চুমা

চুমা এটাই চতিয়াই থৈ গ'ল বসন্ত
হাতৰ পৰা ওঁঠলৈ
দুচকুৰ পৰা উশাহলৈ
এতিয়া বাজি থাকে
শূণ্যৰ দুপৰত দুপৰীয়া বাঁহী
জোৰা দিয়া হৃদয়ত
ৰিমঝিম ৰাগী
ইমান অৱশ বেলাতো
ইমান আৱেগ ভৰি উঠে
এহেজাৰটা সপোনৰ গজালি গজে
সেই বাবেই তোমাৰ কথা কওঁ
অনিনাদিত সুৰেৰে কওঁ বেলিচুৰি সন্ধ্যাক
শীতক খেদি দিয়া
গ্ৰীষ্মক মাতি আনা
সকলো ঠিকে থকাৰ পাচতো এদিন
নিৰৱধী যেন লগা বসন্ত সময় উকলি যায়
সূৰ্যই যিদৰে গছ কটা সাধুবোৰ এৰি যায়
সেয়েহে সাঁচি থ'ব লগা হয় বিষাদেৰে
সোঁৱৰণিৰ অভিধানত আৰু এটি নাম----
চুমা-বসন্ত ৷
No comments