আমাৰ শব্দবোৰত তেজ নাই বল নাই


জাতীয় সংগীতৰ কোৰাচ বাজি উঠিলে
অন্তৰাত্মাত এজাক স্বাধীন পক্ষীৰ কলৰৱ শুনো
মইটো মই তইটো তই হৈ উঠাৰ সেউজীয়া অলপ দেখোঁ

কোৰাচ শেষ হ'লে শেষ নহয় সমাহিত আৱেগ
বাজি থাকে বাজি থাকে বাজি থাকে ৰেলৰ চিঞৰ
ক'লৈ যায় নিশাবোৰক বিদায় দি তেজপিয়া ৰেলবোৰ

মোৰ মাটি মোৰ মান বুলি হুলস্থূল কৰি থাকিলোঁ
চকুবোৰত কলা ফিটা বান্ধি বণিক গুচি যায় লুটি
আমাৰ শব্দবোৰত তেজ নাই বল নাই

টুপ দিলেই পাহৰি যাওঁ জাতিৰ গান মাটিৰ মান
টুপ খাই খাই প্ৰত্যহ আমাৰ পেটবোৰত মেদ

ককায়ে কয়
জী থাকিলেই জানো হয় জী থকা
বুকুৰ ভিতৰত কিবা থাকিলে চিঙি যোৱা পথাৰৰ আলিবোৰ বান্ধিবা

আৰু আমিবোৰে পাহৰি যাওঁ কৰ্ষণ বিদ্যা
সেয়ে আমাৰ মাটিডৰাত শেনৰ ইমান চকু ৷

👉 বাস্তৱ

No comments

এটি লপা সেংবাদিক আও এটি চাউল চো' এজেন্ট্

( মৰাণ সকলৰ কথিত ভাষাত এক ক্ষুদ্ৰ প্ৰয়াস ) -ইঔ গেদেং খালৈ ! মবিয়লটোকো বাওকে ধয়িব নেজান'! দে দে তই এ মাইক কেটা ধ' হ' ৷ কেমেয়া ময়...

Powered by Blogger.