স্তৱকঃ
১)
গুচি যাম বহুদূৰলৈ
এই অভিমানক স্বীকাৰ নকৰে কোনোদিন
সময়ে
মই অসুখি বাবেই
সময় মোক লৈ সুখি নহয় ৷
২)
তোমাৰ চকু দুটা সোণ পৰুৱা
হৃদয়খনো চাগে স্ফটিক, পানী মুকুতা !
হৃদয়ৰ বিজ্ঞাপন দি নুফুৰিবা
ফুঁচফুচাই আমাৰ কাণত জনাব পাৰা
জীৱন আৰু ভালপোৱাৰ কথা ৷
৩)
এডোঙা নুশুকুৱা হেঁপাহ
এডিঙা নুবুৰা মৰম
কাংকান ঐ
তাকৈ লৈ খেতি কৰিম আহা
জীৱন আৰু ভালপোৱাৰ ৷
৪)
সোঁৱৰণিত মই নাথাকো
উশাহটো বতাহ হোৱালৈ
ৰৈ থকা এজোপা ফুলাম কৃষ্ণচূড়া ৷
৫)
মৃত্যু মোৰ কামনা নহয়
শূণ্যতাইহে কুটুৰি থাকে জীৱনক ৷
হাড়লৈকে চুবাই চুবাই কি পালো
নিৰৰ্থকতাৰ এচিকুত আফিং মাথো ৷
৬)
পাত সৰাদি ফাগুণৰ
সপোন সৰে হৃদয়ৰ
সংকট নৈত ভাহি থাকে
উশাহৰ কলভুঁ
উৰি ৰয়
জ্বলন্ত সময়ৰ নিৰৱ-নিতাল নিচান ৷
৭)
মোৰ কলিজাৰ দোৱাৰ ঢকিয়াই সোঁৱৰণিবোৰে ক'লে
তুমি উভতি আহিলে বহাগতো ফুল বাচি সজাই থ'ম তোমাৰ পদূলি তুমি ভালপোৱা আহিনৰ নিয়ৰেৰে...
বহাগ শেষ হোৱা নাই ৷ মই গৈ আছো হে' মোৰ এৰি অহা দিনবোৰ, মোৰ প্ৰিয় হাইতাল সুগন্ধী মোক ঘূৰাই দিবা নে !!!
৮)
ধুনীয়াখিনিকলৈ অহংকাৰী ছোৱালিবোৰে নাজানে
ভোক কি
ভালপোৱা কি
সেই বাবেই ভাল পাব নোৱাৰে
আমাৰ দৰে ভোকাতুৰক ৷
৯)
"ভালপোৱাক বিদায় জনাই
বহি আছো এচটা শুকান শিলত
ন-শিকাৰু এজনি ছোৱালিয়ে আহি ক'লে--
ব'লা আমি মাছ ধৰো ভালপোৱাৰ ৰঙীণ বিলত ! "
১০)
আক্ষেপ নাথাকে;
অনাকাংক্ষীত উদযাপন কিছুমানে
সৰি সৰি শেষ হ'ব ধৰা জীৱনৰ
টুপ্ টুপ্ টুপালবোৰ
সখীয়তি দুহাতেৰে চুৰি কৰিলে ৷
১১)
নদীৰেই বা অৰ্থ কি
উপনৈক বিয়া পাতি পাতি
কেৱল বৈ বৈ সাগৰত ৷
এনে বহু উপনৈ-চেনেহ লৈ
আমিও গৈ থাকো
অৰ্থ-অৰ্থহীণতাৰ মায়া-মোহনাৰে ৷
১২)
জোন নেহেৰাই
আঁউসীৰ আন্ধাৰেহে পোহৰ ঢাকে ৷
অক্সিজেন টানি কিমান সময় পানীত কটাব পাৰি তাৰেই হিচাপ সঠিক হ'লে আন্ধাৰ গুচি পোহৰৰ জাক জখলা বগাই নামে ৷
১৩)
ৰ' লগা দিনবোৰ
গধূলি হ'ল বাগিচাত
সপোনক আৰু কোনে কুটুৰি থাকে !
মাটি চহাই ৰুলেও শইচ্ নগজে ৷
১৪)
শিতানৰ গাৰু উলোটাই শুৱলে'
কাকো নেদেখো সপোনত...
