ভাষা সংকট বিষয়কঃ

বৰাক উপত্যকাৰ এজন অসমীয়া ক'ব নজনা বন্ধুৱে কৈছিল, "অসমত বঙালী ভাষা হ'ব লাগে আৰু এদিন হ'বলৈ গৈ আছে ৷ অসমীয়া বুলি একো ভাষা হ'ব নালাগিছিল ৷ চৱ বঙালীৰ চুৰি হয় ৷ ইতিহাসেও তাকে কয় ৷ আমি এদিন বঙালী কৰি পেলাম চৱ" ৷৷ --এই ভিত্তিহীণ কথা কেইটা শুনাৰ পাচত বন্ধুজনৰ লগত আমাৰ তামাম তৰ্ক হয় ৷ এনে লাগিছিল ইয়াক ভগবানে কিয় আজিলৈকে উঠাই নিয়া নাই ! সি মাথো হাঁহি তাচ্ছিল্য কৰি থাকিল ৷ আকৌ কয়, "জানো তুমি এনেকৈয়ে তৰ্ক কৰিবা ৷ কিন্তু সঁচা কথা" ৷৷ --বোলে সঁচা কথা! শেষত আমিও ক'লো, ভাল কথা যে আমি বাহিৰত কথা পাতি আছো ৷ অসমত হোৱা হ'লে তোমাৰ এই কথাখিনিৰ প্ৰতিক্ৰিয়া বেলেগ হ'ল হেঁতেন ৷

এতিয়া কথা হ'ল, সি বাৰে বাৰে কৈ থকা "সঁচা কথা"খিনি কোনোবা অসমীয়াই মানি ল'বনে? কোনেও নলয় ৷ বাঙালীসকল স্বভাৱতে টেঙৰ মানুহ বুলি নাম এটা আছে ৷ চাওক, লিপিৰ কথাটো ৷ ইউনিক'ডত অসমীয়া(কামৰূপী) লিপি বুলি আজি একো নাই; আছে বাংলা লিপি বুলি আৰু জনাজাত হৈ পৰিল অসমীয়া বাংলা লিপিতহে লিখা হয় ৷ কথাষাৰ সত্য হ'ব নালাগে ৷ ভাষাৰ ইতিহাসে দেখুওৱা অনুসৰি বাংলা লিপিটো প্ৰকৃতাৰ্থত কামৰূপী লিপি বুলি নামংকিত "হ'ব লাগিছিল" ৷ বাংলা আৰু অসমীয়া ভাষা দুয়োটা কামৰূপী লিপিৰ অন্তৰ্গত ৷ কিন্তু চতুৰ বাঙালী সকলে ইউনিক'ডত লিপিটো বাংলা লিপি বুলি প্ৰতিষ্ঠা কৰিলে ৷ (এইবিষয়ে কেইবছৰমান আগত 'অকব' গোটত বাৰুকৈয়ে চৰ্চা চলিছিল) ৷ অসমীয়াই একো তলকিবই নোৱাৰিলে ৷ বহুত শেহতীয়াকৈ কেইজনমান অসমীয়াই এই বিষয়ত অৱগত হৈ ইউনিক'ডৰ লগত যোগাযোগ কৰিছিল ৷

কিছুদিন পুৰ্বে ফেচবুকৰ এটা সাহিত্য গ্ৰুপত এটা বাংলা শব্দক কেন্দ্ৰ কৰি কিছু সমালোচনা হৈছিল ৷ এটা বাংলা শব্দ; যিটোৰ প্ৰতিশব্দ অসমীয়া অভিধানত বহুলভাৱে উপলব্ধ ৷ গ্ৰুপটোৰ প্ৰশাসকৰ লগতে বিভিন্নজন সদস্যই শব্দটোৰ এনে ব্যৱহাৰৰ বিৰোধীতা কৰাৰ পাছতো মূলতঃ বাংলাভাষী সেই লেখকজনে ভুল স্বীকাৰ নক'ৰিলে ৷

অবৈধ বাংলাদেশীৰ প্ৰবজনেও বাৰুকৈয়ে অসমীয়া ভাষাৰ সংকটৰ সৃষ্টি কৰিছে ৷ চৰকাৰী অনুগ্ৰহ লাভ কৰি বসতি স্থাপন কৰা এইসকল অনাঅসমীয়াই কোনোকালে অসমীয়া ভাষাৰ প্ৰতি টান অনুভৱ নকৰে বৰঞ্চ নিজৰ ভাষাৰ আঁকোৰগোজ ব্যৱহাৰে অসমীয়া জনজীৱনৰ লগতে ভাষাৰ ক্ষেত্ৰটো আঁউল লগোৱাৰ পূৰ্ণমাত্ৰাই গেৰেন্টি ৷

গতিকে চাওক, অসমীয়া সমাজখন চাৰিওফালৰ পৰা যিদৰে হেঁচাৰ সন্মুখিন হৈছে ঠিক তেনেকৈ ভাষাটোও সুৰক্ষিত নহয় ৷ কেৱল বাংলা বুলিয়েই নহয় ভাষাটোক চেকা সানিব পৰা যিকোনো অপশক্তিৰ আগ্ৰাসন আৰু প্ৰভাৱী ৰূপ অসমীয়াই চিনিব শিকাৰ সময় সমাগত ৷ অসমীয়া ব্যাকৰণিক আৰু আভিধানিক ভাষাৰ ইতিহাস মানেই হেমচন্দ্ৰ বৰুৱা ৷ হেমচন্দ্ৰ বৰুৱাৰ সহিতে সমসাময়িক কেইজনমান পণ্ডিতে ভাষাটো উদ্ধাৰৰ নিমিত্তে যি কৰি গ'ল অসমীয়াই তাকো সুৰক্ষা দিব নিশিকিলে কাললৈ খাৰখোৱা অসমীয়াৰ ধোদৰ স্বভাৱটোৰ ইতিহাসৰ পাতত ৰৈ যাব; যি কথা জানি অনাগত প্ৰজন্মই বিলাপ কৰিব ৷

☞ বাস্তৱ মৰাণ
moranbastov.blogspot.com

No comments

এটি লপা সেংবাদিক আও এটি চাউল চো' এজেন্ট্

( মৰাণ সকলৰ কথিত ভাষাত এক ক্ষুদ্ৰ প্ৰয়াস ) -ইঔ গেদেং খালৈ ! মবিয়লটোকো বাওকে ধয়িব নেজান'! দে দে তই এ মাইক কেটা ধ' হ' ৷ কেমেয়া ময়...

Powered by Blogger.