লেখেন, ঘটিকহেঁতঅ নিচিনা মানুকেটাই ঘ'-পাখনা নোপাৱাক লৈপেনি ত'কা-ত'কি হ'ল, তা পা মাতমিত নোহোৱা হৈ আছে আও সেত' পাৱটীটো পা নগাই উলাই আহিলে ।


লাহেকে ভোট দিয়া দিনটো আহিলে । নগাহেঁতে দেখিব নোৱাই গভেনহেঁতক আও গভেনহেঁতে নগাহেঁতক দেখিব নোৱাই । মুঠতে একেখনি গাঙতে ৰাজনীতি ভূতে পালে চৱকে ।


********************************

ভোট দিয়া দিনটো পা' হ'ল । ইজালো দিব আৱ । কি হ'ব কি নহ'ব গিটেখনঅ চিন্তা । খেনোৱে বোলে অমুকে, খেনোৱে বোলে তমুকে জিকিব । যেবেনা লাষ্টত ইজাল উলালেগে ।

নগাহেঁতে জাপ মায়ি‌ মায়ি গাঙ ফালি দিছে । সেতটোৱে ঝিকিলে । ইদিগি দদায়েক গভেনঅ মেথা বেয়া হৈ গৈছে । কেনেকে হায়িলে গভেনহেতঅ আঘ এমেলেটো ?

******************************

দিন পা হ'ল । গাঙলে এমেলেটো আহিলে নগাহেতঅ ঘলে আহি পাক এটি বহি থৈ যায়হি ।

গভেনে দেখি থাকে । গভেনে ক নগাহেতঅ ঘলে নেযায় । খালিমতে ক ইতিয়া তা যাং যাং লাগে হেনো তা। লাহে লাহে গভেনে নগাহেঁতঅ ঘলে ঠিকছে যাব ল'লে । নগাঅ আঝি-কালি সময় নাই । এমেলে লগত ফুৱে । এদিন নগাই ঘত আছে বোলা শুনি পায়পেনি গভেনে নগাহেতঅ ঘলে ল' মায়িলে । গৈপেনি কং নকং কে নগাক ক'ব বিচাইলে---

- নগা, মই আঝিকালি আম' পাৱটীটো এয়িলোং নহয় ।
-য়ে দেদাই কেলে এয়িলি ক ?
- কিটো কয়োং নো ইতিয়া সেটো পাৱটিত...
- সেষাও হয় হ'ৱাষা ।
- হায়ি ক নগা, তুহুতঅ পাৱটীটোতে..... সোমাম বুলি ভাবিছোং....
-এ দেদায় কেলে চিন্তা কয়িছ' ম' আছোং নহয় তই চিন্তাই নকইবি দেদায় ।

গভেনে কথা কংতে ঘামি গ'ছিলে । 'যাং ইতিয়া সেনেকে বাকীখিনি পিছত পাতিম' বুলিপেনি গভেনে খ'ধ'কে বাহিয়লে আহি ডিঙিত থকা গামোছাখনে বাওক্কে ঘাম মুচি বিচি বিচি টুৰটুৰাই ঘ'দিগি পোনালে

(বিঃদ্ৰঃ- পাৱটী -পাৰ্টী)

-বাস্তৱ মৰাণ

No comments

এটি লপা সেংবাদিক আও এটি চাউল চো' এজেন্ট্

( মৰাণ সকলৰ কথিত ভাষাত এক ক্ষুদ্ৰ প্ৰয়াস ) -ইঔ গেদেং খালৈ ! মবিয়লটোকো বাওকে ধয়িব নেজান'! দে দে তই এ মাইক কেটা ধ' হ' ৷ কেমেয়া ময়...

Powered by Blogger.