পানীঃ

নিতাল সুৰত টুপাল সৰি আছে
ৰাতি বাবে ৰাতিটো ৰাতি হৈ পৰিছে
ঘন, উশাহ কাতৰ

টুপুক
টুপুক

সাধুকথাৰ পৃষ্ঠাৰ পৰা উঠি আহি
শুকান কাহ এটাই পানী বিচাৰি আহে

উফ্
তেতিয়ালৈ টুপালবোৰ বন্ধ হয়

ক'ৰ পৰা যে আহে পানী
ক'লৈ যে যায় শুকাই

কালি কাহটোৱে পানীৰ স'তে ৰজা-ৰাণী খেলিছিল ৷
কচুপাতত লৈ ফু মাৰি ভাপ কৰি পেলাইছিলি
তামুল ঢকুৱাত বহাই টানি লৈ ফুৰিছিল
অথচ ভবা নহ'ল পানী সপোনৰ দৰে শুকাই যায় ৷
কেঁচা পাতৰ দৰে ৷ ফুলৰ দৰে ৷

শুকান কাহ এটাৰ দৰে
পানীয়ে বিনাই
পানীয়ে ডেওপাৰে ৷
মৰাসূঁতিত ফুলে পানীৰ দুৰ্দিন
কেউপিনে মেঘ নাই নৈ অথবা জুৰি

পানীৰ আৰ্তস্বৰ কোনেও নুশুনিলে
কলহবোৰ বিনোদনৰ স্বৰলিপিত হাত বুলাই থাকোতেই
চটফটাই থাকিল পানী কাতৰতাৰ বিলখনত ৷





No comments

এটি লপা সেংবাদিক আও এটি চাউল চো' এজেন্ট্

( মৰাণ সকলৰ কথিত ভাষাত এক ক্ষুদ্ৰ প্ৰয়াস ) -ইঔ গেদেং খালৈ ! মবিয়লটোকো বাওকে ধয়িব নেজান'! দে দে তই এ মাইক কেটা ধ' হ' ৷ কেমেয়া ময়...

Powered by Blogger.