৷৷কথাবোৰ যেতিয়া কেৱল কথা৷৷

অৰণ্যৰ জুপুৰিবোৰত ফুট গধূলি জ্বলি থকা
ধিমিক-ধামাক পোহৰৰ দৰে
উশাহ কিছুমান চুবুৰীত খেলি থকা দেখো
লুইতত মুখ চাব নোৱৰা শৰালি জাকৰ নিনাদ শুনো
এইবুলি দুখে চুমে মুখৰ মাত---
তেওলোকৰ সজল অনুভূতিত ৰাখিব পৰা নাই নিজৰ নাম

তেনেকৈয়ে চেতনাৰ বৰষুণজাকে তিয়ালে অৱচেতন শৰীৰ
আৰু আত্মযাপনৰ কথাটো গুমৰি থকা ডাৱৰ এখিনি হ'লগৈ

কথাটো বৰ বেছি ঘূৰণীয়া
লাহে লাহে গাঢ় হৈ আহিল আত্মবিভোৰতা
সাৰেং এজাকৰ নীড়মুখী উৰণেৰে গুচি গ'ল সমব্যথা

কথাষাৰ মনলৈ আহিলে ভাবো---
এতিয়াও আওপুৰণি হোৱাগে' নাই কথাটো ৷

☞ বাস্তৱ

(2014)

No comments

এটি লপা সেংবাদিক আও এটি চাউল চো' এজেন্ট্

( মৰাণ সকলৰ কথিত ভাষাত এক ক্ষুদ্ৰ প্ৰয়াস ) -ইঔ গেদেং খালৈ ! মবিয়লটোকো বাওকে ধয়িব নেজান'! দে দে তই এ মাইক কেটা ধ' হ' ৷ কেমেয়া ময়...

Powered by Blogger.