ভুক্তভোগীৰ কলা এপৃষ্ঠাঃ

১৯৯৮-৯৯-ত ভাৰতীয় সেনা বাহিনীয়ে উজনিত যি অত্যাচাৰ চলাইছিল তাত আমাৰ বৃহৎ পৰিয়ালটোও ভুক্তভোগি হ'ব লগা হৈছিল ৷ মনত আছে ৷ কিদৰে চোতালত তল পেট কৰি শুৱাই দৌতা-দদাইহঁতক ফলা খৰিৰে মাৰি জীৱনৰ বাবে ঘূনীয়া কৰি পেলাইছিল ৷ অকালতে সেই অত্যাচাৰৰ বাবেই এজন ককাই জীৱন হেৰুৱালে ৷ দৰদহীণ সেনাই তিৰোতাৰ ওপৰত হাত উঠাবলে'ও কেৰেপ নকৰিলে ৷ শিশু-বৃদ্ধ বুলি নেৰিলে ৷ কেৱল আলফাৰ নামত ৷
.
আলফাৰ বহু সংখ্যক সদস্যৰ দৈনিক সমাগম ঘটিছিল আমাৰ ঘৰখনত ৷ মাহজুৰি জিৰণি লৈছিল ৷ আমাৰ ঘৰৰ মানুহে মাথো অতিথিক অাপ্যায়ন কৰাদি কৰি গৈছিল ৷ তেওঁলোকৰ বন্দুক-বাৰুদ লানি লানি কৈ সজাই ৰাখিছিল ৷ বন্দুকলৈ স্বাভাৱিকতে সকলোৱে ভয় খাই যদিও তেওঁলোকৰ লগত এটা আত্মিক সম্পৰ্ক গঢ়ি উঠাৰ বাবেহে থকা-খোৱাত কোনেও মানা কৰা নাছিল ৷ যিহেতু আমাৰ সম্পৰ্কীয় এজন খুৰা আৰু এজন মামাও দলত আছিল ৷ মতা-মাইকী ইমান সংখ্যক আলফা একেলগে দেখিছিলো ৷ সেয়া সৌভাগ্য নে দুৰ্ভাগ্য আছিল আমাৰ ?
.
আলফাৰ পৰা আমাৰ ঘৰখনে একো বিচৰা নাছিল আৰু ভৱিষ্যতেও নিবিচাৰে ৷ সেনাৰ অত্যাচাৰৰ পিছত মাথো এটাই বিচাৰিছিল যে এবাৰ খবৰ লওক কিমান জঘন্যভাৱে ঘৰখন ঠানবান কৰি গ'ল ৷ নাই কোনেও নল'লে ৷ সেয়াই আলফাৰ স্বাৰ্থপৰতা ৷ যিখন চৰুত বছৰজুৰি খালে সেই চৰুক বিপদত পাহৰিলে ৷ তথাপি আমি সোঁ-শৰীৰে লগ পোৱা আলফা সদস্য সংঘৰ্ষত মৃত্যু হ'লে অাত্মাৰ সদ্গতি কামনা কৰো ৷
.
তেনে চিনাকী অজস্ৰ সংঘৰ্ষত ঢুকাল ৷ কোনোবাই সমৰ্পণ ৷ আকৌ এদলৰ যুদ্ধ বিৰতি ৷ ছালফা শব্দটো এটা উপযুক্ত শব্দ কিন্তু অতি ঘিন লগা ৷ ব্যক্তিগতভাৱে আমাৰ আটাইতকৈ ঘৃণা উপজে এসকললৈ ৷ মন কৰিব; কোনো ঠিকা ভিত্তিৰ কাম, খেতিৰ নামত দুখীয়াক উচ্ছেদ কৰি মাটিৰ বেদখল, স্থানীয় ক'ম্পেনী আদিত এইসৱৰ দাদাগিৰি চলি আছে ৷ এইসকলেই হ'ল নেৰ'মাইণ্ডেড সাৰ্বভৌম বিচৰা একালৰ আলফা ৷ যুদ্ধবিৰতিৰ সোপাকতু চৰকাৰে বিলাস-বিনোদনেৰে পংগু কৰি পেলালে ৷ চৰকাৰী প্ৰদত্ত স্বাধীন বিলাস এৰি শক্তি আছে নেকি যুদ্ধ বিৰতিৰ কোনো কেদাৰ হাবিলৈ উভতি গৈ ল'ৰি ঢাপৰি আমাৰবোৰৰ ঘৰত এটুপি পানী খুজিব? নাই তেনে শক্তি নাই ৷ আৰু আহিলেও আমি পানী দিম ৷ কিন্তু এটা স্বত্ব থাকিব ৷ তেওঁ ল'ৰি ঢাপৰি ফুৰাতকৈ ঘৰলৈ আকৌ উভতি যাওক আৰু ককাই-ভাইৰ আগত দেখুওৱা গুণ্ডাৰাজ এৰি অসমীয়া সমাজৰ অন্যান্য সংস্কাৰৰ দিহা কৰকগৈ ৷ তেতিয়া আমাৰ দৰে নিৰ্যাতিত পৰিয়ালবোৰে স্বৰ্গতো শান্তি পাব ৷

No comments

এটি লপা সেংবাদিক আও এটি চাউল চো' এজেন্ট্

( মৰাণ সকলৰ কথিত ভাষাত এক ক্ষুদ্ৰ প্ৰয়াস ) -ইঔ গেদেং খালৈ ! মবিয়লটোকো বাওকে ধয়িব নেজান'! দে দে তই এ মাইক কেটা ধ' হ' ৷ কেমেয়া ময়...

Powered by Blogger.