তিনি টুকুৰা মেঘ ঘূৰাই পঠাবাঃ
                                                

তিনিটুকুৰা মেঘ ঘূৰাই পঠাবা
শাওণৰ চিঠিখনত

খিচমিচিয়া বতাহত
কমলাওঁঠৰ চুমাবৰণীয়া হৃদয়ত

ভাগি থাকে তাঁতশালৰ ফুল-বাগিছাৰ কাঠি
ঢেকীয়াপতীয়া মনৰ মালি

তিনি টুকুৰা মেঘ ঘূৰাই পঠাবা
শাওণীয়া ৰ'দৰ জালিকটা পোহৰত
সলনাসলনি কৰিম

বাসন্তীওঁঠৰ চুমা
বাসন্তীওঁঠৰ চুমা ৷

No comments

আৰ্জেন্টিনাৰ সাগৰ শুকাই যোৱা ভাইৰেল ভিডেঅ' সত্য নে ?

  আৰ্জেন্টিনাৰ সাগৰ শুকাই যোৱা ভাইৰেল ভিডেঅ' সত্য নে ? আৰ্জেন্টিনাৰ Punta Mogotesত সাগৰ শুকাই যোৱাৰ দাবীৰ আঁৰৰ আচল ৰহস্য ফাদিল ৷ শেহতীয়...

Powered by Blogger.