নিয়ৰঃ

আৰু কিছুদিন পিছতে নিয়ৰ সৰিব
আগৰ দৰেই থাকিবনে ভিজা ভিজা আৱেগ

সেউজীয়া পাতবোৰত নিয়ৰবোৰে উমলিব
মন গলেই জাপ দিব তললৈ টুপকৈ
শেষ নিশা কাষৰ গছবোৰত ঝৰঝৰাই চিঞৰিব

কুঁৱলিয়ে বাট ভেটি ধৰিব
জেওৰাবোৰৰ কলা ৰংবোৰ গলিব
দুবৰিবোৰে ৰেইন ডান্সত ব্যস্ত হৈ পৰিব ৷

ধানৰ পাতবোৰেৰে নিয়ৰে বগাই বগাই
ডাৱনিবোৰক খুব জোকাব
ভৰিৰ কোমল আঙুলিত বনজেতুকাৰ ৰং চতিয়াব
ফৰিঙৰ জাকবোৰ গা ধুৱাই
বেলি উলালেই ক'ৰবালৈ দৌৰি পলাব নিয়ৰ ৷
................
................
নিয়ৰে এনেকৈয়ে গীত গাই ফুৰে গাঁৱত
প্ৰতিবাৰেই হাইতাল উছাহ

এইবাৰো নিয়ৰ ফুলিব
পথৰ পুৰণি গছবোৰ নাপালেও
সকলো আবিৰ ফালি মুকুতা সিঁচিব
গীত গাই আহি গাঁৱৰ ৰং শুকুলা কৰিব

আশা কৰো
গীত হ'ব নাচ হ'ব নাঙঠ সময়ৰ চোতালত
উশাহে হাঁহিব ৷




No comments

আৰ্জেন্টিনাৰ সাগৰ শুকাই যোৱা ভাইৰেল ভিডেঅ' সত্য নে ?

  আৰ্জেন্টিনাৰ সাগৰ শুকাই যোৱা ভাইৰেল ভিডেঅ' সত্য নে ? আৰ্জেন্টিনাৰ Punta Mogotesত সাগৰ শুকাই যোৱাৰ দাবীৰ আঁৰৰ আচল ৰহস্য ফাদিল ৷ শেহতীয়...

Powered by Blogger.