সঁচাসচি মৱাণ বোৱাইঃ

ঈচৰই বাই জাত কথাই নহয় দেই; সেত' ঘ'খনত সেন'কাখন ঘটি আছে না কিতো!  ময়িহে থাকোং দেই ঈচ' ৷ নেপায় নেপায় ৷ শাহুৱেকজনি কিহে পালে বুছুং ক? নিজেতৌ ককালত পিন্ধেই আকো বোৱায়েককো পিন্ধাব বিচাইছে না ৷

যিখনহে ভোনভোন ভানভান চলিছে একেদিন গাংখনত ৷ দিনেশ্ব মাষ্ট মাইকীজনি হেনো পাগলি হছে ৷ নিজ' জাতিয় নিয়মভোন গিটেভোন এয়িলে ৷ মেখেলাও হেনো ককালত পিন্ধে ৷ তেহানি দিনতে গাঙ' মানুহ' লগো এয়িলে ৷ মানুহে কোৱা মতে মাষ্ট মাইকি বুলি অহংকা হছে খাব পাওং লব পাওং বুলি হিনো ৷

লখিমী বোৱায়েক এজনি আছে ৷ এমে-বিয়েড ডিগ্গী না কিটো থকা হিনো ৷ ল'ৱান্নি বাও বুলিয়ে কছোং আৱ ৷ মাতে কথাই এলমানিও বেহাদই নহয়ে মুঠেই ৷ শাহুৱেকে গাঙ মানুভোন' লগ কেহানবাই এয়িলে; খালি এ বোৱায়েকজনিয়ে সেভোন নেমানে ৷ চব লগতে সমানে সমানে চলে ৷ বুইমুঠি কাম' পা তেলনি বিয়া চবলে যায় ৷ সেকানে মানুভোনে বিচুতি বাও পায় ৷

লাহেকে দুবছই হ'লগে আও ঘ'খনত বোৱাইন্নি অহা ৷ ল'ৱা এটি হছিলে হৱাখা ৷ তেৰাসব দিষ্টি নপৈলে হপাই ৷ নেথাকিলেগে ৷ তা পা ইতিয়ালেকে ল'ৱা নাই ৷ শাহুৱেকে সেষা লৈকিনিয়ে ৰাবন গালি পায়ে ৷ বোৱায়ে পায়েমানে কান্দে ৷ সেখানো তা কথা না চা ক ৷ ল'ৱা নহৈছে ক আকো ৷ তাতে বুলিলো সেনেকে গালি পায়ে না ৷ ডাক্ট উচলে যোৱা কথা ক'ব লাগে না যখিনী, খেতনি বুলি গালি পায়িব লাগে বাৱ ৷

সদায় সেনকা খেত' গালি বোৱায়েকে কিমান শুনে ৷ আজি শাহুৱেকে অইন' এজাতকে গালি পৱা শুনিকিনি বোৱায় মুখখনো খোল খাই গ'ল ৷ শাহুৱেকে কছে হেনো তুহুতি বুকত মেখেলা পিন্ধ, মো নিচিনা ককালত পিন্ধিবলে নিশিকিলি ৷ কি মানিছ' আজিলেকে আম'ভোনক ৷ সে প'ণি দিনতহে সেভোন পিন্ধিছিলে মানুহে ৷ আজি যুগ' মানুভোনে ককালত পিন্ধে চৱে ৷ আমক নেমান নহয় সেভোনে পাপ লাগিছে তুহুত ৷ সাঁত জনমলেকে তুহুত পেটত একো নহয় ৷

বোৱায়েক' ধইয্য পা হৈ গ'ল ৷ লাগি গ'ল সিও ৷ আই তুহুতি বুকত পিন্ধা দেখি আমক দায় লাগিছে নুবুলিবি ৷ এটো আম' মৱাণ মানুহ' নিয়ম ৷ মো মাও পিন্ধে, মো বাইচিও পিন্ধে ৷ নিজ' জাতিয় নিয়মত কাপো পিন্ধিছোং ৷ সেষা পাপ নেলাগে ৷ যদি বুকত পিন্ধিলে পাপ লাগে, সেষাপাই যদি আম লৱা নহয় সেনেকে আমি সাঁত জনমলেকে লৱায়ে নিবিচাওং ৷

খা বাপেকে ৷ দুজনিয় তেমাম দন ৷ কোনে কিতু ক'য় ৷ ইতিয়া উচ' মানুভোন' ঘ'ত সেত' কথাই চলি আছে ৷ বুকত পিন্ধা, ককালত পিন্ধা ৷ কিচ্ ন' ৷ বোৱাইটি মানিছোং বুছু ক সেষা ৷ এনকা মানুভোনে জাতিটোক বচাই থৈছে না নহয় বুছ' না !



☞ বাস্তৱ মৰাণ

No comments

এটি লপা সেংবাদিক আও এটি চাউল চো' এজেন্ট্

( মৰাণ সকলৰ কথিত ভাষাত এক ক্ষুদ্ৰ প্ৰয়াস ) -ইঔ গেদেং খালৈ ! মবিয়লটোকো বাওকে ধয়িব নেজান'! দে দে তই এ মাইক কেটা ধ' হ' ৷ কেমেয়া ময়...

Powered by Blogger.