যৌৱন বিদ্ৰোহ



তোমাৰ হৃদয়ৰ ভূখণ্ড বিচাৰি
বিদ্ৰোহী হৈ উঠিছে মোৰ যৌৱন

গৰিলা কুচকাৱাজত আৱেগৰ বান ঢৌৱাই উঠিছে
ঢেৰেকণি-ধুমুহাত প্ৰত্যহ অশান্ত গুলপীয়া-মেৰু

সাৰ্বভৌমত্ব দাবী কৰা নাই কোনোদিন হৃদয়ৰ নামত
উশাহক নষ্ট কৰাৰ পৰিকল্পনা কৰা নাই প্ৰণয়ৰ নামত
এখন গুলাপফুলৰ বাগিচাৰ সপোনতহে উৰে কলিজাত লাল পতাকা

কোনোদিন কোনো পৰীক্ষাত জিকিব নোৱৰা হৃদয়েও সপোন দেখে ৷ পেটত গামোচা বন্ধা জাৰৰ ৰাতিও ৰোমাঞ্চভাৱত থৌকিবাথৌ জোনাকী পৰুৱা

বিদ্ৰোহী হৈ উঠে যৌৱন

তোমাৰ হীমশুভ্ৰ হৃদয়ত উঠি বগাব খোজো উশাহৰ দুৰ্গম পাহাৰ ৷ ভোকৰ বিপক্ষে যুদ্ধ ঘোষণা কৰি মোকলাই আনিব খোজো ভোক-কাৰাগাৰৰ হাজাৰজন ভোকাতুৰ কয়দীক ৷ মাটিত মাটি ৰঙৰ স্থায়ীত্ব ৰক্ষাৰ দুৰ্বাৰ হেঁপাহ ৷

তোমাক তাজমহলৰ সপোন দেখুৱাব নোৱাৰিম ৷ অভগাই নাজানে কোনো মাৰ্বল স্বপ্ন উপপাদ্য ৷ কলিজাৰ উপত্যকাত সামুদ্ৰীক ধুমুহা বলিলে নিজক দেৱাললৈ ৰূপান্তৰ কৰাৰ নিৰন্তৰ প্ৰয়াস অৱশ্যেই ৷

ঘাঁহ মৰা তুমি বহি থকা সেই বিলাসী শিলটো ধ্বংস কামনা কৰো ৷ তুমি নষ্ট কৰা ফুলৰ বাগিচাবোৰ জী উঠাটো বিচাৰো ৷ ভোকৰ স্বৰবৰ্ণ শিকিবলৈ ফুটপাথ অথবা বস্তিবোৰ পৰিভ্ৰমণ আৰু নিৰীক্ষণ কৰাটো একান্তই কামনা কৰো ৷ আৰু কি নিবিচাৰো..
প্ৰেম-ভালপোৱা, স্বদেশ-স্বজাতি, মাটি আৰু মানুহ সম্পূৰ্ণ

আৰু নক'লো সকলো কথা..
তোমাৰ হৃদয়ৰ ভূখণ্ড বিচাৰি
বিদ্ৰোহী হৈ উঠিছে মোৰ যৌৱন
চেনেহৰ বাবে ৷

☞ বাস্তৱ

No comments

এটি লপা সেংবাদিক আও এটি চাউল চো' এজেন্ট্

( মৰাণ সকলৰ কথিত ভাষাত এক ক্ষুদ্ৰ প্ৰয়াস ) -ইঔ গেদেং খালৈ ! মবিয়লটোকো বাওকে ধয়িব নেজান'! দে দে তই এ মাইক কেটা ধ' হ' ৷ কেমেয়া ময়...

Powered by Blogger.