Miss you শৰৎঃ

শৰতে নিয়ৰ অঁকা কহুঁৱা কেনভাচ
মিচ্ছ্ য়ু
নৈপৰীয়া সন্ধ্যাৰ চেঁচা বতাহ
মিচ্ছ্ য়ু
ৰান্ধনী বেলি, বালিমাহী হাবিয়নী
 কুঁহিপাত বুঢ়াপাতৰ লখিমী পথাৰ

মিচ্ছ্ য়ু শীতৰে সেমেকা ৰাতি
জিলিৰ মাত, ফেঁচাৰ কুৰুলি নিজান ৷
মেঘমৃত্যু আকাশ মিচ্ছ্ য়ু
তুলসীজ্বলা জোনালি বসন্ত মিচ্ছ্ য়ু

মিচ্ছ্ য়ু
কুঁৱলি বগাৰ লাই হালে-লাজে উলাহ
সূৰ্য সৰা মুকুতাৰঙী ঘাঁহনি-দূৱৰি বাট ৷





No comments

আৰ্জেন্টিনাৰ সাগৰ শুকাই যোৱা ভাইৰেল ভিডেঅ' সত্য নে ?

  আৰ্জেন্টিনাৰ সাগৰ শুকাই যোৱা ভাইৰেল ভিডেঅ' সত্য নে ? আৰ্জেন্টিনাৰ Punta Mogotesত সাগৰ শুকাই যোৱাৰ দাবীৰ আঁৰৰ আচল ৰহস্য ফাদিল ৷ শেহতীয়...

Powered by Blogger.