নাৰী বনাম পুৰুষঃ

নিৰাপত্তাহীণতাত ভূগি
মোৰ প্ৰদেশৰ নাৰীয়ে কয়
ইয়াৰ পাচত কোন

হ'ব পাৰেনে ইয়াৰ পাচত
এজন ধুনীয়া পুৰুষ

সমস্বৰে সৱে নোৱাৰে বুলিয়ে ক'ব
নাৰীয়ে জানে নাৰী এটা সভ্যতাৰ বিবেক
এই বোধ নাৰীৰ জাগতিক সৰলতা
আৰু সৰলতা মানেই দুৰ্বলতা হ'বই বা কেনেকৈ
যিহেতু নাৰীয়েও পাৰে বাট ভেটি পুৰুষক
বলাৎকাৰ কৰিব

দায়িত্ববোধ এখিনি লৈ
নাৰী নিজ কক্ষত জী থাকে
ঘৰ তৰে নাৰীয়ে
সমাজ সাজে

সেয়ে কোনোদিন খবৰ কাকতত নোলায়
পুৰুষ ধৰ্ষিত হোৱাৰ কথা
ধৰ্ষণৰ নামত নাৰী কাৰাবন্দী হোৱাৰ কথা ৷


☞ বাস্তৱ মৰাণ

No comments

আৰ্জেন্টিনাৰ সাগৰ শুকাই যোৱা ভাইৰেল ভিডেঅ' সত্য নে ?

  আৰ্জেন্টিনাৰ সাগৰ শুকাই যোৱা ভাইৰেল ভিডেঅ' সত্য নে ? আৰ্জেন্টিনাৰ Punta Mogotesত সাগৰ শুকাই যোৱাৰ দাবীৰ আঁৰৰ আচল ৰহস্য ফাদিল ৷ শেহতীয়...

Powered by Blogger.