কি বিচাৰি চলাথ কৰো আমি
ভাল পোৱাৰ পৃথিৱীঃ

উলোটাকৈ সৰে আটাইবোৰ সৰাপাত
আজি-কালি
নতু ই কি; স্বপ্নৰ বিকল্প !

অভাৱৰ বাবেই বুকুত বিষ ৷
গৰজি উঠে ৷
এটা অতীত আছিল
তাকে সোঁৱৰি বিষবোৰ বৰটুপ হয়

সকলোবোৰ কথা অথবা
সকলোবোৰ ভাৱনা একেই হোৱা হ'লে
শীতল পৃথিৱীখনৰ বাবে ভাল আছিল
নহ'ল ৷ সেয়ে হুলস্থূল বাঢ়িছে ৷

দ' গাতবোৰ পুতিব লাগে
অথচ দ'কৈ খানিব লাগে কুঁৱা পানীৰ বাবে ৷
প্ৰত্যহ কুঁৱাৰ বাবে কোনেও নমৰে
দ' গাত বাটে-ঘাটে কোনেও নেদেখে

প্ৰাৰ্থনাৰ বাবে সাজিৰ হোৱা শাৰীটোৰ
বিশৃংখলতাই ভক্তৰ ভক্তি সূচালে
কোনেনো ভাবিলে হৃদয়েৰে কিয় এই আয়োজন

...ভোকৰ বাবেই
সময়ক সাজ পিন্ধাব লাগে ৷
ন-কৈ ফুল ফুলিব খোজা পৃথিৱীখন
কিয়নো ৰবৰ পুৰা ৰবৰ পুৰা গোন্ধোৱাব লাগে!

☞ বাস্তৱ মৰাণ

No comments

আৰ্জেন্টিনাৰ সাগৰ শুকাই যোৱা ভাইৰেল ভিডেঅ' সত্য নে ?

  আৰ্জেন্টিনাৰ সাগৰ শুকাই যোৱা ভাইৰেল ভিডেঅ' সত্য নে ? আৰ্জেন্টিনাৰ Punta Mogotesত সাগৰ শুকাই যোৱাৰ দাবীৰ আঁৰৰ আচল ৰহস্য ফাদিল ৷ শেহতীয়...

Powered by Blogger.