শিৰোনামহীণঃ
                                       ☞বাস্তৱ মৰাণ
নপুংসক ৰাতিবোৰতকৈ
সৰল আৰু শীতল কবিতা থাকেনে

ঔ-বাৰীৰ আন্ধাৰ নিজানত
সেই কবিতাকে গাই ফুৰে জিলিয়ে

এনে ৰাতি আন্ধাৰৰে ফাঁকু খেলি
সেউজ-হাইতাল ৰঙে
 আত্মজাহৰ বঁকিয়াইদি উজাই গৈ গুণগুণাই থাকে
 হাজাৰটা উশাহৰ সপোন সংগীত--------

'স্ব-বিসৰ্জনত জ্বলি উঠা অস্থি-মজ্জা
ছাঁইফুল হৈ উৰক
ভালপোৱা হৃদয়ৰ ঐয়াঙে-দৈয়াঙে' ৷

(2014)

No comments

এটি লপা সেংবাদিক আও এটি চাউল চো' এজেন্ট্

( মৰাণ সকলৰ কথিত ভাষাত এক ক্ষুদ্ৰ প্ৰয়াস ) -ইঔ গেদেং খালৈ ! মবিয়লটোকো বাওকে ধয়িব নেজান'! দে দে তই এ মাইক কেটা ধ' হ' ৷ কেমেয়া ময়...

Powered by Blogger.