দিনৰ পোহৰতহে
আবেলি এটাই ধান বানি থাকে
বিৰহৰ ঢেকীশালত ৷
১)
গুচি যাম বহুদূৰলৈ
এই অভিমানক স্বীকাৰ নকৰে কোনোদিন
সময়ে
মই অসুখি বাবেই
সময় মোক লৈ সুখি নহয় ৷
২)
তোমাৰ চকু দুটা সোণ পৰুৱা
হৃদয়খনো চাগে স্ফটিক, পানী মুকুতা !
হৃদয়ৰ বিজ্ঞাপন দি নুফুৰিবা
ফুঁচফুচাই আমাৰ কাণত জনাব পাৰা
জীৱন আৰু ভালপোৱাৰ কথা ৷
৩)
এডোঙা নুশুকুৱা হেঁপাহ
এডিঙা নুবুৰা মৰম
কাংকান ঐ
তাকৈ লৈ খেতি কৰিম আহা
জীৱন আৰু ভালপোৱাৰ ৷
৪)
সোঁৱৰণিত মই নাথাকো
উশাহটো বতাহ হোৱালৈ
ৰৈ থকা এজোপা ফুলাম কৃষ্ণচূড়া ৷
৫)
মৃত্যু মোৰ কামনা নহয়
শূণ্যতাইহে কুটুৰি থাকে জীৱনক ৷
হাড়লৈকে চুবাই চুবাই কি পালো
নিৰৰ্থকতাৰ এচিকুত আফিং মাথো ৷
৬)
পাত সৰাদি ফাগুণৰ
সপোন সৰে হৃদয়ৰ
সংকট নৈত ভাহি থাকে
উশাহৰ কলভুঁ
উৰি ৰয়
জ্বলন্ত সময়ৰ নিৰৱ-নিতাল নিচান ৷
৭)
মোৰ কলিজাৰ দোৱাৰ ঢকিয়াই সোঁৱৰণিবোৰে ক'লে
তুমি উভতি আহিলে বহাগতো ফুল বাচি সজাই থ'ম তোমাৰ পদূলি তুমি ভালপোৱা আহিনৰ নিয়ৰেৰে...
বহাগ শেষ হোৱা নাই ৷ মই গৈ আছো হে' মোৰ এৰি অহা দিনবোৰ, মোৰ প্ৰিয় হাইতাল সুগন্ধী মোক ঘূৰাই দিবা নে !!!
৮)
ধুনীয়াখিনিকলৈ অহংকাৰী ছোৱালিবোৰে নাজানে
ভোক কি
ভালপোৱা কি
সেই বাবেই ভাল পাব নোৱাৰে
আমাৰ দৰে ভোকাতুৰক ৷
৯)
"ভালপোৱাক বিদায় জনাই
বহি আছো এচটা শুকান শিলত
ন-শিকাৰু এজনি ছোৱালিয়ে আহি ক'লে--
ব'লা আমি মাছ ধৰো ভালপোৱাৰ ৰঙীণ বিলত ! "
১০)
আক্ষেপ নাথাকে;
অনাকাংক্ষীত উদযাপন কিছুমানে
সৰি সৰি শেষ হ'ব ধৰা জীৱনৰ
টুপ্ টুপ্ টুপালবোৰ
সখীয়তি দুহাতেৰে চুৰি কৰিলে ৷
১১)
নদীৰেই বা অৰ্থ কি
উপনৈক বিয়া পাতি পাতি
কেৱল বৈ বৈ সাগৰত ৷
এনে বহু উপনৈ-চেনেহ লৈ
আমিও গৈ থাকো
অৰ্থ-অৰ্থহীণতাৰ মায়া-মোহনাৰে ৷
১২)
জোন নেহেৰাই
আঁউসীৰ আন্ধাৰেহে পোহৰ ঢাকে ৷
অক্সিজেন টানি কিমান সময় পানীত কটাব পাৰি তাৰেই হিচাপ সঠিক হ'লে আন্ধাৰ গুচি পোহৰৰ জাক জখলা বগাই নামে ৷
১৩)
ৰ' লগা দিনবোৰ
গধূলি হ'ল বাগিচাত
সপোনক আৰু কোনে কুটুৰি থাকে !
মাটি চহাই ৰুলেও শইচ্ নগজে ৷
১৪)
শিতানৰ গাৰু উলোটাই শুৱলে'
কাকো নেদেখো সপোনত...
দিনৰ পোহৰতহে
আবেলি এটাই ধান বানি থাকে
বিৰহৰ ঢেকীশালত ৷
No comments