নষ্টালজিয়াঃ

দুৰ্বলতাক নিমন্ত্ৰণ জনাই
এটা সম্পৰ্কৰ স'তে শেষ কথা পাতিলো

বহু প্ৰতিজ্ঞাৰ বিনষ্ট কৰিলো
হাজাৰ সপোন হাজাৰ দিনৰ
আৱেগ সহস্ৰ উষ্ণ কলিজাৰ ৷

বিসৰ্জিত হ'ল ম্ৰীয়মান বৰনৈৰ সুঁতত
অযুত সুখৰ নিযুত 'দুখ'ৰ তাৰকাগনণ সম্ভাৱনা

অথচ
নিশেষ নোহোৱাকৈ ৰৈ গ'ল চা মোৰ
একাঁবেকা বাটৰ জলন্ত নষ্টালজিয়া ৷
                                                  ☞ বাস্তৱ মৰাণ


স্বপ্নভংগঃ

হেঁপাহৰ গাঁঠিত কিনো সাঁচিবা পাৰ্থ
মৃত্যুয়ে কূটি থাকে আপোনজনৰ স্বপ্ন

হে মৃত্যু
ইমানকৈ নেথেকেচিবা দুখৰ শিলত
গাৰ ৰং ধৰা আত্মীয় কাপোৰবোৰ

অন্তহীণতাত আমিবোৰহে চটফটাই থাকো !
                                                                 ☞ বাস্তৱ মৰাণ

No comments

আৰ্জেন্টিনাৰ সাগৰ শুকাই যোৱা ভাইৰেল ভিডেঅ' সত্য নে ?

  আৰ্জেন্টিনাৰ সাগৰ শুকাই যোৱা ভাইৰেল ভিডেঅ' সত্য নে ? আৰ্জেন্টিনাৰ Punta Mogotesত সাগৰ শুকাই যোৱাৰ দাবীৰ আঁৰৰ আচল ৰহস্য ফাদিল ৷ শেহতীয়...

Powered by Blogger.