ধোঁৱাবোৰে আটাইকিটা দিশে ধোঁৱাব লাগিল
পোহৰ নহ'ল ৷ আন্ধাৰতে ৷
হাইতাল সুখ বিচাৰি উশাহবোৰ উচুপি থাকে
চিঞৰে মৌন হয় আৰু এবুকু উদাসীনতাত ডুবি থাকে
তেজ ঢালি লিখা অজস্ৰ বাণী বিলাপ হয়
আৰ্তস্বৰ সহস্ৰ শুকান ৰ'দত ফাট মেলে
বৰ্তমানক সময়ে উটুৱাই নিয়াৰ বাবেই হূলস্থুল
কতখন হাই-উৰুমি, তেজৰ বাগিছা ফুলে
কোনে নাগায় গান
কোনে প্ৰতিমূৰ্তী নাসাজে
নৰচে কবিতা কোনে
স্বপ্ন-বিনোদন আৰু সীমাহীণতাৰ কেঁচা উশাহেৰে ৷
সেইবুলি ঘৰ এখন
সেই বুলি পালেঙৰ বাগিছা
আৰু যে কত শত খঁৰিকাজাই !
মৰমৰাই সৰাপাতে শব্দ কৰে আমাৰ কাণত
তাৰ পাচত নুশুনা হওঁ আমি বিচৰা আৱাজ
আমি কলা হওঁ বোবা হওঁ
কেতিয়াবা এটা মৰা শ শগুণৰ
কেতিয়াবা এটা জৰাজীৰ্ণ বাট বাটৰুৱাৰ ৷
আৰু ধোঁৱাবোৰ ধোঁৱাই থাকে একান্ত মৌনতাত ৷৷৷৷৷৷
No comments